ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধসমূহ

(ৱিকিপিডিয়া:Featured articlesৰ পৰা পুনঃনিৰ্দেশিত)

অসমীয়া ৱিকিপিডিয়াৰ নিৰ্বাচিত প্ৰবন্ধসমূহ

অসমীয়া ৱিকিপিডিয়াৰ নিৰ্বাচিত প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা তৰা চিহ্ন
অসমীয়া ৱিকিপিডিয়াৰ নিৰ্বাচিত প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা তৰা চিহ্ন

নিৰ্বাচিত প্ৰবন্ধ (featured article) হ’ল সেইবোৰ প্ৰবন্ধ, যিবোৰে ৱিকিপিডিয়াৰ সম্পাদক আৰু ব্যৱহাৰকাৰীসকলৰ অনুসৰি ৱিকিপিডিয়াৰ শ্ৰেষ্ঠতম প্ৰবন্ধসমূহৰ মাজত স্থান লাভ কৰে। এই পৃষ্ঠাত স্থান লাভ কৰাৰ আগেয়ে প্ৰস্তাৱনা আৰু বিশ্লেষণৰ মাধ্যমৰে এইবোৰ প্ৰবন্ধৰ মান, নিৰ্ভৰযোগ্যতা, নিৰপেক্ষতা, পৰিপূৰ্ণতা আৰু লিখনৰীতি পৰীক্ষণ কৰা হয়। এই সংক্ৰান্তত অধিক নিৰ্দেশনা আছে নিৰ্বাচিত প্ৰবন্ধৰ মানদণ্ড পৃষ্ঠাত।

বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ মুঠ ১৩,৩৮৮ টা প্ৰবন্ধৰ মাজত ২৮ টা নিৰ্বাচিত প্ৰবন্ধ আছে।

নিৰ্বাচিত প্ৰবন্ধ সাঁচ মনোনীত প্ৰবন্ধ পৃষ্ঠাত ওপৰত লিখি ৰাখিলে এটা ক্ষুদ্ৰ তাৰকা চিহ্ন () দ্বাৰা প্ৰবন্ধটো নিৰ্দেশিত হয়।

নিঁখুত, নিৰ্বাচিত আৰু ভাল প্ৰবন্ধৰ সংযোগসমূহ:

নিৰ্বাচিত প্ৰবন্ধৰ তালিকা

ৱিকিপিডিয়াৰ নিৰ্বাচিত প্ৰবন্ধত তলৰ বৈশিষ্ট্যসমূহ থকা বাঞ্চনীয়:

  1. প্ৰবন্ধটো ৱিকিপিডিয়াৰ সম্পাদকসকলৰ কৰ্মৰ শ্ৰেষ্ঠতম নমুনা হোৱা উচিত।
  2. প্ৰবন্ধটো "সুলিখিত", "সুসমন্বিত", "তথ্যগতভাৱে নিৰ্ভুল", "নিৰপেক্ষ" আৰু "স্থায়ী"। নিৰ্বাচিত প্ৰবন্ধৰ মান কিমান কেনেদৰে নিৰূপণ কৰিব পাৰি সেয়া জনাৰ বাবে ভাল প্ৰবন্ধ এটা কেনেদৰে সৃষ্টি কৰিব? আৰু নিখুঁত প্ৰবন্ধ পঢ়ক। ইয়াত:
    • (ক) "সুলিখিত" বুলি ক’লে লেখাটিৰ মনোগ্ৰাহী ভাষাৰ বিষয়ে বুজোৱা হৈছে;
    • (খ) "সুসমন্বিত" বুলিলে প্ৰবন্ধটোতে বিষয়বস্তু সম্বন্ধে সকলোবোৰ বিতং বৰ্ণনা দিয়া হৈছেনে নাই আৰু কিবা প্ৰধান তথ্য আদি বাকী ৰৈ গৈছে নেকি সেয়া পৰীক্ষা কৰা;
    • (গ) "তথ্যগতভাৱে সঠিক" বুলিলে প্ৰবন্ধটোত উল্লিখিত তথ্যসমূহৰ যথাযথ প্ৰমাণ আৰু উদ্ধৃতিৰ সহায়েৰে সমৰ্থন কৰা হৈছে নে নাই (ৱিকিপিডিয়া:নিৰ্ভৰযোগ্যতা চাওক); প্ৰবন্ধটোত “তথ্য সংগ্ৰহৰ” অনুচ্ছেদ আছে, য’ত তথ্য-উৎসসমূহ ধাৰাবাহিকভাৱে দিছে; ইয়াৰ বাদেও প্ৰয়োজন হ’লে প্ৰবন্ধৰ মাজতো বিভ্ৰান্তিকৰ উৎসৰ উল্লেখ থাকিব পাৰে (ৱিকিপিডিয়া:তথ্য উদ্ধৃতি চাওক)। পাদটীকা আৰু প্ৰবন্ধৰ শেষৰ উৎসপঞ্জীৰ বাবে meta:cite-ত উল্লিখিত ধৰণ অনুসৰণযোগ্য;
    • (ঘ) "নিৰপেক্ষ" বুলিলে প্ৰবন্ধটোৰ নিৰপেক্ষতা আৰু তথ্যগত সঠিকতালৈ কোনো বিতৰ্ক নোহোৱা বুজায় (ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভঙ্গী চাওক); আৰু
    • (ঙ) "স্থায়ী" বুলিলে প্ৰবন্ধটোত নিয়মিতভাৱে কোনোধৰনৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন সাধন কৰা নহয় আৰু প্ৰবন্ধটো কোনো সম্পাদনা দ্বন্দৰ চিকাৰ নহয়।

