১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০  

১৮ নৱেম্বৰ (ইংৰাজী: 18 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২২তম (অধিবৰ্ষত ৩২৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলীসম্পাদনা কৰক

  • ১৭২৭ - জয়পুৰ চহৰ প্ৰতিষ্ঠা হয়। এই চহৰৰ প্ৰধান স্থপিতবিদ আছিল বংগৰ বিদ্যাধৰ চক্ৰৱৰ্তী
  • ১৯৭২ - বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখ্য যে ইয়াৰ আগতে ৰাষ্ট্ৰীয় পশু আছিল "সিংহ

জন্মসম্পাদনা কৰক

  • ১৯৮৫ চনৰ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান "দাদাচাহেব ফাল্কে" বঁটা বিজয়ী, হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ জগতৰ নিৰ্মাতা, প্ৰযোজক, অভিনেতা শান্তাৰাম ৰাজাৰাম ভানকুৰে চমুকৈ শান্তাৰাম বাপুৰ জন্ম হৈছিল ১৯০১ চনৰ আজিৰ দিনটোতে। ১৯৯২ চনত মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ তেওঁলৈ আগবঢ়োৱা হয়। মৃত্যু ৩০ অক্টোবৰ ১৯৯০ চন।
  • ১৯৫৪ - ৰঞ্জন গগৈ, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। দেশৰ সৰ্বোচ্চ ন্যায়িক পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া হোৱাৰ লগতে উত্তৰ-পূৱ ভাৰতৰো প্ৰথমগৰাকী ব্যক্তি।
  • ২০১২ চনত অসমীয়া ভাষাত "পাটকাই ইপাৰে মোৰ দেশ" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমীয়া ঔপন্যাসিক চন্দনা গোস্বামীৰ জন্ম হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে।
  • ১৯৭২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, কবি, সমাজহিতৈষী জুবিন গাৰ্গৰ জন্ম।
  • ১৯৮৪ - নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান, ভাৰতীয় অভিনেত্ৰী।

মৃত্যুসম্পাদনা কৰক

  • ১৮৮৭ - গুস্তাভ ডিওডৰ ফেচনাৰ, জাৰ্মান পৰীক্ষামূলক মনোবিজ্ঞানী, দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী।
  • ১৯২২ - মাৰ্চেল প্ৰুষ্ট, ফৰাচী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ।
  • ১৯৪১ - ৱাল্টাৰ হেৰমান নাৰ্নষ্ট, খ্যাতনামা জাৰ্মান বিজ্ঞানী। ১৯২০ চনত তেওঁ ৰসায়ন বিজ্ঞাননোবেল বঁটা লাভ কৰিছিল।
  • ১৯৬২ - নীলছ ব’ৰ, ডেনমাৰ্কৰ পদাৰ্থ বিজ্ঞানী।
  • ১৯৬৭ - ৰঘুনাথ চৌধাৰী, বিহগী কবি হিচাপে খ্যাত অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি। মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত।

দিৱসসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক