ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | অক্টোবৰ | ২০২৩ | দশম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

নমস্কাৰ! ইতিমধ্যে অনলাইন ৱিকিসভাৰ ‘মনৰ কথা’ নামৰ ভিডিঅ’টোত মোৰ ‘মনৰ কথা’ত ৱিকিপিডিয়াত মোৰ প্ৰৱেশ সম্পৰ্কে ব্যক্ত কৰিছোঁৱেই। সেয়া দোহাৰিব বিচৰা নাই। আমাৰ জন্মভূমি অসম দেশখনৰ বাৰে-ৰহণীয়া কৃষ্টি, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আদিয়েই যে অসমীয়া জাতিৰ উত্তৰণৰ মেৰুদণ্ড সেই অনুভৱেৰেই লালিত-পালিত হৈ আহি আহি জ্যেষ্ঠ নাগৰিকৰ শাৰীত থিয় হৈছোঁহি। সেই হেঁপাহতে ৱিকিপিডিয়াত নাম পঞ্জীয়ন হোৱাৰ দিন ধৰি খুপি খুপি এবাৰ কি-ব’ৰ্ডত এবাৰ কম্পিউটাৰৰ স্ক্ৰীণত দৃষ্টি ৰাখি দুখন অপৰিপক্ব হাত আগবঢ়াই নিছোঁ ৱিকিউৎসৰ সম্পাদনাৰ কামত। কেতিয়াবা পঢ়ি আৰু সম্পাদনা কৰি ইমান ভাল পাওঁ যে কিমান বেলি পাৰ হ’ল গমকে নাপাওঁ। সঠিক স্থানত সঠিক সাচঁ বহুৱাই ‘সালসলনি প্ৰকাশ কৰা’ কিযে আমোদজনক কাম। বহু ক্ষেত্ৰত কাৰিকৰী জ্ঞানৰ অভাৱত সামৰি থব লগা হয়, সেই একেই কাৰণত ৱিকিপিডিয়াৰ অন্য প্ৰকল্পলৈও চুঁচৰিব পৰা নাই। তেতিয়া খেদ হয় নিজৰ ওপৰত, বৰ্তমান জীৱনৰ আশীৰ্বাদস্বৰূপ ডিজিটেল পৃথিবীখনত বহুত আগতেই প্ৰৱেশ কৰিব লাগিছিল! তথাপি কোনো বিজ্ঞজনে কোৱাৰ দৰে “তুমি যেতিয়াই সাৰ পাইছা, তেতিয়াই ৰাতি পুৱাইছে বুলি ধৰি ল’বা” কথাষাৰ শিৰোধাৰ্য কৰিবলৈ শিকিছোঁ। এই আপাহতে মোৰ প্ৰজন্মৰ সকলোকে ইতস্ততঃ নকৰি আগবাঢ়ি আহি এই বোঁৱতী সুঁতিত চামিল হ’বলৈ আহ্বান জনালোঁ।

ৱিকিপিডিয়াৰ তত্ত্বাবধায়কসকলে এতিয়ালৈকে মোক ‘ন-সম্পাদকৰ পদক’ আৰু ‘এইমাহৰ ৱিকিমিডিয়ান(জুলাই-২৩)’ পদকেৰে স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু নিজেও ধন্য হৈছোঁ। শেষত ৱিকিপিডিয়াৰ সকলো সক্ৰিয় সদস্যক ধন্যবাদ যিসকলৰ প্ৰত্যক্ষ বা পৰোক্ষ সহযোগৰ অবিহনে ৱিকিপিডিয়াত মোৰ আৰোহণ সম্ভৱ নহ’লহেঁতেন। তেখেত সকলৰ সকলোৰে নাম উল্লেখ নকৰিলেও ক্ৰমে, ৰুমী বৰা, যাৰ দ্বাৰা প্ৰভাৱিত হৈ ৱিকিপিডিয়াত ভৰি থলোঁ, প্ৰণামিকা অধিকাৰী, নয়ন জ্যোতি নাথ, মৃদুল কুমাৰ শৰ্মা, বাবুল বৈশ্য আদি যিসকলে ভুলবোৰ শুদ্ধ কৰি আগুৱাই যোৱাত প্ৰেৰণা যোগাইছে।