নিৰ্বাচিত প্ৰবন্ধ সম্পাদনা কৰক

 

আধুনিক অলিম্পিক (ইংৰাজী: Olympics Games) হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দূটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। বৰ্তমান অলিম্পিক দূবছৰৰ মূৰত অনুষ্ঠিত হয়, এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছত পাছৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়, অৰ্থাৎ দুখন গ্ৰীষ্মকালীন বা দুখন শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ চাৰি বছৰ। খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ অলিম্পিয়া চহৰত অনুষ্ঠিত হোৱা প্ৰাচীন অলিম্পিকৰ ধাৰণাৰেই আধুনিক অলিম্পিক আৰম্ভ কৰা হয়। বাৰ’ন পীয়েৰ ডে কুৱাৰ্টিনে ১৮৯৪ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (IOC) গঠন কৰে। তেতিয়াৰে পৰা IOC’য়ে আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশেই অলিম্পিকত ভাগ লয়। (বাকী অংশ পঢ়ক...)

 

দ্বিতীয় বিশ্বযুদ্ধ (ইংৰাজী: World War II) বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু অক্ষশক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয়, য'ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগভাগ লোৱা জাতি সমূহে এই সময়চোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল, যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। হ'ল'কাষ্ট (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা)-কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ, ইত্যদিৰ বাবে কুখ্যাত এই যু্দ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। এই পৰিসংখ্যাৰ পৰা ক'ব পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাটক যুদ্ধ আছিল। (বিতং ভাৱে পঢ়ক........)

 

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতঅসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বন্নি বৈশিষ্টসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাওঁফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ। অসমীয়া ভাষা প্ৰধানকৈ ইণ্ডো-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে৷ শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'৷ এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়৷ অসমীয়া ভাষাৰ বিকাশ প্ৰক্ৰিয়াক ড° বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে: প্ৰাচীন অসমীয়া- চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ, মধ্যযুগীয় অসম- সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ, আধুনিক অসমীয়া- ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ৷ খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে৷ (বাকী অংশ পঢ়ক...)

 

সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে। তুলনামূলকভাৱে কম সংখ্যক সাপ বিষধাৰী আৰু সেইবোৰ এণ্টাৰ্কটিকাৰ বাহিৰে আন সকলো মহাদেশত পোৱা যায়। পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক। সাপে চিকাৰৰ লগতে প্ৰতিৰক্ষাৰ বাবেও দংশন কৰে। যিহেতু সাপ দেখাত বিভিন্ন ৰকমৰ হ'ব পাৰে, সেইবাবে সৰ্পদংশনৰ ক্ষেত্ৰত প্ৰজাতি নিৰ্ণয় কষ্টসাধ্য আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। (বাকী অংশ পঢ়ক...)

 

আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (ইংৰাজী: Avul Pakir Jainulabdeen Abdul Kalam) (  উচ্ছাৰণ ; জন্ম ১৫ অক্টোবৰ ১৯৩১) সৰ্বপৰিচিত নাম ড° এ. পি. জে. আব্দুল কালাম, এজন ভাৰতীয় বিজ্ঞানী আৰু প্ৰশাসক যিজন ভাৰতৰ ৰাষ্ট্ৰপতি আছিল| কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল| তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT), এ’ৰস্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ন হয়| ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে, তেখেত এজন এ’ৰস্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থাত (ISRO) কাৰ্যনিৰ্বাহ কৰিছিল| কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে ভাৰতৰ মিছাইল মানৱ, ভাৰতত বালাষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু "উৎক্ষেপণ যান" (launch vehicle) প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয়েৰ পৰীক্ষাৰ পাছত, ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" নিউক্লীয়েৰ পৰীক্ষণত ড° কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মূখ্য ভুমিকা পালন কৰিছিল তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে ড° কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাৱা আৰু বিক্ৰম চাৰাভাইয়ে কৰি থৈ যোৱা কাম খিনি আগবঢ়াই নিছিল। (বিতং ভাৱে পঢ়ক........)

