এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

সংৰক্ষিত পাঠ

সবাতোকৈ পুৰণি
সংৰক্ষণ ১
সংৰক্ষণ ২
সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)
সংৰক্ষণ ৬ (জানুৱাৰী ২০১৯-ডিচেম্বৰ ২০২১)

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

বন্ধুসকল, আপোনালোকে হয়তো জানে যে ভাৰতত ৱিকিমিডিয়াৰ কাম-কাজ পৰিচালনা কৰা CIS-A2K সংস্থাই প্ৰতি বছৰে ভাৰতীয় ৱিকিমিডিয়ানসকলৰ উচ্চতৰ প্ৰশিক্ষণৰ বাবে Train the Trainer নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰে। এই বছৰৰ Train the Trainer অনুষ্ঠানৰ স্থান বাছনিৰ বাবে তেওঁলোকে আবেদন আহ্বান কৰিছে। বয়সৰ ফালৰ পৰা অসমীয়া ৱিকিপিডিয়া পুৰণি হ'লেও আমি আজিলৈকে ৰাষ্ট্ৰীয় স্তৰৰ একো ৱিকি অনুষ্ঠানৰ আয়োজন কৰা নাই। এই বছৰ TTT আয়োজনৰ সুযোগ পালে ই হয়তো অসমীয়া ৱিকি প্ৰকল্পসমূহক অহা কেইবছৰৰ বাট দেখুওৱাত সহায় কৰিব আৰু আন ৰাজ্যৰ ৱিকিমিডিয়ানসকলৰ সৈতে মিলিত হৈ আমি অধিক কামৰ বাবে উৎসাহ লাভ কৰিম। তলৰ লিংকটোলৈ গৈ এই অনুষ্ঠানৰ সবিশেষ জানিব পাৰিব। সেই পৃষ্ঠাতে এই বছৰৰ TTT আয়োজনৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আবেদন কৰা হৈছে। আগভাগ ল'ব পৰা কেইগৰাকীমান সদস্য যথা সদস্য:অজয় দাস, সদস্য:Nayanjyoti sarma, সদস্য:Joli আৰু সদস্য:দিব্য দত্ত-ৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। এই মন্তব্যৰ তলত আপোনালোকৰ হয়ভৰ বা আন পৰামৰ্শ জনাবলৈ নাপাহৰিব।

মেটা লিংক: https://meta.wikimedia.org/wiki/CIS-A2K/Events/Train_the_Trainer_Program/2019/Bids

— গীতাৰ্থ বৰদলৈ (talk) 11:07, 28 January 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মন্তব্য সম্পাদনা কৰক

  • এই প্ৰস্তাৱ সমৰ্থন কৰোঁ৷ অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ বিকাশ খৰস্ৰোতা কৰি তোলাৰ বাবে অসমীয়া ৱিকিমিডিয়ানসকলৰ উচ্চতৰ প্ৰশিক্ষণ আৰু অন্য ৰাজ্যৰ সক্ৰিয় ৱিকিমিডিয়ানৰ সহায়ত আমাৰ ভৱিষ্যত কাৰ্য্যপন্থা থিৰ কৰাটো জৰুৰী হৈ পৰিছে৷ ইয়াৰ বাবে সাধ্যানুসৰি সহযোগ কৰি দিবলৈ সাজু৷ অসমীয়া ৱিকিমিডিয়া সমাজৰ বাকী সদস্যসকলো আগবাঢ়ি আহিব বুলি আশা কৰিলো৷-জলি বৰা (talk) 13:04, 28 January 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কৰ্মশালা সম্পৰ্কে প্ৰস্তাৱ সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়াই জনাইছে যে লকডাউন শেষ হ’লেই অসমৰ বিভিন্ন জিলাত ৱিকিপিডিয়াৰ কৰ্মশালা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ ল’ব। অসম সাহিত্য সভাই কলেজ সমূহৰ সৈতে যুতীয়াভাৱে এই কামটো কৰিব। তেওঁ কোৱামতে আমি বিভিন্ন জিলাত থকাসকলে নিজ নিজ জিলাত নতুন মানুহখিনিক শিকাবলৈ দায়িত্ব ল’ব লাগে।

আমাৰ ৰাইজে বিষয়টো আলোচনা কৰক।

নতুন শিতান সংযোগ সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

যোৱা ৮ এপ্ৰিলত হোৱা অনলাইন আলোচনাত ৱিকিপিডিয়াৰ বেটুপাতত প্ৰতিমাহে শীৰ্ষৰ ৱিকিপিডিয়ান কেইগৰাকীৰ বিষয়ে ছবিসহ চমু টোকা একোটা লিখাৰ কথা আলোচনা কৰা হৈছিল। কিন্তু ৱিকিপিডিয়াত যিহেতু আত্ম প্ৰচাৰৰ ক্ষেত্ৰত কিছু বাধা আছে, সেয়ে এই শিতানটো ৱিকিপত্ৰিকাতে সংযোগ কৰাৰ প্ৰস্তাৱ আগবঢ়ালো। দিব্য দত্ত  (বাৰ্তা) 08:17, 26 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মন্তব্য সম্পাদনা কৰক

  1. সমৰ্থন জনালোঁ৷Pallabi Dutta.Baruah (বাৰ্তা) 18:47, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Protected আৰু Semi Protected পৃষ্ঠা সম্বন্ধে সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

