দেৱীমাহাত্ম্যম্
দেৱীমাহাত্ম্যম (Sanskrit:देवीमाहात्म्यम्),হৈছে সনাতন হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ ;এই পুথিখনৰ অন্য জনপ্ৰিয় নামসমূহ হ'ল:দূৰ্গা সপ্তশতী আৰু শ্ৰীশ্ৰী চণ্ডী। ১৩টা অধ্যায়ৰ মুল চণ্ডীখন মাৰ্কেণ্ডয় পুৰাণৰ অন্তৰ্গত;ইয়াৰ উপৰিও দেৱী ভাগৱতত দেৱী মাহাত্ম্যক বিস্তৃত ভাবে বৰ্ণনা কৰা হৈছে।শিৱ পুৰাণতো ইয়াৰ বৰ্ণনা আছে। ভবিষ্য পুৰাণত চণ্ডী পাঠৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে;শক্তি উপাসনাৰ ক্ষেেত্ৰত এই গ্ৰন্থখন সৰ্বশ্ৰেস্ঠ। দেৱী মাহাত্ম্য বা চণ্ডীৰ ৰচক হৈছে কৃষ্ণ দ্বৈপায়ন বেদব্যাস।এই পুথিখনৰ মহত্বক বহ্মবৈৱৰ্ত পুৰাণ,ভবিষ্য পুৰাণ,যোগিনী তন্ত্ৰ,কাত্যায়নী তন্ত্ৰ,দেৱী ভাগৱত আদিত কোৱা হৈছে। ইয়াত সপ্ত-শত টা শ্লোক থকাৰ বাবে সপ্তশতী বোলা হয়,দূৰ্গাপুজাত বিধি সহকাৰে এই পুথিৰ পাঠ কৰা হয়।গ্ৰন্থখনত মেধা ঋষিয়ে ক্ষত্ৰিয় ৰজা সুৰথ আৰু বৈশ্য সমাধিক আদিশক্তিৰ তিনিটা অৱতাৰ বৰ্ণনা কৰিছে আৰু তেওঁঁলোকে ঋষিৰ উপদেশত সনাতনী দেৱীৰ আৰাধনা কৰে;দেৱীৰ বৰদানত মহাৰাজ সুৰথে 'সাৰ্বণি মনু 'হয়। পুথিখনক তিনিটা চৰিত্ৰত ভাগ কৰা হৈছে: প্ৰথম চৰিত্ৰৰ দেৱী হৈছে মহাকালী,ইয়াত যোগনিদ্ৰাই কেনেকৈ ভগৱান বিষ্ণুৰ দ্বাৰা মধু আৰু কৈটভ নামৰ দুই অসুৰৰ সংহাৰ কৰায় সেয়া বৰ্ণনা কৰা হৈছে। মধ্যম চৰিত্ৰৰ দেৱী হৈছে মহালক্ষ্মী,ইয়াত দূৰ্গা দেৱীৰ আৰ্ভিভাব আৰু মহিষাসুৰৰ সংহাৰ বৰ্ণিত হৈছে। ৩য় চৰিত্ৰৰ দেৱী হৈছে মহাসৰস্বতী,ইয়াত কৌশিকীস্বৰুপা দূৰ্গাদেৱী আৰু মাতৃকাসকলৰ দ্বাৰা শুম্ভ নিশুম্ভ আৰু অন্যান্য অসুৰ সমুহৰ বধৰ কাহিনী বৰ্ণনা কৰা হৈছে।
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ওঁ • ব্ৰহ্মা • ঈশ্বৰ | |||||||||||||||||||||||
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||