 
২০১০ৰ বিশ্বকাপৰ শুভংকৰ "জাকুমি"

ফিফা বিশ্বকাপ (ইংৰাজী: FIFA World Cup) বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা (Fédération Internationale de Football Association)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৯৪২ চন আৰু ১৯৪৬ চনক বাদ দি ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা খন অনুষ্ঠিত হৈ আহিছে, ১৯৪২ আৰু ১৯৪৬ দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এই প্ৰতিযোগিতা হোৱা নাছিল। বৰ্তমান এই বিশ্বকাপৰ চেম্পিয়ন দল ইটালী, ইটালীয়ে শেহতীয়া ২০১০ চনৰ বিশ্বকাপ দখল কৰে।

বৰ্তমানৰ নিয়ম অনুসৰি বিশ্বকাপৰ মূল পৰ্ব (World Cup Finals)ত ৩২ টা দলে আয়োজক দেশৰ বিভিন্ন স্থানত প্ৰতিযোগিতাত অৱতীৰ্ন হয়। এই প্ৰতিযোগিতা প্ৰায় এমাহ জুৰি চলে। বিশ্বকাপৰ মূল পৰ্বৰ পূৰ্বে প্ৰায় তিনি বছৰ জুৰি চলা প্ৰাৰম্ভিক পৰ্বৰ প্ৰতিযোগিতাৰ পৰা এই ৩২টা দলক নিৰ্বাচন কৰা হয়, এই দল সমূহৰ ভিতৰত আয়োজক দেশ(সমূহ)ও থাকে।

এতিয়ালৈকে অনুষ্ঠিত হোৱা মুঠ ১৯খন বিশ্বকাপৰ খিতাপ মুঠ আঠখন দেশে অৰ্জন কৰিছে। ব্ৰাজিলে মুঠ পাঁচবাৰ এই খিতাপ দখল কৰিছে, আনহাতেদি ইটালীয়ে চাৰিবাৰ, জাৰ্মানীয়ে তিনিবাৰ, আৰ্জেন্টিনা আৰু প্ৰথম বিশ্বকাপ বিজয়ী উৰুগুৱেই মুঠ দুবাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিছে। তাৰোপৰি ইংলেণ্ড, ফ্ৰান্স আৰু স্পেইনে এবাৰকৈ বিশ্বকাপ দখল কৰিছে। (বাকী অংশ পঢ়ক...)

 

ভাৰতীয় ৰেল ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰেলপথ আৰু ৭,৫০০টা ষ্টেচনৰে বিশ্বৰ অন্যতম বৃহৎ ৰেল জালিকা। ভাৰতীয় ৰেলে বছৰি ৭৫০ কোটি অথবা দিনে ২ কোটিতকৈয়ো অধিক যাত্ৰী (ইয়াৰ আধাতকৈ বেছি উপনগৰীয় ৰেলৰ যাত্ৰী) আৰু দিনে ২৮ লাখ টন সামগ্ৰী কঢ়িয়ায়। ২০১১-১২ চনত ভাৰতীয় ৰেলে যাত্ৰীৰ পৰা ২৮,৬৪৫.৫২ কোটি আৰু সামগ্ৰীৰ পৰা ৬৯,৬৭৫.৯৭ কোটি টকা উপাৰ্জন কৰিছিল। ১৮৫৩ চনত ভাৰতত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল ব'ম্বে আৰু থানেৰ মাজত। ১৯৫১ চনত ভাৰতত চলি থকা সকলো ৰেল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক "ভাৰতীয় ৰেল" নামকৰণ কৰা হয়। ভাৰতীয় ৰেলে দেশখনৰ ২২খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চল ৰেল জালিকাৰে সামৰি লৈছে তথা নেপাল, বাংলাদেশ আৰু পাকিস্তানলৈয়ো সীমিত আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়াইছে। (সবিশেষ পঢ়ক…)

 

সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১)) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম। ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁ বিভূতি (পবিত্ৰ ভস্ম) আৰু অন্য সৰু বস্তু যেনে আঙঠি, হাৰ, ঘড়ী আদি প্ৰকট কৰিছিল যিয়ে চমৎকাৰী ৰূপত চিকিৎসা কৰা, পুনৰ জীৱন প্ৰদান কৰা আদিৰ কথা অনেকে কয়। ই যশ আৰু সমালোচনা দুয়োকে আমন্ত্ৰিত কৰিলে। তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰু নকলৰো অভিযোগ উত্থাপিত হৈছিল, কিন্তু তেওঁ তেনে অভিযোগক ষড়যন্ত্ৰ বুলি কৈ, অভিযোগ অস্বীকাৰ কৰিলে। তেওঁ সদস্যসকলে মানৱ সেৱাৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা সত্য সাই সংস্থাৰ ১২৬খন দেশত ১২০০তকৈ অধিক শাখা আছে। এই সংস্থাৰ মাধ্যমেৰে সত্য সাই বাবাই বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়, ক্লিনিক, খোৱা পানীৰ প্ৰকল্প আদি পৰিচালনা কৰিছিল। (বাকী অংশ পঢ়ক...)

 

বাহাই ধৰ্ম (ফাৰ্চী ভাষাত: بهائیت, আৰবী ভাষাত: بهائية)এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে। বাহাই ধৰ্মৰ তিনি মূল নীতি হ'ল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত ঐক্য বুজায় আৰু ই সন্মানীয়। বাহাই শিক্ষাৰ মতে মানৱ জীৱনৰ লক্ষ্য ঈশ্বৰৰ মহত্ব বুজি ঈশ্বৰৰ আৰাধনা কৰা, তেনে কৰিবলৈ মানুহে 'প্ৰাৰ্থনা', 'আত্মজ্ঞানৰ সন্ধান' আৰু 'মানৱ সেৱা' কৰিব লাগিব। (বাকী অংশ পঢ়ক...)

 
ৰজনীকান্ত

বিজ্ঞানৰ দৰ্শন দৰ্শনৰ এটি ভাগ যাৰ বিষয় বিজ্ঞানৰ গুৰি, প্ৰণালী আদি। এই ভাগৰ মুখ্য প্ৰশ্নসমূহৰ বিষয় 'কি বিজ্ঞান হয় আৰু কি নহয়', 'বৈজ্ঞানিক প্ৰণালীসমূহৰ নিৰ্ভৰশীলতা', 'বিজ্ঞানৰ শেষ লক্ষ্য' আদি। এই ভাগৰ দৰ্শন আন আন ভাগ যেনে অধিবিদ্যা, তত্ত্ববিদ্যা, জ্ঞানতত্ত্ব আদিৰ সৈতে সম্পৰ্কিত। উদাহৰণ স্বৰূপে বিজ্ঞান আৰু সত্যৰ সম্বন্ধ অধ্যয়ন কৰোঁতে- কেনেকৈ বিজ্ঞানে মিছা প্ৰমাণিত কৰাৰ যোগ্য ভৱিষ্যদ্বানী আগবঢ়াই আৰু বিজ্ঞানৰ এই কাৰ্যই কেনেকৈ বিজ্ঞানক অধিক নিৰ্ভৰশীল কৰি তুলে। (সবিশেষ পঢ়ক…)

 

ছি জিনপিং হৈছে চীনা সাম্যবাদী দল (কমিউনিষ্ট পাৰ্টি অফ চাইনা)-ৰ সাধাৰণ সম্পাদক, গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি তথা কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ। চীন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ লগতে সামৰিক বাহিনী আৰু পাৰ্টিৰো মুখ্য নেতা হোৱাৰ বাবে তেওঁক অনানুষ্ঠানিকভাৱে চীনৰ "পাৰামাউণ্ট লিডাৰ" বা "সৰ্বোচ্চ নেতা" বুলিও অভিহিত কৰা হয়।[1][2] সাধাৰণ সম্পাদক হিচাপে, ছি পলিটবিউৰ' ষ্টেণ্ডিং কমিটিৰ পদাধিকাৰী সদস্য, যি চীন দেশৰ প্ৰকৃত সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা। (সবিশেষ পঢ়ক…)

 

শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম:১৪৪৯ - মৃত্যু:১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়। (সবিশেষ পঢ়ক…)

 

ফুল হৈছে, বিভাগ মেগ্ন'লিঅ'ফাইটাৰ অন্তৰ্গত সপুষ্পক উদ্ভিদত (অন্য নাম এনজিঅ'স্পাৰ্ম) পোৱা একপ্ৰকাৰৰ প্ৰজনন অংগ। সাধাৰণতে স্ত্ৰীজননকোষৰ সৈতে পুংজননকোষৰ মিলন প্ৰক্ৰিয়াৰে কাৰ্যকৰী প্ৰজনন কৰাই হল ফুলৰ জৈৱিক কাৰ্য। ফুলে ইতৰ পৰাগন (একে প্ৰজাতিৰ দুটা ভিন্ন জীৱৰ স্ত্ৰীজননকোষ আৰু পুংজননকোষৰ মিলন) সৰল কৰে বা স্ব পৰাগন (একে পাহ ফুলৰে স্ত্ৰীজননকোষ আৰু পুংজননকোষৰ মিলন) সংঘটিত কৰাই। কিছুমান ফুলে নিষেচন নোহোৱাকৈয়ে ডাইস্প'ৰ গঠন কৰে। ফুলৰ ৰেণুধানী নামৰ এটা অংগ থাকে আৰু তাতেই জননকোষৰ বিকাশ হয়। পুংজননকোষক পৰাগ ৰেণু বোলে। ফুলৰ পৰা ফল আৰু বীজৰ সৃষ্টি হয়। পৰাগ ৰেণুৰ বাহক প্ৰাণীক আকৰ্ষণ কৰিব পৰাকৈ বহুটো ফুল আকৰ্ষণীয় ভাবে বিৱৰ্তন হৈছে। (সবিশেষ পঢ়ক…)

 
ভূপেন হাজৰিকা

ড॰ ভূপেন হাজৰিকা (১৯২৬-২০১১) অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তাৰোপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড॰ হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। (সবিশেষ পঢ়ক…)

 

ৰ'জাৰ ফেডেৰাৰ ছুইজাৰলেণ্ডৰ এগৰাকী বৃত্তিগত টেনিছ খেলুৱৈ। এচ'চিয়েশ্যন অফ টেনিছ প্ৰ'ফেশ্যনেল্‌ছ বা চমুকৈ এটিপিৰ ৰেংকিং অনুসৰি খেলুৱৈগৰাকীৰ গোলকীয় স্থান অষ্টম। তেওঁ একক শিতানত অভিলেখসংখ্যক ২০টা গ্ৰেণ্ড শ্লাম খিতাপ জয়েৰে ৰাফেল নাডালৰ সৈতে যুটীয়াভাৱে গ্ৰেণ্ড শ্লাম বিজয়ী খেলুৱৈসকলৰ তালিকাত শীৰ্ষস্থানত আছে। ফেডেৰাৰে মুঠ ৩১০ সপ্তাহ এটিপি ৰেংকিংৰ শীৰ্ষত অৱস্থান কৰিছে। ইয়াৰে ভিতৰত ২৩৭ সপ্তাহ তেওঁ একেলেথাৰিয়ে শীৰ্ষস্থানত থাকি অভিলেখ গঢ়িছে। ইয়াৰোপৰি তেওঁ ৫ বাৰকৈ প্ৰথম স্থানত থাকি বছৰটোৰ সামৰণি পেলোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। জিমি ক'ন্ন'ৰৰ পিছতেই ফেডেৰাৰে ১০৩টা একক এটিপি খিতাপ জয়েৰে সৰ্বকালৰ সৰ্বাধিক খিতাপ জয়ী খেলুৱৈসকলৰ তালিকাত দ্বিতীয় স্থানত আছে। ইয়াৰ উপৰিও তেওঁ ছবাৰকৈ এটিপিৰ খেলসমূহৰ ফাইনেলতো অংশগ্ৰহণ কৰিছে। সমসাময়িক টেনিছ খেলুৱৈ ৰাফেল নাডাল আৰু ন'ভাক জক'ভিচৰ সৈতে ফেডেৰাৰক সৰ্বকালৰ শ্ৰেষ্ঠ পুৰুষ টেনিছ খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয় আৰু তিনিওকে একেলগে বিগ্‌ থ্ৰী বা বিশাল তিনিগৰাকী বুলি অভিহিত কৰা হয়।
(ইয়াত বিতংকৈ পঢ়ক…)

 
ছবিখনৰ এটি দৃশ্য

ৰূপহী (ইংৰাজী: Rupahi) ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ৷ দ্বিতীয় মহাসমৰৰ দপ্‌দপনিৰ মাজতে ৰূপহী নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। পাৰ্ৱতি প্ৰসাদ বৰুৱাই বৰুৱা বোলছবি, ৰূপালী পাম নাম দি এটা চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ জন্ম দিয়ে। এই প্ৰতিষ্ঠানৰ বেনাৰতে ৰূপহী নিৰ্মাণ কৰা হয়। ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰাৰ উপৰিও পাৰ্ৱতি প্ৰসাদে ছবিখনৰ চিত্ৰনাট্য, সংলাপ আৰু গীতি-সাহিত্য ৰচনা কৰে আৰু সংগীত পৰিচালনাৰো দায়িত্ব লয়। কমলেশ্বৰ চলিহাৰ এটা চুটি গল্পৰ আধাৰত ৰূপহীৰ কাহিনী গঢ় লৈ উঠে। অৱশ্যে পাছলৈ মূল গল্পৰ লগত ছবিখনৰ কাহিনীৰ অমিল দেখা যায়। তাৰ কাৰণ তলত উল্লেখ আছে। প্ৰথম অংশৰ দৃশ্যগ্ৰহণ মাজুলীত কৰা হৈছিল। দক্ষিণপাট সত্ৰৰ ৰাস-নৃত্য আৰু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ দৃশ্য তুলি কলিকতালৈ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে যোৱা হয়। কলিকতাত গম পোৱা যায় যে অসমত কৰা দৃশ্যগ্ৰহণৰ এখনো ছবি নুঠিল। সেয়ে পাৰ্ৱতি প্ৰসাদে সেই অংশ বাদ দি গোটেই গল্পটোকে নকৈ সজাই লবলগীয়া হয়। তাৰ ফলতে বিয়োগান্ত গল্পটো মিলনান্ত গল্পলৈ পৰিৱৰ্তন কৰা হয়। কলিকতাৰ শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅত ছেট সাজি ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হয়। ১৯৪১ চনৰ ৩০ আগষ্ট তাৰিখে কলিকতাৰ 'পূৰবী থিয়েটাৰ'ত ছবিখনৰ প্ৰিমিয়াৰ কৰা হৈছিল। ১৯৪১ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ 'সতী টকী হাউছ'ত (বৰ্তমানৰ বিজুলী চিনেমা ঘৰ) ছবিখন মুক্তি দিয়া হয়।