অসমীয়া ৱিকিপিডিয়াত Protected আৰু Semi Protected পৃষ্ঠা নাই বুলিবই পাৰি। সেহতীয়াকৈ 'অজিৎ বৰুৱা স্মৃতি ন্যাস'ৰ সহযোগত অজিৎ বৰুৱাদেৱৰ পৃষ্ঠাটো যথাসম্ভৱ সাল-সলনি ঘটোৱা হ'ল। অসমীয়া ৱিকিপিডিয়াত আজিৰ তাৰিখলৈকে থকা আধুনিক অসমীয়া সাহিত্যিকসকলৰ পৃ্ষ্ঠাসমূহৰ ভিতৰত অজিৎ বৰুৱাদেৱৰ পৃষ্ঠাটোৱেই পূৰ্ণাংগ আৰু নিৰ্ভৰযোগ্য বুলিব পাৰি। ইংৰাজী ৱিকিপিডিয়াৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী আদি ব্যক্তিসকলৰ পৃ্ষ্ঠাসমূহ হয় Protected নহয় Semi-protected. অসমীয়া ৱিকিপিডিয়াটো অজিৎ বৰুৱাদেৱৰ পৃষ্ঠাটো এনে শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি নেকি বাৰু? আপোনালোকৰ মতামত আৰু পৰামৰ্শ বিচাৰিলো। যদি সম্ভৱ তেনেহ'লে Semi-protected হ'লেও কৰি দিবলৈ অসমীয়া ৱিকিপিডিয়াৰ বিষয়ব‍বীয়াসকলক আহ্বান জনালো।হিমানী ওজা ভূঞা  (বাৰ্তা) 20:51, 5 June 2020

@হিমানী ওজা ভূঞা:সাধাৰণতে যিবোৰ পৃষ্ঠা সঘনে কোনো বেনাম সম্পাদকে সম্পাদনা কৰি প্ৰবন্ধৰ অনিষ্ট সাধন কৰে, তেনে প্ৰবন্ধসমূহ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈহে কোনো পৃষ্ঠা Protected আৰু Semi Protected কৰা হয়। পূৰ্ণাংগ আৰু নিৰ্ভৰযোগ্য প্ৰবন্ধসমূহ আমি ভাল প্ৰবন্ধ, বৈশিষ্ট্যপূৰ্ণ প্ৰবন্ধ আদিলৈ উন্নীত কৰিব পাৰোঁ। --দিব্য দত্ত  (বাৰ্তা) 18:19, 5 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আলোকচিত্ৰ প্ৰতিযোগিতা সম্পৰ্কে(২০২০) সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

প্ৰতিযোগিতাৰ সময়: ১০-১৫দিন

বিষয় সম্পাদনা কৰক

অসম বিষয়ক
ক)পৰিৱেশ সম্পৰ্কীয়(অসমৰ ফুল-ফল, জীৱ-জন্তু, গছ-লতা,পাহাৰ, খাল-বিল, নৈ-নদ ইত্যাদি)
খ) নগৰ-চহৰ, গাঁৱলীয়া জীৱনশৈলী সম্পৰ্কীয়
গ) অসমৰ উৎসৱ-পাৰ্বন, ৰীতি-নীতি, কলা-সংস্কৃতি
ঘ) থলুৱা সা-সঁ‌জুলি(মাছধৰা সঁজুলি, খেতিৰ সঁজুলি, তাঁতৰ সঁজুলি, পৰম্পৰাগত বাচন-বৰ্তন ইত্যাদি)
ঙ) বিভিন্ন কৃষিজাত সামগ্ৰী যেনে কল, ধান ইত্যাদিৰ প্ৰজাতি
চ) অসমৰ ঐতিহ্য বহন কৰা যিকোনো অনুষ্ঠান, প্ৰতিষ্ঠান, ঠাই, ভগ্নাৱশেষ ইত্যাদিৰ ফটো
ছ) যিকোনো বিৰল বিষয় বস্তুৰ ফটো ইত্যাদি

নিয়ম সম্পৰ্কীয় সম্পাদনা কৰক

  • প্ৰতিযোগীয়ে নিজেই একাউণ্ট সৃষ্টি কৰি কমন্সত ফটো জমা দিব লাগিব।
  • ফটোৰ লগত ফটো সম্পৰ্কীয় স্পষ্ট আৰু সীমিত সংখ্যক শব্দৰে বৰ্ণনা(অসমীয়া বা ইংৰাজী) থাকিব লাগিব।
  • ফটোৰ কোনো কাল্পনিক কলাত্মক নামৰ প্ৰয়োজন নাই,
  • প্ৰতিযোগীয়ে একাধিক ফটো আপলোড কৰিব পাৰিব।
  • প্ৰতিযোগিতাৰ বাবে আপলোড কৰা প্ৰতিখন ফটো অসম বা প্ৰতিযোগিতাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া শ্ৰেণীৰে সংযোগ কৰিব লাগিব॥।      

শ্ৰেষ্ঠ নিৰ্বাচনৰ বাবে ফটোৰ গুৰুত্ব, আপলোড কৰা ফটোৰ সংখ্যা, ফটোৰ গুণগত মানদণ্ড, ফটোৰ বৰ্ণনা ইত্যাদি...

বিঃদ্ৰঃ প্ৰচাৰৰ সময়ত কমন্সত একাউণ্ট খোলা, আৰু ফটো আপলোড কৰি শ্ৰেণী সংযোগ সম্পৰ্কীয় এটা ইউটিউব ভিডিঅ'ৰ লিংক দিয়া উচিত হ'ব।

