আকাশ ভৈৰৱ বা আজু ভৈৰৱৰ বিভিন্ন ৰূপৰ ভিতৰত অন্যতম ৷

আকাশ ভৈৰৱ
আকাশ

আকাশ ভৈৰৱ, ইন্দ্ৰ চক, কাঠমাণ্ডু
উৎসৱ য়েন্য

আকাশ ভৈৰৱৰ মন্দিৰটো প্ৰায় ৩১০০–৩৫০০ বছৰ আগতৰ নেপালৰ কিৰাতি ৰজা য়ালাম্বৰৰ ৰাজপ্ৰসাদ বুলি ধৰা হয়। আকাশ ভৈৰৱৰ চৌপাশক নেপালৰ নেৰ প্ৰতীক হিচাপে য়েন নামেৰে জনা যায়। নে মানে কিৰাতি ভাষাত মিডলেণ্ড অৰ্থাৎ কেইবাশ বছৰ পূৰ্বে কাঠমাণ্ডুত খান্দি উলিওৱা আকাশ ভৈৰৱৰ মস্তক ৷ বছৰত এবাৰ য়েন্য উৎসৱ উপলক্ষে এই বিগ্ৰহ উলিয়াই আনি ওচৰৰ বসন্তপুৰৰ জীৱন্ত দেৱী কুমাৰীৰ আশীৰ্বাদ দিয়াৰ ব্যৱস্থা কৰা হয়। এই অনুষ্ঠান আগষ্ট/ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হয়। অনুষ্ঠানৰ সময়ত বৃহৎ সংখ্যক উপাসক এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। পেড়া (গাখীৰৰ পৰা তৈয়াৰী মিঠাই), ফুল, টকা আৰু আন কেইবাটাও বস্তু প্ৰসাদ হিচাপে আগবঢ়ায়।[1] [2]

আন নামসমূহ

সম্পাদনা কৰক

তেওঁক নেপাল ৰজা য়ালাম্বৰ বুলিও জনা যায়, আৰু নেপালী ভাষাত আহু মানে প্ৰথম ৰজা।

দেৱতাৰে জড়িত ইতিহাস

সম্পাদনা কৰক
হিন্দু ধৰ্ম
 হিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

 ৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

আকাশ ভৈৰৱক কিৰতি ৰজা য়ালাম্বৰ বুলি কোৱা হয়। কিংবদন্তি অনুসৰি, এই ৰাষ্ট্ৰখন প্ৰতিষ্ঠা কৰা প্ৰথমজন ৰজা আছিল য়ালাম্বৰ আৰু আনকি পূব দিশে তিষ্টা আৰু পশ্চিমে ত্ৰিশুলীলৈও সম্প্ৰসাৰিত হৈছিল। তেওঁ তান্ত্ৰিক পূজাৰ জৰিয়তে ক্ষমতা লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়। মহাভাৰতৰ বিখ্যাত যুদ্ধৰ সময়ত কিৰত ৰাজবংশৰ প্ৰথম ৰজা, ভৈৰৱৰ ছদ্মবেশেৰে য়ালাম্বৰে পৰাজিত হোৱা দলটোক সহায় কৰিবলৈ যুদ্ধক্ষেত্ৰলৈ গৈছিল। যেতিয়া ভগৱান কৃষ্ণই এই কথা শুনিছিল, তেওঁ ভৈৰৱৰ সামৰ্থ্য পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছিল, জানিব পাৰিছিল যে যদি ভৈৰৱক পৰাজিত পক্ষত যোগদান কৰিবলৈ অনুমতি দিয়া হয়, তেন্তে দুয়োটা পক্ষই ধ্বংস নোহোৱালৈকে যুদ্ধ অব্যাহত থাকিব, কিয়নো কিৰাটসকল মহান চিকাৰী বুলি জনা যায় যাৰ প্ৰাথমিক অস্ত্ৰ হৈছে ধনু আৰু কাড়। সেয়েহে কৃষ্ণই চলনা কৰি ভৈৰৱক উপহাৰ হিচাপে কিবা দিব পাৰিবনে বুলি সুধিলে, কিয়নো ভৈৰৱ মহাভাৰতৰ সমাৱেশত থকা সকলো যোদ্ধাৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ আছিল, ভৈৰৱ এইকথাত সন্মত হোৱাৰ লগে লগে, কৃষ্ণই ভৈৰৱৰ মূৰটো বিচাৰিছিল আৰু তেওঁ লগে লগে য়ালাম্বৰৰ মূৰটো কাটি দিছিল আৰু আকাশৰ মাজেৰে কাঠমাণ্ডুলৈ গতি কৰিছিল, সেয়েহে আকাশ দেৱতা বা আকাশ ভৈৰৱ হিচাপে এই নামটো দিয়া হৈছিল।