(ইয়াত বিতংকৈ পঢ়ক)

 
ভাওনাৰ দুগৰাকী বহুৱা।
বহুৱা অসমৰ অংকীয়া নাট-ভাওনাৰ এক উল্লেখযোগ্য চৰিত্ৰ। বহুৱা শব্দৰ অৰ্থ, সাধাৰণতে চাৰ্কাছৰ সৈতে জড়িত এজন শিল্পী যি খুঁহুতীয়া কথা আৰু অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায়। বহুৱাৰ এই চৰিত্ৰ অক্ষুণ্ন ৰাখি অংকীয়া নাট ভাওনাত শ্ৰীশ্ৰীশংকৰদেৱে তেওঁৰ নাটসমূহত পোন প্ৰথমবাৰৰ বাবে বহুৱা চৰিত্ৰ সন্নিৱিষ্ট কৰি দৰ্শকক আমোদ দিয়াৰ ব্যৱস্থা কৰিছিল। পাৰিজাত হৰণ নাটত নাৰদৰ সৈতে বহুৱাৰ প্ৰৱেশ হৈছে, কিন্তু বচন নাই। মাথোঁ অভিনয়েৰে দৰ্শকক মনোৰঞ্জন দিছে। নাটত বহুৱা শব্দৰ ঠাইত ’বাসুয়া’ শব্দ প্ৰয়োগ কৰা হৈছে। সূত্ৰ: তদনন্তৰ ’বাসুয়া’ চয়ড়ি পাৰল, মুনি আসন ভিড়ি তথি বৈঠল অংকীয়া নাটসমূহত ’মানুহৰ মনত ৰং লগাবলৈ বিবিধ প্ৰকাৰৰ ভাও লোৱা আৰু অনেক প্ৰকাৰে কথা কোৱা মানুহ, বহুৰূপী’ অৰ্থত বহুৱা চৰিত্ৰ সৃষ্টি কৰা হৈছে।

(ইয়াত বিতংকৈ পঢ়ক)

 
আকাশবাণী গুৱাহাটী

আকাশবাণী গুৱাহাটী হ'ল প্ৰচাৰ ভাৰতীৰ অন্তৰ্গত আকাশবাণীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অনাতাঁৰ সম্প্ৰচাৰণৰ ক্ষেত্ৰীয় কেন্দ্ৰ। ১৯২৭ চনৰ ২৩ জুলাই তাৰিখৰ পৰা ভাৰতবৰ্ষত অনাতাঁৰ প্ৰচাৰণ সেৱাৰ পাতনি মেলা হয়। ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানী নামৰ এটা ব্যক্তিগত খণ্ডৰ উদ্যোগত মুম্বাইত ভাৰতৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয় আৰু সেই বছৰৰে ২৬ আগষ্টৰ পৰা কলিকতা কেন্দ্ৰযোগেও সংগঠিত ৰূপত অনাতাঁৰ প্ৰচাৰণ কাৰ্য আৰম্ভ হয়। ভাৰতে স্বাধীনতা লাভ কৰাৰ এঘাৰ মাহৰ পাছত ১৯৪৮ চনৰ ১ জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয়। আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং-গুৱাহাটী নাম দিয়া কেন্দ্ৰটোক পিছলৈ আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয়।

(ইয়াত বিতংকৈ পঢ়ক)

