ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)

(ৱিকিপিডিয়া:VPRৰ পৰা পুনঃনিৰ্দেশিত)


কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভআলোচনাসম্পাদনাইতিহাসপ্ৰদৰ্শন



সংৰক্ষিত পাঠ

সবাতোকৈ পুৰণি
সংৰক্ষণ ১
সংৰক্ষণ ২
সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)
সংৰক্ষণ ৬ (জানুৱাৰী ২০১৯-ডিচেম্বৰ ২০২১)
সংৰক্ষণ ৭ (জানুৱাৰী ২০২২-ডিচেম্বৰ ২০২২)
সংৰক্ষণ ৮ (জানুৱাৰী ২০২৩-ডিচেম্বৰ ২০২৩)
সংৰক্ষণ ৯ (জানুৱাৰী ২০২৪-ডিচেম্বৰ ২০২৪)

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এটি ৱিকি কৰ্মশালাৰ আয়োজনৰ প্ৰস্তাৱ সম্পৰ্কে আলোচনাৰ বাবে শেহতীয়া সংৰক্ষণ চাওক।

সম্পাদনা কৰক

নৱবৰ্ষৰ ৱিকি সংকল্প, ২০২৫

সম্পাদনা কৰক

নতুন বছৰৰ আৰম্ভণিতে আমি বহুতেই বছৰটোত আশা কৰা কথা বা কামৰ বিষয়ে সংকল্প ল'বলৈ চেষ্টা কৰোঁ। বছৰৰ প্ৰথম দিনটোতে নিজৰ ওচৰত এনেকৈ প্ৰতিশ্ৰুতিবদ্ধ হ'লে সেই কথাটোৱেই বছৰটোলৈ আমাক অনুপ্ৰেৰণা যোগাই থাকিব পাৰে। সেই আশাৰেই ২০২৫ চনৰ প্ৰাকক্ষণত সকলোকে একোটাকৈ ৱিকি সংকল্প ল'বলৈ আহ্বান জনাব খুজিছোঁ। অনাগত বছৰটোত আপুনি ৱিকিৰ যিকোনো প্ৰকল্পত কেনেধৰণে অৱদান আগবঢ়াব বিচাৰে সেয়া এই প্ৰস্তাৱত মন্তব্য হিচাপে যোগ দিব পাৰে। এই সংকল্পসমূহ যিমান পাৰি স্মাৰ্ট (SMART: নিৰ্দিষ্ট (Specific), জুখিব পৰা (Measurable), কৰিব পৰা (Achievable), ৱিকি সম্পৰ্কীয় (Relevant), আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত (Time-Bound)) হ'লে ভাল।

২০২৫ চনৰ বাবে মোৰ ৱিকি সংকল্প হৈছে-

  1. অসমীয়া ৱিকিমিডিয়া সমাজৰ সমৰ্থন থকালৈকে ২০২৫ চনৰ প্ৰতিমাহে অনলাইন মাহিলী ৱিকিসভা পৰিচালনা কৰি যাম।
  2. বছৰটোত ৱিকিকমন্সত কমেও ৩৬৫ খন ফটো সংযোগ কৰিম (আজিৰ তাৰিখত সৰ্বমুঠ:৭৩০)।
  3. ৱিকিৰ সকলো প্ৰকল্প মিলাই বছৰটোত অন্তত: ১০০০ টা সম্পাদনা কৰাৰ চেষ্টা কৰিম (আজিৰ তাৰিখত সৰ্বমুঠ: ১১,৮৭৭)।

-Joli Rumi (বাৰ্তা) 14:13, 14 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোৰ সংকল্প

সম্পাদনা কৰক
  1. প্ৰতিদিনে অসমীয়া ৱিকিমিডিয়াৰ যিকোনো এটা প্ৰকল্প (পাৰিলে একাধিক)ত সম্পাদনা কৰিবলৈ যত্ন কৰিম, আৰু বছৰটোত কমেও এজন ব্যক্তিক ৱিকিমিডিয়াৰ যিকোনো প্ৰকল্পত সম্পাদনা কৰাৰ শিক্ষা দিম।-Pranamikaadhikary (বাৰ্তা) 12:36, 20 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. ১ জানুৱাৰীৰপৰা অসমীয়া ৱিকিউৎসত প্ৰতিদিনে অন্ততঃ ১ পৃষ্ঠা মুদ্ৰণ সংশোধন কৰাৰ ১০০ দিনীয়া সংকল্প লৈছোঁ।- JyotiPN (বাৰ্তা) 06:11, 1 January 2025 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
  3. ২০২৫ বৰ্ষত ৱিকিপিডিয়াত নতুন প্ৰৱন্ধ সৃষ্টিৰ লগতে সম্পাদনা, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সত ফটো আপলোড কৰিবলৈ চেষ্টা কৰিম। Naruna Baruah (বাৰ্তা) 13:53, 1 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. ৱিকিপিডিয়াত বছৰটোত ৩০০ প্ৰৱন্ধ সৃষ্টিৰে ব্যক্তিগতভাৱে ১০০০ প্ৰৱন্ধৰ সীমা অতিক্ৰম কৰিবলৈ চেষ্টা কৰিম। -Nayan j Nath (বাৰ্তা) 14:13, 1 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নাৰীবাদ আৰু লোকগাথা ২০২৫ৰ আয়োজন

সম্পাদনা কৰক

প্ৰিয় স্বেচ্ছাসেৱকসকল, প্ৰতি বছৰৰ দৰে এইবাৰো আমি নাৰীবাদ আৰু লোকগাথা সম্পাদনা-মেলা আয়োজন কৰিবলৈ ওলাইছোঁ৷ নাৰীবাদ আৰু লোকগাথা হৈছে ৱিকিপিডিয়াত সাংস্কৃতিক বৈচিত্ৰ্য আৰু লৈংগিক সমতাৰ বাৰ্ষিক উদ্‌যাপন৷ এয়া হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি, লোকগাথা আৰু মহিলা বিষয়ক সমল বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাই অৱদানকাৰীসকলক স্থানীয় সাংস্কৃতিক অনুষ্ঠান, লোক-সম্পৰ্কীয় কাৰ্যকলাপ, আৰু মহিলাসকলৰ সততে অৱহেলিত কিন্তু উল্লেখযোগ্য অৱদানসমূহৰ অন্তৰ্ভুক্তিকৰণৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। এই প্ৰতিযোগিতা ৱিকি লাভছ্ লোকগাথা (WLF) অভিযানৰ এক অবিচ্ছেদ্য অংশ। বাকীসমূহ ভাষাৰ দৰে এইবেলিও অসমীয়া ৱিকিপিডিয়াই উক্ত প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২৫-ৰ পৰা ৩১ মাৰ্চ ২০২৫-লৈ চলিব। আশা কৰিছোঁ, আপোনালোকে উক্ত প্ৰতিযোগিতাত অংশ লৈ প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তুলিব৷

প্ৰতিযোগিতাৰ বাবে ইতিমধ্যেই এটা প্ৰকল্প-পৃ্ষ্ঠা সাজু কৰা হৈছে৷ চাবলৈ ইয়াত ক্লিক কৰক৷ গোলকীয় পৰ্যায়ৰ মূল পৃষ্ঠাৰ বাবে ইয়াত ক্লিক কৰক৷

আপোনালোকৰ মতামত জনাব৷ ধন্যবাদেৰে Ishanjyotibora (বাৰ্তা) 07:04, 6 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  1. সমৰ্থন জনালোঁ৷ -দিব্য দত্ত (বাৰ্তা) 09:52, 6 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. সমৰ্থন জনাইছোঁ। -Joli Rumi (বাৰ্তা) 14:05, 6 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. সমৰ্থন জনাইছোঁ। Rumi Borah~aswiki (বাৰ্তা) 14:36, 6 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4.   সমৰ্থনচাণক্য (বাৰ্তা) 20:06, 10 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. সমৰ্থন জনালোঁ। Mridul Kumar Sharmah

ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫

সম্পাদনা কৰক

ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫ ৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিপিডিয়াটো এটি এডিট-আ-থন আয়োজন কৰা হৈছে। মূল প্ৰতিযোগিতাত এগৰাকী বা দুগৰাকী আয়োজকৰ উল্লেখ থকালৈ চাই আয়োজকৰ দায়িত্বভাৰ লবলৈ ইচ্ছুক অন্য কোনো এজনক নিজৰ নাম যোগ দিবলৈ আন্তৰিক আহ্বান জনালোঁ। বিচাৰক হিচাপে অভিজ্ঞ ৱিকিপিডিয়ান দিব্য দত্তৰ সৈতে নিজৰ নাম প্ৰস্তাৱ কৰিলোঁ। ইচ্ছুক কোনোৱে মোৰ নামৰ ঠাইত বিচাৰক ৰূপে নিজৰ নাম প্ৰস্তাৱ কৰিলে ভাল পাম। প্ৰতিযোগিতাখন যিহেতু ইতিমধ্যে আৰম্ভ হৈছে, প্ৰস্তাৱ দিয়াৰ আগতে প্ৰতিযোগিতা পৃষ্ঠাটো সজা হ'ল। অভিজ্ঞসকলক প্ৰতিযোগিতা পৃষ্ঠাৰ ভুলখিনি শুধৰাই দিয়াৰ লগতে সকলোকে প্ৰতিযোগিতাত যোগদানৰ বাবে আন্তৰিক আহ্বান জনালোঁ। JyotiPN (বাৰ্তা) 19:16, 25 January 2025 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