মন্তব্য সম্পাদনা কৰক

সমৰ্থন জনাইছোঁ। প্ৰতিযোগিতা আৰম্ভ কৰাৰ আগে আগে কমন্সত ফটো যোগ দিয়াৰ বিষয়ে প্ৰাথমিক কৰ্মশালা এখনো কৰিলে ভাল হ’ব। --জলি বৰা (talk) 23:00, 20 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০১২ চনৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ পৰা কেইটামান পইণ্ট দিছোঁ।
  1. আলোকচিত্ৰসমূহ অসম সংক্ৰান্তিয় তথ্য প্ৰকাশ কৰা বিধৰ হ'ব লাগিব। (ওপৰত বুজাই দিয়া আছেই)
  2. আলোকচিত্ৰসমূহ নিজে তোলা হ'ব লাগিব।
  3. ছবিসমূহৰ নাম ইংৰাজী লিপিত দিলে গোলকীয় ব্যৱহাৰ কৰিবৰ বাবে সুবিধা হয়। নগাঁৱৰ ধাননি পথাৰৰ ফটো দিলে নামটো কেমেৰাত থকাৰ নিচিনাকৈ DSC002.jpg ৰ সলনি "View of a paddy field in Nagaon" জাতীয় দিব লাগে।
  4. ইতিকিং কৰা বিধৰ, যৌনতা সম্বলিত, গ্লেমাৰ ছবি, বিষয়ৰ ওপৰত পক্ষপাতী মত বহন কৰা ছবি বা সামাজিক ভাৱে অগ্ৰহণযোগ্য বিষয়ৰ ছবি দিব নোৱাৰিব। এনে ক্ষেত্ৰত মতান্তৰ হ'লে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি গ্ৰহণ কৰা হ'ব।
  5. চিত্ৰসমূহৰ আকাৰ কমেও ৬৪০ পিক্সেল (দীঘ বা প্ৰস্থ) হ'ব লাগিব। ৰিজ'লিউছনৰ বাবে বিশেষ বাধ্য-বাধকতা নাই যদিও কমেও ৭২ পিক্সেল/ইঞ্চি (এইটো ২০০ মান কৰা ভাল) হ'ব লাগিব। প্ৰয়োজনতকৈ ডাঙৰ আকাৰৰ ফাইল আপলোড নকৰিব। ভাল ৰিজ'লিউছনৰ ছবি বিচাৰৰ বাবে সুবিধা হয় হেতুকে প্ৰতিযোগীয়ে যিমানে ভাল ৰিজ'লিউছনৰ ছবি আপলোড কৰে, সিমানে ভাল।
  6. চিত্ৰৰ আপলোডৰ বাবে png, gif, jpg, jpeg, xcf, pdf, svg, djvu, tiff, tif এইকেইটাৰ ভিতৰত যিকোনো এটা এক্সটেনছনৰ ফাইল ব্যৱহাৰ কৰিব পাৰিব।
  7. ছবি ৰঙীন অথবা ক'লা-বগা হ'ব লাগিব।
  8. চকুত পৰা ধৰণে ডিজিটেল এফেক্ট ব্যৱহাৰ কৰিব নোৱাৰিব
  9. ছবিসমূহৰ দৃশ্যমান অংশত কোনো ৱাটাৰমাৰ্ক, কপিৰাইট মাৰ্ক, শিল্পীৰ নাম বা আন যিকোনো পোষ্ট-প্ৰডাকছ্‌নৰ সময়ত যোগ দিয়া অংশ থাকিব নোৱাৰিব। ছবিত থকা তাৰিখ আৰু সময়টোও আঁতৰাই দিব লাগিব। চিত্ৰখন কম্প্ৰেছ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব, যাতে প্ৰয়োজনীয় ডিটেইল্‌ছ কমি নাযায়।
  10. প্ৰতিযোগীয়ে ভাগ ল'বলৈ আগবঢ়োৱা সকলো ছবি (creative commons attribution share alike) অনুজ্ঞাৰ অন্তৰ্ভুক্ত হ'ব। আৰু এবাৰ আপলোড কৰাৰ পাছত প্ৰতিযোগীয়ে এই অনুজ্ঞা উঠাই ল'ব নোৱাৰিব। চিত্ৰসমূহ ৱিকিপিডিয়াৰ চিত্ৰ ভঁৰালত থাকিব আৰু প্ৰয়োজন বোধে অসমীয়াৰ লগতে যিকোনো ভাষাৰ ৱিকিপিডিয়াত ব্যৱহাৰ হ'ব পাৰিব।
মোৰ বোধেৰে ৫ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰ মানলৈকে পাতিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 15:21, 22 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰতিযোগিতা বিষয়ক কৰ্মশালা এখন হ'লে ভাল হয়। লগতে কিছু সুধিবলগীয়া কথাও সুধিব পৰা যাব। Das Mousumi (talk) 18:25, 22 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বহুদিন বিৰতিৰ পাছত এনে এক প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো বাৰুকৈয়ে প্ৰয়োজন অনুভৱ হৈছে। বিষ্ণু শইকীয়া 05:38, 23 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  1. আৰু এটা নিয়ম সংযোজন কৰিব পাৰি যেন বোধ হয়- আলোকচিত্ৰখন ছেলফি হ'ব নোৱাৰিব বা ফটোগ্ৰাফাৰজন নিজে যিকোনোপ্ৰকাৰে ফ্ৰেমৰ ভিতৰত উপস্থিত থাকিব নোৱাৰিব।
  2. কৰ্মশালা অনুষ্ঠিত কৰাৰ কথাটোত সমৰ্থন জনালোঁ।
  3. পুৰস্কাৰসমূহ প্ৰদান কৰিবলৈ ফাণ্ডিং কেনেকৈ কৰা হ'ব এই বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে বোধহয়। --Chandan Chiring Phukon Let's chat 16:49, 24 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  1. ফটোবোৰ কমন্সত আপলোড কৰি শ্ৰেণী সংযোগ কৰিলেই হ'ব নে অসমীয়া ৱিকিপিডিয়াত আপলোড কৰিব লাগিব সেই সম্পৰ্কে স্পষ্ট সিদ্ধান্ত এটাৰ প্ৰয়োজন।
  2. সমন্বয়ক আৰু বিচাৰকৰ দ্বায়িত্ব কাক কাক দিয়া হ'ব সেই সম্পৰ্কে আলোচনাৰ প্ৰয়োজন।
  3. পুৰস্কাৰ ইত্যাদি কি কি দিয়া হ'ব সেই সম্পৰ্কে স্পষ্ট হ'লে মেটা আৰু অসমীয়াৱিকিৰ পেজ দুখন তৈয়াৰ কৰিবলৈ সহজ হয়।

Nayan j Nath (talk) 04:53, 26 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ফটোসমূহ কমন্সত আপলোড কৰিব লাগিব। প্ৰতিযোগিতাৰ বাবে নিৰ্দিষ্ট কৰা শ্ৰেণী সংযোগ কৰাৰ উপৰিও ফটোখনৰ লগত জড়িত শ্ৰেণী সংযোগ কৰিব লাগিব। দিব্য দত্ত  (বাৰ্তা) 05:12, 26 November 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পুৰস্কাৰ সম্পাদনা কৰক

প্ৰতিযোগিতাৰ পুৰস্কাৰ তলৰ উল্লেখ কৰা ধৰণে বিবেচনা কৰি চাব পাৰে:

  • 1st Prize ( 6,000 INR ) worth Gift voucher
  • 2nd Prize ( 5,000 INR ) worth Gift voucher
  • 3rd Prize ( 3,000 INR ) worth Gift voucher
  • 4th and 5th Prize ( 2,000x2=4000 INR ) worth Gift voucher
  • 6th to 10th Prize ( 1,000x5=5000 INR ) worth Gift voucher

So, the total gift voucher amount will be 23,000 INR

  • T-Shirt = ( 600 x 10 ) = 6,000 INR
  • T-Shirt for Volunteer ( 600 x 5 ) = 3,000 INR

Total Expenses ( 23,000+6,000+3,000 ) = 32,000 INR দিব্য দত্ত  (বাৰ্তা)

বিচাৰক সম্পাদনা কৰক

বাংলা ৱিকি প্ৰকল্পৰ সদস্য ৰংগন দত্ত ডাঙৰীয়াই প্ৰতিযোগিতাৰ বিচাৰকৰ দ্বায়িত্ব গ্ৰহণ কৰিছে। যিহেতু প্ৰতিযোগিতা খনৰ বিষয় অসম গতিকে অসম বিষয়ক ফটো এখনৰ মানদণ্ডৰ লগতে গুৰুত্ব সম্পৰ্কীয় বিচাৰ হোৱাটোৱো প্ৰয়োজনীয় বুলি ভাৱো। গতিকে এই সম্পৰ্কে এজন সক্ৰিয় সদস্যই আন সকলতকৈ বেছি দক্ষতাৰে বিচৰা কৰিব পাৰিব বুলি ভাবিছোঁ। মই আনজন বিচাৰকৰ বাবে সদস্য গীতাৰ্থ বৰদলৈৰ নামটোৰ প্ৰস্তাৱ আগবঢ়ালো। Nayan j Nath (talk) 15:31, 23 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সমৰ্থন কৰিলোঁ। লগতে কোনোবা অসমীয়া ভাল ফটোগ্ৰাফাৰকো কৈ চাব পাৰি! দিব্য দত্ত  (বাৰ্তা) 15:37, 23 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সমৰ্থন জনাইছোঁ। লগতে বিক্ৰমজিৎ কাকতিৰ নামটোও প্ৰস্তাৱ কৰিলোঁ। --Chandan Chiring Phukon Chat 15:41, 23 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই বিষয়ে বাকী সক্ৰিয় সদস্যসকলৰো মতামত বাঞ্ছনীয়। দৃষ্টি আকৰ্ষণ কৰিলোঁ। --Chandan Chiring Phukon Chat 15:37, 27 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিক্ৰমজিৎ কাকতিৰ মতামত লোৱা হ'ল নে? দিব্য দত্ত (বাৰ্তা) 18:52, 27 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
তেখেতলৈ এটা মেইল কৰিছিলোঁ, কিন্তু উত্তৰ অহা নাই। তেওঁক ফোন যোগে যোগাযোগ কৰিব পাৰিলে ভাল আছিল, ফোন নম্বৰ নাই,
@Nayan j Nath:, মই নহওঁ; হোৱা ভাল নহ’ব৷ বিক্ৰম দাক সোধা বাৰু৷ — গীতাৰ্থ বৰদলৈ (talk) 14:33, 28 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

যিহেতু গীতাৰ্থ বৰদলৈ দাৰ সন্মতি নাই আৰু বিক্ৰমজিৎ কাকতিৰো কোনো মতামত পোৱা নগ'ল সেয়ে নেজিব আহমেদৰ নামটো বিচাৰকৰ বাবে প্ৰস্তাৱ কৰিলোঁ।--Chandan Chiring Phukon Chat 12:27, 1 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নেজিব আহমেদ ডাঙৰীয়াই মেইলযোগে তেওঁৰ সন্মতি জনাইছে। --Chandan Chiring Phukon Chat 03:41, 6 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