 
পদুমী গাজলু

পদুমী গাজলু হৈছে অসম, ভাৰতৰ এগৰাকী সাহিত্যিক, শিক্ষয়িত্ৰী, কবি আৰু চিত্ৰশিল্পী। বোকাখাতৰ এটি শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পদুমী গাজলুৱে পৰৱৰ্তী সময়ত কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত প্ৰশিক্ষণ লৈছিল আৰু এনে প্ৰশিক্ষণ গ্ৰহণ কৰা তেখেতেই আছিল চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা। তেখেত চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী চিত্ৰশিল্পী। শিক্ষকতাৰ লগতে সাহিত্য-চৰ্চাতো সমপৰিমাণে মনোনিৱেশ কৰা পদুমী গাজুলুৱে 'সেউজীয়া সোণ', 'কাঁচা ঘামেৰ ভিজা আঁচেল' আদিৰ দৰে প্ৰবন্ধ-সংকলন লিখি উলিওৱাৰ লগতে 'কাঁশীফুল', 'নৱোদয়'ৰ দৰে একুৰিমান গ্ৰন্থৰ সম্পাদনা কৰিছে। অসমৰ বিভিন্ন কাকত-আলোচনীত তেখেতৰ দ্বাৰা লিখিত প্ৰায় শতাধিক প্ৰবন্ধ প্ৰকাশিত হৈছে। অসমৰ ভাষা-সাহিত্য আৰু বিশেষকৈ চাহ-জনগোষ্ঠীক নিজৰ অৱদানেৰে সমৃদ্ধ কৰাৰ বাবে গাজলুক সাহিত্যিক পেঞ্চনাৰ হিচাপে স্বীকৃতি দিয়াৰ লগতে এপিপিএল টাটা আইকন বঁটাৰ দৰে একাধিক বঁটা-সন্মানেৰে সন্মানীত কৰা হৈছে। পদুমী গাজলু হৈছে চাহ-জনগোষ্ঠীৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰ।

(ইয়াত বিতংকৈ পঢ়ক)

 
নৰেন্দ্ৰ অচ্যুত দাভোলকৰ

নৰেন্দ্ৰ অচ্যুত দাভোলকৰ (১ নৱেম্বৰ ১৯৪৫ – ২০ আগষ্ট ২০১৩) ভাৰতমহাৰাষ্ট্ৰৰ এগৰাকী চিকিৎসক, সমাজ কৰ্মী, যুক্তিবাদী আৰু লেখক আছিল। ১৯৮৯ চনত তেওঁ মহাৰাষ্ট্ৰ অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি (MANS) প্ৰতিষ্ঠা কৰি সভাপতি হৈছিল। ২০১৩ চনৰ ২০ আগষ্টত তেওঁৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে চাৰিদিন পিছত মহাৰাষ্ট্ৰত "অন্ধবিশ্বাস আৰু ক'লা যাদু বিৰোধী অধ্যাদেশ" বলৱৎ কৰা হয়। ২০১৪ চনত তেওঁ সমাজসেৱাৰ বাবে মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। ১২ বছৰ চিকিৎসক হিচাপে কাম কৰাৰ পিছত ১৯৮০ৰ দশকত দাভোলকাৰ এগৰাকী সমাজকৰ্মী হৈ পৰিছিল। লাহে লাহে দাভোলকাৰে অন্ধবিশ্বাস নিৰ্মূলৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল, আৰু অখিল ভাৰতীয় অন্ধশ্ৰাদ্ধ নিৰ্মূলন সমিতিত (ABANS) যোগদান কৰিছিল। ১৯৯০–২০১০ চনৰ ভিতৰত দাভোলকাৰ দলিত (অস্পৃশ্য) সমতাৰ বাবে এক আন্দোলনত সক্ৰিয় আছিল, আৰু ভাৰতৰ জাতি ব্যৱস্থা আৰু জাতি সম্পৰ্কীয় হিংসাৰ বিৰুদ্ধে মাত মাতি আহিছিল। ২০১০ চনত মহাৰাষ্ট্ৰত অন্ধবিশ্বাস বিৰোধী আইন প্ৰণয়ন কৰাৰ বাবে দাভোলকাৰে কেইবাটাও ব্যৰ্থ প্ৰচেষ্টা চলাইছিল। দাভোলকাৰৰ হত্যাৰ এদিন পিছতে মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাই অন্ধবিশ্বাস বিৰোধী আৰু ক'লা যাদু অধ্যাদেশক অনুমোদন জনায়। ২৯টা সংশোধনীৰ অন্তত অৱশেষত ২০১৩ চনৰ ১৮ ডিচেম্বৰত ইয়াক অধ্যাদেশ হিচাপে প্ৰণয়ন কৰা হৈছিল। (ইয়াত বিতংকৈ পঢ়ক)