মন্তব্য

ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ২০২৫, অসম

সম্পাদনা কৰক

ৱিকি লাভছ্ ফ'ক্‌ল'ৰ হৈছে ৱিকিমিডিয়া প্ৰকল্প (মূলতঃ Wikipedia আৰু Wikimedia Commons)ৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক বৈচিত্ৰ্যক উপভোগ আৰু উদযাপনৰ বাবে আয়োজিত এক আন্তৰ্জাতিক ফটোগ্ৰাফিক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত সকলোৱেই অংশগ্ৰহণ কৰিব পাৰে। ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ইন ইণ্ডিয়াৰ নেতৃত্বত আছে কেৰালা ৱিকিমিডিয়ান ইউজাৰ গ্ৰুপ আৰু ইয়াৰ সমৰ্থনত আছে সাহ্যা ডিজিটেল কনজাৰ্ভেচন ফাউণ্ডেচন আৰু সাহ্যা অপেন হেৰিটেজ ফাউণ্ডেচন। এই আন্তৰ্জাতিক প্ৰতিযোগিতা খনৰে দেশীয় সংস্কৰণৰ ভাগ হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ স্থানীয় ভাষাৰ ৱিকি প্ৰকল্পৰ বাবে ৱিকি লাভছ্ ফ'ক্‌ল'ৰ ২০২৫, অসম আয়োজনৰ বাবে দিহা কৰা হৈছে। যাৱতীয় খা-খৰচৰ বাবে এই প্ৰকল্পৰ হৈ জমা কৰা বাজেটৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেচনে ইতিমধ্যেই অনুমোদন জনাইছে, ইয়াত অসমীয়া ৱিকি পৰিয়ালৰো অংশীদাৰিত্ব আছে। এই প্ৰকল্পৰ বাবে সমন্বয়ক হিচাপে মোৰ লগতে দিব্য দত্তকো অন্তৰ্ভুক্ত কৰা হৈছে। বিচাৰকৰ বাবে পূৰ্বৰ প্ৰতিযোগিতাত সফলতাৰে বিচাৰকৰ দায়িত্ব পালন কৰা ৰংগুণ দত্তক পুনৰাই প্ৰস্তাৱ আগবঢ়োৱাৰ কথা ভাৱিছোঁ, লগতে অসমীয়া ৱিকি পৰিয়ালৰ হৈ জলি ৰুমী বৰাৰ নামটো প্ৰস্তাৱ হিচাপে আগবঢ়াইছোঁ।

  1. Jyoti Chiring (বাৰ্তা) 09:11, 15 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. কুমুদ ঘোষ (বাৰ্তা) 15:08, 15 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. AjayDas (বাৰ্তা) 09:25, 18 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সামাজিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক কাৰ্যসূচী

সম্পাদনা কৰক

সামাজিক/ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক এলানি কাৰ্যসূচীৰ পৰিকল্পনাৰে আৰু ৱিকিমিডিয়ান “প্ৰয়াত চন্দন চিৰিং ফুকনৰ সোঁৱৰণ’’ত অহা ২৭ এপ্ৰিল, ২০২৫ৰ পৰা ২৭ এপ্ৰিল ২০২৬ চনলৈ এক বছৰজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় খৰছ-পাতিৰ বাবে CIS-A2K লৈ আৰ্থিক অনুদানৰ প্ৰস্তাৱ শীঘ্ৰেই দিয়া হ’ব।-Pranamikaadhikary (বাৰ্তা) 08:11, 18 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • সাম্ভাব্য স্থান নগাঁও জিলা।
  • ২৭-০৪-২০২৫ ৱিকি সম্পাদক আৰু স্থানীয় লোকৰ মাজত এদিনীয়া সন্মিলন, ৱিকিউৎসৰ চমু কৰ্মশালা।
  • বছৰজোৰা অনলাইন মেণ্টৰশ্বিপ, মেণ্টিসকল ২৭-০৪-২০২৫ৰ অনুষ্ঠানত উপস্থিত থকা হ’ব লাগিব।
  • মেণ্টিৰ তিনিমহীয়া প্ৰত্যাহ্বান। প্ৰতিযোগিতা আদিত অংশ গ্ৰহণ।
  • ২৭-০৪-২০২৬ ত একেই স্থানত সামৰণি অনুষ্ঠান।

অসমীয়া ৱিকি-সমাজৰ সকলো সক্ৰিয় সদস্যৰ মতামত কামনা কৰিলোঁ।

  1. AjayDas (বাৰ্তা) 09:26, 18 February 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]