তাৰিখ সম্পাদনা কৰক

ফাণ্ডৰ বাবে প্ৰয়োজনীয় সহায়ৰ সঁহাৰি অহাত যিহেতু পলম হ'ল, গতিকে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে নতুন এটা তাৰিখ ধাৰ্য কৰা প্ৰয়োজন। লগতে প্ৰতিযোগিতা সম্পৰ্কে সামাজিক মাধ্যমত বাৰ্তা দিয়াৰ ব্যৱস্থা কৰিবলৈ কি কি কৰিব পাৰি এই সম্পৰ্কে মতামত আশা কৰিছোঁ। Nayan j Nath (talk) 16:15, 18 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
জানুৱাৰী ১-১৫, ২০২১ কেনে হয়? নতুন বছৰ আৰু মাঘ বিহুৰ সময় যেতিয়া অসম বিষয়ক যথেষ্ট সমল পোৱাৰ আশা কৰিব পাৰি৷ জলি বৰা (talk) 19:56, 18 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
জানুৱাৰী ১−১৫, ২০২১ ভাল হ'ব। দিব্য দত্ত (বাৰ্তা) 03:48, 19 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
তাৰিখৰ কথাটোত সহমত প্ৰকাশ কৰিলোঁ। --Chandan Chiring Phukon Let's chat 15:56, 19 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰয়োজনীয় আন আন কাম খিনি কৰিব পৰাকৈ হাতত দুটামান সৰহকৈ দিন লৈ ৫ - ২০ জানুৱাৰী সময়ছোৱা ভাল হ'ব। ইয়াৰোপৰি ৱিকিমিডিয়া কমন্সৰ দুজন সক্ৰিয় সদস্য অসমৰ বিক্ৰমজিৎ কাকতি আৰু কলিকতাৰ বাংলাৱিকিপিডিয়া, ৱিকি কমন্স আৰু ৱিকি ভ্ৰমণৰ সক্ৰিয় সদস্য ৰঙ্গন দত্তক বিচাৰকৰ বাবে আহ্বান জনাব পাৰি। -Nayan j Nath (talk) 15:36, 19 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সমৰ্থন জনালোঁ। বিচাৰককেইগৰাকীকো একোটা উপহাৰ/স্মাৰক দিয়াৰো ব্যৱস্থা কৰিলে ভাল হয়।--Chandan Chiring Phukon Let's chat 15:56, 19 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰস্তাৱিত সময়ৰ মাজতে কেইবাটাও উৎসৱ আছে লগতে বিহু বুলি মানুহে ভ্ৰমনো কৰিব। লগতে প্ৰচাৰ আৰু পাৰিলে অনলাইন কৰ্মশালা এটি অনুষ্ঠিত কৰিবলৈ সময়ো থাকিব।- অজয়  কথা-বতৰা 16:50, 19 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
জানুৱাৰী ৫-২০৷ — গীতাৰ্থ বৰদলৈ (talk) 14:23, 21 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২১ সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

বিগত বৰ্ষৰ সাফল্যৰ পাছত এইবছৰো আন ৱিকিৰ লগত সংগতি ৰাখি অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২১ (Feminism and Folklore South Asia) আয়োজনৰ পৰিকল্পনা কৰা হৈছে। পূৰ্বতে ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ আৰু ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ নামেৰে আয়োজিত এডিটাথনৰ এই বছৰৰ সংস্কৰণ অনুষ্ঠিত হ'ব ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চ ২০২১-লৈ। এই সংস্কৰণৰ ফেব্ৰুৱাৰী মাহৰ বিষয়বস্তু হৈছে বিশ্বৰ বিভিন্ন স্থানৰ লোকগাথা, যাৰ ভিতৰত আছে লোকউৎসৱ, লোকনৃত্য, লোকসংগীত, লোককাৰ্যকলা, লোকখেল, লোকখাদ্য, লোক পৰিধান, সাধুকথা, লোকনাট্য, লোককলা, লোকধৰ্ম, শ্ৰুতিকথা আদি। মাৰ্চ মাহৰ বিষয়বস্তু হৈছে লোকগাথাত নাৰীবাদ, ২০২০ চনৰ বিষয়বস্তু। প্ৰতিযোগিতাখনৰ স্থানীয় পৃষ্ঠা অতি সোনকালে সৃষ্টি কৰা হ'ব য'ত নিয়মাৱলীসমূহ বিতংকৈ দিয়া হ'ব। কিয়নো অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এনে বহুতো লোক-সংস্কৃতি আছে, যিসমূহৰ বিষয়ে ৱিকিপিডিয়াৰ প্ৰবন্ধ এতিয়াও সূষ্টি কৰা হোৱা নাই। মোৰ বোধেৰে এই এডিটাথনৰ জৰিয়তে তেনে সমল বৃদ্ধি কৰাৰ এয়া এক সোণালী সুযোগ। বিষয়বস্তুৰ লগত সংগতি ৰাখি অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰিব লগা প্ৰবন্ধসমূহ বিষয়েৰ আপোনাৰ মতামত অনুগ্ৰহ কৰি জনাওক। ধন্যবাদ। --SlowPhoton (talk) 07:05, 16 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়া:নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২১ পৃষ্ঠাখন সৃষ্টি কৰা হ'ল। ফাউনটেইনৰ লিংক সৃষ্টি কৰিব বাকী আছে। মই দক্ষিণ এছিয়াৰ সমন্বয়কসকলৰ লগত যোগাযোগ কৰি আছোঁ। বিচাৰকৰ বাবে সদস্য:Joli বা আৰু সদস্য:Babulbaishya দাৰ নাম প্ৰস্তাব কৰিলোঁ। অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনায় যেন। --SlowPhoton (talk) 14:04, 21 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সমৰ্থন জনালোঁ। দিব্য দত্ত (বাৰ্তা) 11:10, 22 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
এডিটাথনৰ ফাউনটেইন লিংক ইয়াত পাব@Joli, Babulbaishya: এই লিংকত গৈ লগ্‌-ইন কৰি জমা দিয়া প্ৰবন্ধসমূহ বিচাৰ কৰিব পাৰিব। --SlowPhoton (talk) 03:18, 3 February 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Intimation about the Research Proposal on Gender Gap সম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. We would like to inform you that we (User: Praveenky1589 and User: Nitesh Gill) have proposed a research project for Project Grant. The study will focus on analyzing gender-based differences in leadership of Indian Wikimedia communities. The purpose of the research project is to analyse the growth of projects under different leadership, reasons behind the difference in engagement, contribution and iterations of the project. It also aims to study-

How male and female leadership impacts volunteer contribution and their retention?

