ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৪
২০১২ চনৰ পৰা অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান চন্দন চিৰিং ফুকনৰ যোৱা ২৭ এপ্ৰিল, শনিবাৰে অকালতে দেহাৱসান ঘটিছে। অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীখনত প্ৰতিষ্ঠা কৰাৰ বাবে নিৰলস অৱদান আগবঢ়াই যোৱা চন্দন চিৰিং ফুকনক হেৰুৱাই অসমীয়া ৱিকিমিডিয়া সমাজ শোকাভিভূত। এয়া কেৱল অসমীয়া ৱিকিমিডিয়া সমাজৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবেই এক অপূৰণীয় ক্ষতি। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সকলোলৈকে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
চন্দনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ হ'ল- ১) চন্দনৰ সকলো লেখা, ৱিকিত অৱদানৰ পৰিসংখ্যা, পদক আৰু ৱিকিপত্ৰিকাৰ শ্ৰদ্ধাঞ্জলিসূচক বাৰ্তাসমূহ যোগ দি এখন অনলাইন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তাৱ। এই স্মৃতিগ্ৰন্থৰ অনলাইন আৰু অফলাইন কপি অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। ২) চন্দনৰ লগত জড়িত সকলো ফটো, অডিঅ' আৰু ভিডিঅ' ফাইল লগ লগাই এটা ভিডিঅ' প্ৰস্তুত কৰাৰ সিদ্ধান্ত। এই সংকলিত ভিডিঅ' ৰূপটো অসমীয়া ৱিকিৰ ইউটিউব চেনেল আৰু অন্যান্য সামাজিক মাধ্যমত অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। ৩) ৱিকিউদ্ধৃতিত প্ৰতিমাহে সৰ্বোচ্চ সম্পাদনা কৰা সদস্যগৰাকীক 'চন্দন চিৰিং বঁটা' প্ৰদান কৰা হ'ব। ৪) বছেৰেকীয়া সৰ্বশ্ৰেষ্ঠ সম্পাদনা বা বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ানক ‘চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা' দিয়াৰ প্ৰস্তাৱ। এই বঁটাৰ সৈতে মানপত্ৰ, কিতাপৰ টোপোলা আদি অন্যান্য সামগ্ৰী থাকিব। এই পদক প্ৰতিবছৰে ৱিকিউৎস আৰু ৱিকিউদ্ধৃতিৰ জন্মদিন ৪ জানুৱাৰী তাৰিখে প্ৰদান কৰা হ'ব। ৫) ৱিকিউদ্ধৃতিত সক্ৰিয়তা বঢ়োৱাৰ উদেশ্যে ১ মে'ৰ পৰা ৩১ মে', ২০২৪ লৈ এখন চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা আয়োজন কৰা হৈছে। এই মেলাত সৰ্বোচ্চ অৱদানকাৰীসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমান্বয়ে ১২০০/-, ৮০০/- আৰু ৫০০/- টকাৰ সৈতে মানপত্ৰ প্ৰদান কৰা হ'ব। পুৰস্কাৰসমূহ অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। | ||||||||||||
Psneog (বাৰ্তা) 11:34, 29 April 2024 (ইউ.টি.চি.)