মনৰ কথাৰ মুকলি মঞ্চত এই কেইদিনত হোৱা এটা অনুভব ব্যক্ত কৰিব খুজিছোঁ এই যে, ইয়াত কৰ্মৰত প্ৰবীণ সদস্যসকলে দায়িত্বৰ শিকলিৰে সকলোকে বান্ধি প্ৰত্যেকেই পৰ্যায়ক্ৰমে নিজৰ নিজৰ দায়িত্ব পালন কৰি গৈ আছে। গতিকে আইচবাৰ্গ (Ice berg)ৰ দৃশ্যমান আৰু অদৃশ্যমান অংশৰ দৰে যিসকলক সততে পাওঁ আৰু যি সকলক পানীৰ তলৰ অদৃশ্যমান অংশৰ দৰে দেখা নাপাওঁ সকলোকে ধন্যবাদ। ...কিমধিকম্ ইতি। -Jyoti Chiring (বাৰ্তা) 07:06, 30 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

কেপ্তেইন বিক্ৰম বাত্ৰা (ইংৰাজী: Vikram Batra, ৯ ছেপ্টেম্বৰ ১৯৭৪ – ৭ জুলাই ১৯৯৯) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ প্ৰদৰ্শন কৰা অপৰিসীম বীৰত্বৰে সৰ্বোচ্চ বলিদান দিয়াৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। ১৯৯৯ চনৰ ৭ জুলাই তাৰিখে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ কাৰ্গিল জিলাৰ এৰিয়া লেজ, পইণ্ট ৪৮৭৫ৰ আশে-পাশে পাকিস্তানী সৈন্যৰ সৈতে যুঁজি থকাৰ সময়তে বীৰগতি প্ৰাপ্ত কৰে।

তেওঁ ১৯৯৬ চনত ডেৰাডুনত অৱস্থিত ভাৰতীয় সামৰিক একাডেমীৰ (আই এম এ)ত মানেকশ্ব' বেটেলিয়ানত যোগদান কৰে। ১৯ মাহৰ প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ১৯৯৭ চনৰ ৬ ডিচেম্বৰত আই এম এৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰে।

১৯৯৯ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতাৰ ৫২ সংখ্যক বৰ্ষপূৰ্তিত বিক্ৰম বাত্ৰাক ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। তেওঁৰ পিতৃ জি এল বাত্ৰাই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ পৰা তেওঁৰ মৃত পুত্ৰৰ হৈ এই সন্মান গ্ৰহণ কৰে।

বিক্ৰম বাত্ৰাৰ নামেৰে বহুতো উল্লেখযোগ্য স্থানৰ নামকৰণ কৰি তেওঁক সন্মান জনোৱা হয়। ৪৮৭৫ নং পইণ্টৰ ঐতিহাসিক দখলৰ পিছত তেওঁৰ সন্মানত এই শৃংগটোৰ নাম বাত্ৰা টপ ৰখা হৈছিল। তদুপৰি সেৱা বাছনি কেন্দ্ৰ, এলাহাবাদৰ এটা হ'লৰ নাম 'বিক্ৰম বাত্ৰা ব্লক', জবলপুৰ চাউনিৰ এক আৱাসিক অঞ্চলৰ নাম 'কেপ্তেইন বিক্ৰম বাত্ৰা এনক্লেভ' আৰু ভাৰতীয় সামৰিক একাডেমীত থকা সংযুক্ত কেডেটৰ মেছৰ নাম 'বিক্ৰম বাত্ৰা মেছ' ৰখা হৈছে। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ য়ামী গৌতমৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ছেপ্টেম্বৰ-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৯৩