The output of events under different leadership and the future of projects and leaders.

The study will be conducted on the last 5 years of online and offline activities. For knowing more about the project please visit the proposal page and share your valuable feedback and suggestions on the talk page. We look forward to refining it more following your valuable inputs and questions. 

Thank you Nitesh Gill (বাৰ্তা) 18:20, 19 April 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকি লাভ্‌ছ ৱমেন দক্ষিণ এছিয়া ২০২১ সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

ৱিকিপিডিয়াত লৈংগিক ব্যৱধান উন্নততৰ কৰা আৰু দক্ষিণ এছিয়াৰ নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰাৰ উদ্দেশ্যে আগত ৰাখি আয়োজন কৰা এক বিশেষ অনলাইন প্ৰবন্ধ প্ৰতিযোগিতাৰ নাম হৈছে ৱিকি লাভ্‌ছ ৱমেন দক্ষিণ এছিয়া ২০২১ (Wiki Loves Women South Asia 2021)৷ প্ৰতিটো ভাষাৰ নিৰ্দিষ্ট সমন্বয়কৰ সহায়ত দক্ষিণ এছিয়াৰ ৱিকিপিডিয়া সম্প্ৰদায়সমূহত প্ৰবন্ধ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনি ১ ছেপ্টেম্বৰ ২০২১-ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২১-লৈ চলিব৷ প্ৰতিযোগিতাৰ নীতি-নিৰ্দেশনাকে ধৰি অন্যান্য দিশসম্বলিত মূল পৃষ্ঠাখন অতি সোনকালে ৰাজহুৱা কৰা হ'ব৷ প্ৰতিযোগিতাখনত জমা দিবলগীয়া প্ৰবন্ধসমূহৰ যথোচিত মূল্যায়ন কৰিবলৈ মই অসমীয়া ৱিকিপিডিয়াৰ সদস্য:Babulbaishya আৰু সদস্য:Chiring chandanৰ নামটো মনোনীত কৰিলোঁ৷ @Babulbaishya: আৰু @Chiring chandan: ডাঙৰীয়া, আশা কৰিছোঁ, প্ৰতিযোগিতাখন নিয়াৰিকৈ চলাই নিয়াত আপোনালোক দুজনে পাৰ্যমানে সহায় কৰিব৷ এই আলোচনাত অসমীয়া ৱিকিসমাজৰ মাননীয় সদস্যসকলৰ মতামত আশা কৰিলোঁ৷ -ঈশান জ্যোতি বৰা (বাৰ্তা) 13:40, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয় সম্পাদনা কৰক

  1. সমৰ্থন জনালোঁ। -Nayan j Nath (বাৰ্তা) 16:13, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. সমৰ্থন কৰিলোঁ। দিব্য দত্ত (বাৰ্তা) 16:17, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. পূৰ্ণ সমৰ্থন অনামিকা(চুমু) বড়া (বাৰ্তা) 16:21, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. সমৰ্থন কৰিলোঁ‌। হানিফ আলী (বাৰ্তা) 16:34, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. সমৰ্থন জনালোঁ। ৰাজদ্বীপ ৰাজবংশী (বাৰ্তা) 16:36, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. সমৰ্থন কৰিলোঁ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 17:07, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. সমৰ্থন জনালোঁ৷Pallabi Dutta.Baruah (বাৰ্তা) 18:41, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. সমৰ্থন জনালোঁ৷ বিশ্বজিৎ বৈশ্য (বাৰ্তা) 18:32, 31 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. সমৰ্থন জনালোঁ। চাণক্য (বাৰ্তা) 00:56, 1 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. সহমত আছে ।Bhaskarjyoti Bhuyan (বাৰ্তা) 02:20, 1 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. সমৰ্থন কৰিলোঁ৷Pranamikaadhikary (বাৰ্তা) 14:21, 1 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. সমৰ্থন জনালোঁ।Rumi Borah~aswiki (বাৰ্তা) 01:14, 2 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নহয় সম্পাদনা কৰক

মন্তব্য সম্পাদনা কৰক

@ঈশান জ্যোতি বৰা: প্ৰতিযোগিতাখনত এইদৰে নিজৰ নগণ্য অৱদান আগবঢ়াব পাৰিলে নথৈ আনন্দিত হ'ম। ধন্যবাদ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 16:31, 31 July 2021 (ইউ.টি#সমৰ্থন .চি.)

ৱিকিপিডিয়া সন্মিলন সম্পাদনা কৰক

যোৱা কেইবছৰ ধৰি ৱিকিপিডিয়া সন্মিলন অনুষ্ঠিত হোৱা নাই। গতিকে মই ইয়াৰে এই বছৰৰ শেষৰ ফালে এটি সন্মিলন অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আবেদন জনালোঁ। লগতে আবেদন জনাও যে, আগৰ সন্মিলসমূহ শিলচৰ আৰু অন্যান্য উজনী অসমত অনুষ্ঠিত হৈছে। গতিকে এইবেলিৰ অনুষ্ঠান নামনি অসমত পতে যেন। এনে কৰিলে নামনি অসমৰ কিছুলোকে উৎসাহিত হ'ব পাৰে। হানিফ আলী (বাৰ্তা) 12:02, 17 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয় সম্পাদনা কৰক