তাৰ পিছৰ পৰ্যায়ত তেওঁৰ শাৰীৰিক অৱস্থাৰ আৰু দ্ৰুতগতিত অৱনতি ঘটিছিল। ৱিকি সতীৰ্থসকলৰ পৰাই গম পাইছিলো যে বহুদিন হাস্পাতালত থাকি তেওঁ ঘৰলৈ উভতিছে। পিছে তেওঁৰ শাৰীৰিক অৱস্থাৰ বিশেষ উন্নতি নঘটিল। এদিন তেওঁক মেছেজ কৰিলো, ফোন এটা কৰিব পাৰিম নেকি বুলি। তেওঁ জনালে যে কথা পাতিলে তেওঁৰ ভাগৰ লাগে। ময়ো কলো যে প্ৰথমে তেওঁ সুস্থ হৈ লওক, তাৰ পিছত কথা। কিন্তু সেই দিনটো যে আৰু কেতিয়াও নাহিল। তেওঁৰ সৈতে পাতিম বুলি ভবা বা পাতিবলগীয়া বহু কথাই আধৰুৱা হৈ থাকিল। মৃত্যু এক অৱশ্যম্ভাৱী পৰিঘটনা। আমাৰ চৌপাশে প্ৰতিদিনে অজস্ৰ মৃত্যু দেখি থাকো। সেই মৃত্যুবোৰে মোৰ মনত তেনে বিশেয একো প্ৰতিক্ৰিয়া সৃষ্টি নকৰে। কিন্তু চন্দনৰ মৃত্যুত মই মৰ্মাহত হৈ পৰিছো। মোৰ দৃঢ় বিশ্বাস আছিল, তেওঁ ৰোগক জয় কৰিবই। পিছে মোৰ বিশ্বাস যে চূৰ্ণ-বিচূৰ্ণ হৈ গ’ল। সম্ভৱতঃ অসমীয়া ৱিকিমিডিয়ানসকলৰ ভিতৰত চন্দনৰ প্ৰতিয়ে মোৰ আটাইতকৈ বেছি মৰম-ভালপোৱা আছিল। তেওঁ “সংখ্যা”তকৈ “মান”কহে অধিক গুৰুত্ব দিছিল। তেওঁ যি কৰিছিল, অত্যন্ত সততাৰে পৰিপাটিকৈ কৰিছিল। ৱিকিপিডিয়াৰ নীতিসমূহ অনুসৰণ কৰাত তেওঁ যথেষ্ট গুৰুত্ব দিছিল। তেওঁৰ নেতৃত্ব দিব পৰা গুণটোও আছিল তেওঁৰ ব্যক্তিত্বৰ এক আভুষণ। তেওঁৰ ‘প্ৰায়’ একক প্ৰচেষ্টাত অসমীয়া ৱিকিউদ্ধৃতিয়ে নিজা ডমেইন লাভ কৰিবলৈ সক্ষম হৈছিল। মাজুলী ৱিকিমিটৰ সফল সম্পাদনাৰ ক্ষেত্ৰতো তেওঁ ৫০%-ৰো অধিক কৃতিত্ব দাবী কৰিব পাৰে। অকালতে পৃথিৱী এৰি যোৱা চন্দনৰ মৃত্যুত আক্ষৰিক অৰ্থতে অসমীয়া ৱিকিপ্ৰকল্পবোৰৰ ক্ষতি হ’ল। ৰোগ শয্যাত পৰি থাকিও তেওঁ ৱিকিপ্ৰকল্পলৈ নিৰন্তৰ অৱদান আগবঢ়াই গৈছিল। কাকো হীন দেখুৱাব নিবিচৰা, কোনো অহমিকা নথকা এই ল'ৰাটোক মই বহুত মিচ কৰিম। মোৰ জ্ঞান-বুদ্ধি সক্ৰিয় হৈ থকালৈকে চন্দন, তোমাক স্মৰণ কৰিম!
এইজনেই চন্দন। গুৱাহাটীত কেইবাদিনো চিকিৎসাধীন হৈ থাকি সামান্য উপশম পোৱাৰ পাছতেই পৰৱৰ্তী পৰিকল্পনা যুগুতোৱাত ব্যস্ত হৈ পৰা চন্দন। সেইদিনাই ফোনত কথাবাৰ্তা সামৰিয়েই সি মোক অনলাইন অৰ্ডাৰ কৰা কিতাপৰ তালিকাখনো দেখুৱালে। ইয়াৰে আগতে সি শয্যাশায়ী অৱস্থাৰ পৰাই ৱিকিমিডিয়াৰ হোৱাটছ্আপ গোটত নিজৰ মন্তব্য দিয়াৰ কামো কৰি ৰাইজৰ পৰা মৃদু ধমক খাই থৈছে। ভাৱ হয়, মাতৃভাষাৰ প্ৰতি কিমান অদম্য ভালপোৱা থাকিলে এনে শাৰীৰিক অৱস্থাৰে মানুহ এজনে ম'বাইলত মেছেজ লিখি, ভয়ছ মেছেজ পঠিয়াই নিজৰ দায়িত্ব পালন কৰি থাকিব পাৰে! জীৱনটোক প্ৰাণভৰি ভালপোৱা, অদম্য হেঁপাহৰে সৰু-বৰ সকলো কামতেই সৰ্বস্ব উজাৰি দিয়া সেইজন চন্দন যে আমাৰ মাজত নাই-সেইটো কথা মনলৈ আনিয়েই মই ভীষণ অসহজবোধ কৰিছোঁ। ৱিকিপিডিয়াৰ জৰিয়তেই