বিগ্ৰহ চিত্ৰণ

সম্পাদনা কৰক

আকাশ ভৈৰৱক বৌদ্ধ ধৰ্মৰ প্ৰতিমূৰ্তিত প্ৰায়ে উগ্ৰ মুখৰ বৃহৎ নীলা মূৰ, প্ৰকাণ্ড ৰূপালী চকু আৰু মূৰৰ খুলি আৰু নাগৰ মুকুটেৰে চিত্ৰিত কৰা হৈছে। দেৱতাৰ মূৰটো সিংহ ৰূপৰ সিংহাসনত স্থাপন কৰা হয়, দুয়োফালে ভীমসেন (ভীম) আৰু ভদ্ৰকালী থাকে। মূৰ্তি মুখখনে কুৰুক্ষেত্ৰলৈ যোৱাৰ পথত ৰজা য়ালাম্বেৰে পিন্ধা মুখাখনক প্ৰতিনিধিত্ব কৰে বুলি বুজা যায়। ইন্দ্ৰচোক মূৰ্তিৰ বৈশিষ্ট্য বৌদ্ধ ধৰ্মৰ বহু মূৰ্তিতকৈ কিছু সাধাৰণ।

‘আকাশৰ দেৱতা’ আকাশ ভৈৰৱকো নেপালীসকলে মহাৰ্জন জাতি বিশেষকৈ কৃষক গোটৰ পূৰ্বপুৰুষ হিচাপে গণ্য কৰে। আকাশ ভৈৰৱৰ মূৰৰ ছবিটোক বৌদ্ধসকলে বুদ্ধ বুলি, আৰু হিন্দুসকলে ব্ৰহ্ম বুলি চিনাক্ত কৰা এটা প্ৰতিচ্ছবি, এইদৰে য়ালাম্বাৰ/আকাশ ভৈৰৱৰ মূৰ্তিটোক সকলোৱে পূজা কৰে। [3]

পৰম্পৰাগত আকাশ ভৈৰৱ পূজাৰ সৈতে উপাসনা আৰু অনুস্থান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ বাবে পবিত্ৰ পানী, চন্দন, ফুল, ফল, ধূপ, আৰু নৈবেদ্য আদিৰ প্ৰয়োজন। কিংবদন্তি অনুসৰি ভৈৰৱৰ পূজা সাধাৰণতে নিৰাপত্তা আৰু শক্তিৰ চিন। নেপালীসকলৰ কল্পনাত আকাশ ভৈৰৱ জাতি আৰু জনসাধাৰণৰ প্ৰতি সুৰক্ষা আৰু সদিচ্ছাৰ প্ৰতীক।

ধৰ্ম, জাতি, মানুহ, বিশ্বাস, আস্থা আৰু পৰম্পৰাগতভাৱে ধন্যবাদ প্ৰদৰ্শন ভৈৰৱ পূজাৰ এই প্ৰকাশত আন্তঃগাঁথনি স্বৰূপ হৈ আছে। আকাশ ভৈৰৱক জীৱন-তত্ত্ব বুলিও বিশ্বাস কৰা হয়। ভৈৰৱ পূজা আৰু মন্দিৰত ইয়াৰসাংস্কৃতিকতা দেখা যায়। ই উপসমহৰৰ সাংস্কৃতিক ব্যক্তিত্বৰ এক বৃহৎ প্ৰমাণ হিচাপে থিয় দি আছে। ইন্দ্ৰ যাত্ৰাৰ সময়ত আঠ দিন ধৰি মন্দিৰত উৎসৱ উদযাপন কৰা হয় লগতে মন্দিৰ আৰু দেৱতাৰ শোভা বঢ়োৱা হয়। ইয়াৰ পিছত তান্ত্ৰিক পূজা, সগুণ পূজা, কল পূজা আদি কৰা হয়। উপাসক আৰু দেৱতাক এক অনন্য ‘পাৰস্পৰিক’ গতিশীলতাত একেলগে ধৰি ৰখা হৈছে। [4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগসমূহ

সম্পাদনা কৰক
  •   ৱিকিমিডিয়া কমন্সত আকাশ ভৈৰৱ সম্পৰ্কীয় মিডিয়া ফাইল।