নহয় সম্পাদনা কৰক

ৱিকিপিডিয়ানৰ প্ৰীতিমেল ২০২১ সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ সদস্য সকল মিলিত হৈ ৱিকিমিডিয়াৰ বিভিন্ন বিষয় আৰু গতিবিধি সম্পৰ্কীয় আলোচনাৰ বাবে এখন মেল অনুষ্ঠিত কৰিব পাৰি বুলি অনুভৱ কৰিছোঁ। ৰাইজে সমৰ্থন আগবঢ়োৱাৰ লগতে তাৰিখ আৰু খৰচ সম্পৰ্কীয় মতামত আদি আগবঢ়াব বুলি আশা কৰিছোঁ। -Nayan j Nath (বাৰ্তা) 16:03, 25 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয় সম্পাদনা কৰক

  1. সমৰ্থন জনালোঁ। এই সম্পৰ্কে কথা পাতিবলৈ এখন গুগল মিটৰ ব্যৱস্থা কৰা হ'ব বুলি ইতিমধ্যেই আলোচনাত ওলাইছে। ঈশান জ্যোতি বৰা (বাৰ্তা) 16:11, 25 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. সমৰ্থন জনাইছোঁ। অনামিকা(চুমু) বড়া (বাৰ্তা) 16:15, 25 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.   সমৰ্থন জনালোঁ। গুগল মীটত উপস্থিত থাকিম। ---Chandan Chiring Phukon Chat 16:19, 25 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. উপস্থিত থাকিব নোৱাৰিম যদিও সমৰ্থন জনাইছোঁ৷ Joli Rumi (বাৰ্তা) 03:48, 26 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5.   সমৰ্থন হানিফ আলী (বাৰ্তা) 04:08, 26 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. উপস্থিত থাকিব নোৱাৰিম যদিও সমৰ্থন জনাইছোঁ৷ দিব্য দত্ত (বাৰ্তা) 15:23, 26 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. সমৰ্থন জনালোঁ৷ উপস্থিত থাকিম৷Pallabi Dutta.Baruah (বাৰ্তা) 17:29, 28 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নহয় সম্পাদনা কৰক

অন্যান্য মতামত সম্পাদনা কৰক

  1. তাৰিখটো এই বছৰৰ শেষৰফালে হ'লে ভাল হব। মানে ডিচেম্বৰ মাহৰ শেষত। হানিফ আলী (বাৰ্তা) 04:09, 26 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

গুগল মিটত গ্ৰহণ কৰা সিদ্ধান্ত সম্পাদনা কৰক

২৬/১১/২০২১ তাৰিখে সন্ধিয়া গুগল মীটযোগে হোৱা আলোচনাত আগন্তুক গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ সদস্যসকলে লগ হৈ ৱিকিমিডিয়াৰ বিভিন্ন বিষয় আৰু গতিবিধি সম্পৰ্কীয় আলোচনাৰ বাবে এখনি প্ৰীতিমেলৰ আয়োজন কৰাৰ বিষয়ত মতামত গ্ৰহণ কৰা হয়। অনলাইন মীটখনত উপস্থিত থকা ১২ গৰাকী সদস্যই গ্ৰন্থমেলা চলি থকাৰ মাজতে কোনোবাটো দেওবাৰে এই অনুষ্ঠানৰ আয়োজন কৰাৰ সপক্ষে মতামত আগবঢ়ায়। সামগ্ৰিকভাৱে এই অনুষ্ঠানটোত অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ শেহতীয়া গতিবিধি, বৰ্তমান সময়ত ৰূপায়ন কৰিব লগা কামৰ পৰিকল্পনা,পুৰণি সদস্যসকলৰ মাজত সাধাৰণ তথা কাৰিকৰী দিশসমূহৰ ভাগ-বটোৱাৰা কৰাৰ লগতে গ্ৰন্থমেলাৰ বাকৰিৰ উৎসাহী লোকসকলক অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ প্ৰাৰম্ভিক ধাৰণা দিয়াৰ বাবে পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ মতামতৰ লগতে উপস্থিতিৰ নিশ্চিতিৰ বিষয়ে জনাবলৈ অনুৰোধ জনালোঁ।

উপস্থিতিৰ নিশ্চিতি সম্পৰ্কে মতামত সম্পাদনা কৰক

  1. উপস্থিত থাকিম। ---Chandan Chiring Phukon Chat 12:43, 27 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. উপস্থিত থাকিম। ---Nayan j Nath (বাৰ্তা) 12:53, 27 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. উপস্থিত থাকিম। Bhaskarjyoti Bhuyan (বাৰ্তা) 12:12, 27 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. উপস্থিত থাকিম।ঈশান জ্যোতি বৰা (বাৰ্তা) 13:03, 27 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. উপস্থিত থাকিবলৈ চেষ্টা কৰিম -কৃষ্ণা সোণোৱাল
  6. উপস্থিত থাকিম। Priyankush Deka (বাৰ্তা) 11:06, 28 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. উপস্থিত থাকিম।---ৰাজদ্বীপ ৰাজবংশী (বাৰ্তা) 15:56, 28 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. উপস্থিত থাকিম৷Pallabi Dutta.Baruah (বাৰ্তা) 17:31, 28 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. উপস্থিত থাকিম। বিশ্বজিৎ বৈশ্য (বাৰ্তা) 17:26, 30 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. উপস্থিত থাকিব পাৰিম বুলি আশা কৰিছো। জোনালী বৰুৱা (বাৰ্তা) 06:41, 02 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. উপস্থিত থাকিবলৈ চেষ্টা কৰিম। --- চাণক্য (বাৰ্তা) 14:46, 4 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. উপস্থিত থাকিবলৈ চেষ্টা কৰিম। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 14:09, 16 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিমীট সম্পৰ্কীয় গুগল মীট সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