পৰম বীৰ চক্ৰ এডিটাথন

  1. সোমনাথ শৰ্মা
  2. যদুনাথ সিং
  3. ৰাম ৰাঘোবা ৰাণে
  4. পিৰু সিং
  5. কৰম সিং
  6. গুৰবচ্চন সিং ছালাৰিয়া
  7. ধন সিং থাপা
  8. যোগিন্দৰ সিং
  9. চৈতান সিং
  10. আব্দুল হামিদ
  11. আৰ্দেশিৰ তাৰাপৰে
  12. এলবাৰ্ট এক্কা
  13. নিৰ্মল জিৎ সিং শেখোঁ
  14. অৰুণ ক্ষেতৰপাল
  15. হোশিয়াৰ সিং দাহিয়া
  16. বানা সিং
  17. ৰামাস্বামী পৰমেশ্বৰন
  18. মনোজ কুমাৰ পাণ্ডে
  19. যোগেন্দ্ৰ সিং যাদৱ
  20. সঞ্জয় কুমাৰ
  21. বিক্ৰম বাত্ৰা
  22. সাবিত্ৰী খানোলকৰ
  23. অপাৰেচন ৰাজীৱ
  24. কাৰ্গিল যুদ্ধ

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. লৰ্ড কেলভিন

অন্যান্য

  1. কেনেৰী দ্বীপপুঞ্জ
  2. দ্য বুল অব ফালাৰিছ
  3. চেটজিপিটি
  4. এৰিট্ৰিয়া
  5. ‎আন্তৰ্জাতিক অনুবাদ দিৱস

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. আকবৰ
  2. আব্দুল কৰিম টেল্‌গী
  3. ‎বৈশম্পায়ন
  4. সঞ্জয়
  5. জ্যোতি য়াৰাজী

চলচ্চিত্ৰ বিষয়ক

  1. অনুৰাধা (১৯৬০ চলচ্চিত্ৰ)
  2. চেম্মীন
  3. সাগৰ সংগমে
  4. ভগিনী নিবেদিতা (চলচ্চিত্ৰ)
  5. দাদা ঠাকুৰ
  6. মন্দ মেয়েৰ উপাখ্যান
  7. কালপুৰুষ (চলচ্চিত্ৰ)
  8. চহৰ ঔৰ স্বপ্না

অন্যান্য

  1. আদিত্য-এল১
  2. কৈলাশ মন্দিৰ, ইলোৰা
  3. ব্যোমমিত্ৰা
  4. ২০২৩ জি-২০ নতুন দিল্লী সন্মিলন
  5. জৈন সাহিত্য
  6. জিঅ'চিনেমা
  7. বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়
  8. সিৰা
  9. প্ৰাকৃতিক ৰবৰ
  10. খাৰী বাৱলী
  11. ‎শিকন আৰু শিক্ষন
  12. ‎সাংশ্লেষিক ৰবৰ
  13. মানি প্লাণ্ট
  14. এইচ.আই.ভি.

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. মালবিকা বৰা
  2. ‎মহীচন্দ্ৰ বৰা
  3. মুহিবুৰ ৰহমান
  4. জুৰি দত্ত
  5. ভৱেশ শইকীয়া
  6. প্ৰাণজিৎ বৰুৱা
  7. কমলাকান্ত দাস

গ্ৰন্থ বিষয়ক

  1. আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস
  2. আন্দোলন আলোচনী আৰু ব্যক্তি
  3. সাহিত্য আলোচনা
  4. আধুনিক অসমীয়া সাহিত্যৰ আভা
  5. সাহিত্য দেশী আৰু বিদেশী
  6. অসমৰ লোক-সংস্কৃতি (গ্ৰন্থ)
  7. ৰুক্মিণী হৰণ কাব্য
  8. কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট
  9. বিজ্ঞান লেখকৰ হাতপুথি
  10. অসমীয়া ভাষাৰ মৌলিক বিচাৰ
  11. সমাজভাষাবিজ্ঞান পৰিচয় (গ্ৰন্থ)
  12. ‎অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ
  13. ‎অনুবাদঃ তত্ত্ব আৰু প্ৰয়োগ (গ্ৰন্থ)

অন্যান্য

  1. পাটবাউসী সত্ৰ
  2. বীৰকুছি
  3. লেতেকুপুখুৰী
  4. উজান বজাৰ
  5. সংক্ৰান্তি
  6. মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ
  7. নিকা সংহতি
  8. পুৰুষ সংহতি
  9. শ্ৰীশ্ৰীবুঢ়ী গোঁসানী (দুৰ্গাদেৱী) মন্দিৰ
  10. লোক কল্পদৃষ্টি
  11. ‎অসমীয়া আধুনিক গান জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ (গ্ৰন্থ)