চন্দনৰ লগত মোৰ চিনা-পৰিচয় হৈছিল। সৰু সম্পাদনা এটা কৰাৰ পৰা আৰম্ভ কৰি ৱিকিউদ্ধৃতিৰ ডমেইন অনাৰ সকলো সৰু-ডাঙৰ কামতে চন্দনে যি চিৰিয়াছনেছৰ পৰিচয় দিছিল, সেয়াই মোৰ লগতে সকলোকে প্ৰেৰণা যোগাইছিল। চন্দনৰ লগত বন্ধুত্ব ৱিকিপিডিয়াৰ বাহিৰতো ব্যপ্ত হৈছিল। কৰ্মসূত্ৰে গুৱাহাটীলৈ আহিলেই সি সময় উলিয়াই চাহ-ভাত খাই আড্ডা দিয়াৰ পৰিকল্পনা কৰিছিল। অৱশ্যে বৰপেটাত থাকোঁতে দৌলোৎসৱৰ সময়ত যাম-যাম বুলি সময় মিলাব নোৱাৰি পাছত তাৰ সমুখত দুখ প্ৰকাশ কৰিছিলোঁ। সি প্ৰত্যুত্তৰত Sarcasm কৰিছিল। চন্দন আছিল কবিতাৰ এজন বিশেষ গুণমুগ্ধ। ভাৱ-ভাষা আৰু শব্দচয়নত তাৰ দখল মানিবলগীয়া। অসমৰ লোককথা আৰু লোকসাহিত্য সম্পৰ্কে তাৰ গভীৰ জ্ঞানৰ কথা কৈ তাক প্ৰশংসা কৰিছিলোঁ। সি স্বভাৱসুলভ বিনম্ৰতাৰে প্ৰশংসাৰ স্ৰোত স্তিমিত কৰিছিল। প্ৰায়েই আমাৰ মাজত চিনেমা-চিৰিজৰ বিষয়ে আলোচনা হৈছিল। ফেণ্টাছী, কল্পবিজ্ঞানধৰ্মী ছবি-ছিৰিজ তাৰ প্ৰিয় আছিল। গতিকে শেহতীয়াকৈ তেনেধৰণৰ চিনেমা-চিৰিজ চালেই তাৰ লগত শ্বেয়াৰ কৰিছিলোঁ। অসমীয়া থলুৱা ব্যঞ্জন আৰু জুতি-পুতিবোৰ চন্দনে বিশদভাৱে জানিছিল। প্ৰায়েই কিছুমান ব্যঞ্জনৰ ছবি সি লোভনীয় ৰূপত হোৱাটছ্ আপ, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা দেখিছিলোঁ। এবাৰ গুৱাহাটীৰ 'ছাৰছ মেলা'ত লগ হৈ দুয়োটাই পোৰা হাঁহৰ মাংস খালোঁ। শেহতীয়াভাৱে এইবছৰত হোৱা মেলালৈ সি আহিব নোৱাৰিলেও মোক ফটোগ্ৰাফী প্ৰতিযোগিতাৰ লিংক এটা দি যোগদান কৰিবলৈ কৈছিল। তাৰ কথা ৰাখি দুখনমান ফটো আপলোড কৰিছিলোঁ। এনেকুৱাই আছিল চন্দন। সোঁতৰ বিপৰীতে নিজৰ এটা স্বকীয় সোঁত সৃষ্টি কৰি লোৱা চন্দন। জীৱনত আমি কিছুসংখ্যকহে এনে মানুহ লগ পাওঁ, যাৰ সান্নিধ্যৰ কথা মনলৈ আনিলে আমাৰ অভিব্যক্তিত এক অমলিন সুখানুভূতিৰ পোহৰ পৰে। চন্দন তেনে এক সত্তাৰ নাম আছিল। নিজকে কৃত্ৰিমভাৱে প্ৰবোধ দিবলৈ গৈ এতিয়া ভাবিছোঁ, জীৱনটো বোধহয় এনেকুৱাই। মানুহৰ সুখ-দুখ-উদাৰতা কিম্বা পৰিকল্পনাৰ প্ৰতি ই কেতিয়াবা প্ৰয়োজনাধিক নিৰপেক্ষ হৈ পৰে। আজি চন্দনৰ অবৰ্তমানত সান্নিধ্যৰ সেই মুহূৰ্তবোৰে আমাৰ স্মৃতিজগতক বাৰুকৈয়ে শোকাভিভূত কৰিছে। চন্দনৰ প্ৰতিভা, তাৰ কৰ্মোদ্যম আৰু পৰিকল্পনাবোৰক আমি আমাৰ মাজত সদায় প্ৰৱাহিত কৰি ৰাখিবলৈ চেষ্টা কৰি যাম। ঈশান জ্যোতি বৰা (বাৰ্তা) 17:14, 29 April 2024 (ইউ.টি.চি.)
- Mousumi.Das (বাৰ্তা) 18:12, 29 April 2024 (ইউ.টি.চি.)
-Nayan j Nath (বাৰ্তা)(ডুবু)
|
|
|
|
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।