অহা ২ জানুৱাৰী তাৰিখে গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত কৰিবলৈ ওলোৱা ৱিকিমিডিয়া পৰিয়ালৰ কথাবাৰ্তা অনুষ্ঠানটোৰ সম্পৰ্কত আলোচনা কৰিবলৈ কালিলৈ সন্ধিয়া ৮ বজাত দ্বিতীয়খন গুগল মীটৰ আয়োজন কৰা হৈছে। এই অনলাইন মীটখনিত সকলোকে যথাসময়ত উপস্থিত থাকি দিহা-পৰামৰ্শ আৰু মতামত জনাবলৈ অনুৰোধ জনালোঁ। গুগল মীটৰ লিংকটো কালিলৈ অসমীয়া ৱিকিমিডিয়াৰ ফেচবুক আৰু হোৱাটছএপ গোটত দিয়া হ'ব।---Chandan Chiring Phukon Chat 17:08, 13 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

গুগল মীটত গ্ৰহণ কৰা সিদ্ধান্ত সম্পাদনা কৰক

১৪-১২-২০২১ তাৰিখে অনুষ্ঠিত হোৱা গুগল মীটত স্থান (অসম গ্ৰন্থমেলা) সম্পৰ্কত আয়োজক সমিতিয়ে আগতীয়াকৈ নিশ্চিতি প্ৰদান নকৰিলে বিকল্প স্থানৰ ব্যৱস্থা কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। মীটখনত ইতিমধ্যে মেটাত প্ৰস্তাৱিত পুঁ‌জি সম্পৰ্কত শেহতীয়া স্থিতি সম্পৰ্কে চিআইএছকেৰ সংশ্লিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ কৰিবলৈ ঠিৰাং কৰাৰ লগতে অনুষ্ঠানটোৰ কাৰ্যসূচী সন্দৰ্ভত এক খচৰা প্ৰস্তুত কৰা হয়।

গুগল মীটত গ্ৰহণ কৰা সিদ্ধান্ত সম্পাদনা কৰক

২৩-১২-২০২১ তাৰিখে ৱিকিমীট সন্দৰ্ভত তৃতীয়খন গুগল মীট অনুষ্ঠিত হয়। পূৰ্বে প্ৰস্তাৱিত গ্ৰন্থমেলাৰ অস্থায়ী সভাগৃহ ২ জানুৱাৰী তাৰিখে উপলব্ধ নহ'ব। তাৰোপৰি CIS A2K-ৰ ফালৰ পৰাও সম্ভাব্য কভিড'কালীন পৰিস্থিতিলৈ লক্ষ্য কৰি পুঁ‌জিৰ অনুমোদনৰ নিশ্চিতি পোৱা হোৱা নাই। সেয়েহে ২ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে ৱিকিমীট অনুষ্ঠিত কৰাৰ সলনি ৱিকিমিডিয়া পৰিয়ালৰ সদস্যসকল গ্ৰন্থমেলাৰ বাকৰিত লগ হৈ অনানুষ্ঠানিকভাৱে প্ৰীতিমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।

গ্ৰন্থমেলাত ৱিকিগোটৰ কথাবাৰ্তা অনুষ্ঠান সম্পাদনা কৰক

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

ইয়াৰ দ্বাৰা সকলোকে জনাব খোজোঁ যে অহা অসম গ্ৰন্থমেলাত যিহেতু ৱিকিগোটৰ কথাবাৰ্তা অনুষ্ঠিত কৰিবলৈ কিছু অসুবিধাই দেখা দিছে, সেয়ে ৱিকিৰ কৰ্মশালা এখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আৰু মুখামুখিকৈ সদস্যসকলৰ সৈতে পৰিচিত হ’বলৈ অনুষ্ঠানটো গ্ৰন্থমেলা বাকৰিৰ বাহিৰত যেনে, প্ৰেছ ক্লাৱত পতাৰ কথা চিন্তা কৰিব পাৰে। দ্বিতীয়তে, কৰ্মশালাৰ শেষত ৱিকি সদস্যসকলৰ দ্বাৰাই মোৰ দুখন কিতাপ উন্মোচন কৰাৰ ইচ্ছাও আছে। ইয়াৰ বাবে প্ৰয়োজন হোৱা আনুষংগিক খৰচ মোৰ ফালৰ পৰা আগবঢ়াম। আশাকৰোঁ ৰাইজে মতামত আগবঢ়াই মোক কৃতাৰ্থ কৰিব। -Pranamikaadhikary (বাৰ্তা) 11:20, 24 December 2021 (ইউ.টি.চি.)16.49, 24 December 2021[উত্তৰ দিয়ক]

হয় সম্পাদনা কৰক

  1.   সমৰ্থন জনালোঁ৷ বাবুল বৈশ্য (বাৰ্তা) 08:27, 24 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2.   সমৰ্থন জনালোঁ‌। ---Chandan Chiring Phukon Chat 12:09, 24 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.   সমৰ্থন জনালোঁ। --Nayan j Nath (বাৰ্তা) 12:32, 24 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4.   সমৰ্থন জনালোঁ। অনামিকা(চুমু) বড়া (বাৰ্তা) 17:40, 24 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5.   সমৰ্থন জনালোঁ। ঈশান জ্যোতি বৰা (বাৰ্তা) 20:08, 24 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.   সমৰ্থন জনালোঁ। ৰাজদ্বীপ ৰাজবংশী (বাৰ্তা) 00:07, 25 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. সমৰ্থন জনালোঁ । Bhaskarjyoti Bhuyan (বাৰ্তা) 08:37, 26 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8.   সমৰ্থন জনালোঁ। --- চাণক্য (বাৰ্তা) 08:39, 26 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. সমৰ্থন জনালোঁ। সদস্য : কৃষ্ণা সোণোৱাল 13:06, 26 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নহয় সম্পাদনা কৰক