সানমিহলি

  1. ‎বিশেষ্য পদ
  2. শিক্ষক
  3. পাম্পজেক
  4. হাফিজ (কোৰআন)
  5. ‎ইচবগুল
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
এপাহ ৰক্তজবা ফুলৰ ওপৰত এটা মতা মৌপিয়া, স্থান:বৰপেটা
চিত্ৰ শিল্পী: ৰিজাউল কৰিম.আৰকে
দুৰ্গা দেৱীৰ প্ৰতিমা, স্থান: কলকাতা
চিত্ৰ শিল্পী: শুভ্ৰজ্যোতি
উল্লেখনীয় ৱিকিমিডিয়ান

প্ৰণৱ জ্যোতি ভূঞা: ২০১১ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী উৎসাহী আৰু দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ ২,৪৫১টা সম্পাদনা কৰাৰ লগতে ১১৭টা প্ৰবন্ধৰ সৃষ্টি কৰিছে। ৱিকিমিডিয়া কমন্সতো তেওঁ বহুতো মূল্যৱান আলোকচিত্ৰ আপলোডেৰে বৰঙনি আগবঢ়াইছে। অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনা মেলাসমূহত অংশগ্ৰহণ কৰি বিশিষ্ট অৱদান আগবঢ়াইছে। তেওঁৰ এই নিৰৱচ্ছিন্ন অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক অক্লান্ত কৰ্মী পদক, The Working Man's Barnstar, ফিনিক্স পদক, The Feather Barnstar, এই মাহৰ ৱিকিমিডিয়ান আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
চন্দন চিৰিং ফুকন
ৱিকি সজাগতা পদক
গীতাৰ্থ বৰদলৈ
বিশেষ বঁটা
অজয় দাস
সমন্বয়ক পদক
নয়ন জ্যোতি নাথ
পৰম বীৰ চক্ৰ এডিটাথন পদক
অজয় দাস

প্ৰাণজ্যোতি নাথ
ঈশান জ্যোতি বৰা

অতন্দ্ৰ প্ৰহৰী পদক
নয়ন জ্যোতি নাথ
উৰন্ত তাৰকা পদক
চন্দন চিৰিং ফুকন





বিশেষ অভিলেখ
ছেপ্টেম্বৰ-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

ছেপ্টেম্বৰ মাহত পৰম বীৰ চক্ৰ এডিটাথন শীৰ্ষক এক সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়৷ ইয়াত ১৩ গৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ২৩টা নতুন প্ৰবন্ধৰ সৃষ্টি কৰে আৰু ২টা প্ৰবন্ধ বিস্তাৰ কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

(ঈশ্বৰ ভক্তি থাকক বা নাথাকক, আখৈ-কলৰ লোভতে কোনো লোক ভকত হ'ব পাৰে। ইয়াৰ দ্বাৰা আন্তৰিকতা নাথাকিলেও লোভৰ বশৱৰ্তী হৈ কোনো কাম কৰাৰ কথা কোৱা হৈছে।)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
Babulbaishya ৩০০ - - - ৩০
BhuyanBhaskar ১০৯ - - - ২৬
Chiring chandan ২০৮ - ১০৮ ২২৭ ৪৭
দিলীপ কুমাৰ ৰাভা ৩৩ - - - -
Ishanjyotibora ৪৪ ৮২ - -
Joli Rumi ১২ ১১ -
JyotiPN ১০৪ ৪৬ - ৪৫
Jyoti Chiring ৯৩ ১২৮ - -
KhiLanTzi ২৩০ - - -
১০ Kuldhar Rabha ৬৩ ৭৭ ৬৪ ১১
১১ Nayan j Nath ২১৪ ৪৮ ১১৮ ১১
১২ Pranamikaadhikary ৩৯২ ৩৮ ২৭৪ ৪৭ ৪৫
১৩ Rumi Borah~aswiki ১৩৩ ২১ -
১৪ Saurabhsaha ১৪২ - - ৪১১
১৫ দিব্য দত্ত ৩৪৯ ৩৪ ২৮ ২৭ ৬১
১৬ অজয় দাস ৭১ - - ১৩ ১২
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।