 
নমিতা ভট্টাচাৰ্য

নমিতা ভট্টাচাৰ্য অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ সত্তৰ-আশীৰ দশকত অসমীয়া সংগীত জগতখনৰ প্ৰত্যক্ষ সান্নিধ্যলৈ অহা গায়িকাগৰাকীৰ ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ তৰামাইত পোনপ্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে অভিষেক ঘটে৷ ইয়াৰ পূৰ্বে তেখেতে আকাশবাণীত গীত পৰিৱেশন কৰিছিল৷ আলি ঢাকি পৰ শালিকী, লাজ লাজ লাজ, সুধিছা তোমালৈ কিমান মৰম, আলফুলীয়া কপৌফুল আদি তেখেতৰ কেইটামান সৰ্বজনসমাদৃত গীত৷ অসমৰ লগতে ভাৰতৰ কেইবাখনো ঠাইৰ লগতে ইউৰোপতো গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰা নমিতা ভট্টাচাৰ্যই ২০২১ বৰ্ষৰ অসম চৰকাৰে প্ৰদান কৰা 'শিল্পী বঁটা' লাভ কৰে৷ আধুনিক গীতৰ লগতে তেখেতে পৰম্পৰাগত গীত-মাত, ভজন আৰু গজলো পৰিৱেশন কৰে ৷ অসমৰ আন এগৰাকী জনপ্ৰিয় পুৰুষ কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ সৈতে বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ দ্বৈত কণ্ঠৰ গীতত নমিতা ভট্টাচাৰ্যই কণ্ঠদান কৰি বিশেষ খ্যাতি তথা সমাদৰ লাভ কৰে ৷ তেখেতে বিশখনতকৈও অধিক অসমীয়া চলচ্চিত্ৰত গীত পৰিৱেশন কৰিছে৷ (ইয়াত বিতংকৈ পঢ়ক)

 
পূৰ্ণিমা দেৱী বৰ্মন

পূৰ্ণিমা দেৱী বৰ্মন ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃঙ্খলাৱদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষ ভাবে জনাজাত। তেওঁ হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলা সকলৰ হাড়গিলা আৰ্মী নামৰ দল গঠন কৰে। হাড়গিলাৰ সংৰক্ষণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ গ্ৰীণ অস্কাৰ বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে। পূৰ্ণিমা দেৱী বৰ্মনে প্ৰকৃতি সংৰক্ষণ সংস্থা আৰণ্যকৰ সহযোগত বহুকেইবছৰ ধৰি কামৰূপ জিলাৰ দদৰা, শিঙিমাৰী আৰু পছৰীয়া নামৰ গাওঁকেইখনত বিপন্নপ্ৰায় হাড়গিলা পদ্ধতিগত সংৰক্ষণৰ হকে কাম কৰি আছে। তেখেতৰ আত্ম-প্ৰচেষ্টাতে গাঁওকেইখনৰ লোকসকলে পক্ষীবিধৰ সংৰক্ষণৰ ওপৰত সজাগতা লাভ কৰিছে। ফলত অঞ্চলটোত ‘হাড়গিলা বাইদেউ’ ৰূপে বৰ্মনে খ্যাতি লাভ কৰিছিল। (ইয়াত বিতংকৈ পঢ়ক)

 
সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বত বৰ্ণিত ত্ৰিমাত্ৰিক স্থানকালৰ বক্ৰতাৰ দ্বিমাত্ৰিক প্ৰক্ষেপণ

আপেক্ষিকতাবাদ তত্ত্ব বুলিলে পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আগবঢ়োৱা দুই আন্তঃসম্পৰ্কীয় তত্ত্বক বুজোৱা হয়: বিশেষ আপেক্ষিকতাবাদ তত্ত্ব আৰু সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব। মাধ্যাকৰ্ষণৰ অনুপস্থিতিত মৌলিক কণাসমূহৰ সকলোধৰণৰ ভৌতিক পৰিঘটনা ব্যাখ্যা কৰিবলৈ বিশেষ আপেক্ষিতাবাদ তত্ত্ব প্ৰয়োগ হয়। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বই মহাকৰ্ষণ সূত্ৰ আৰু প্ৰকৃতিৰ আনবোৰ বলৰ সৈতে ইয়াৰ সম্পৰ্কৰ ব্যাখ্যা আগবঢ়ায়। জ্যোতিৰ্বিজ্ঞান আৰু ব্ৰহ্মাণ্ডতত্ত্ব অধ্যয়ন, আৰু মহাকাশৰ গূঢ়াৰ্থ বুজিবলৈ এই তত্ত্ব বহুলভাৱে প্ৰয়োগ হয়। মূলতঃ আইজাক নিউটনে আগবঢ়োৱা ২০০ বছৰ পুৰণি বলবিজ্ঞানৰ তত্ত্বক ওফৰাই কুৰি শতিকাত আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ ৰেহৰূপ সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। এই তত্ত্বই মহাকাশ আৰু সময়ক লগ লগাই স্থানকাল, সমকালীনতাৰ আপেক্ষিকতা (Relativity of simultaneity), গতিশীল আৰু মাধ্যাকৰ্ষণীয় সময় প্ৰসাৰণ, দৈৰ্ঘ্য সংকোচন- ইত্যাদি কেতবোৰ নতুন ধাৰণাৰ জন্ম দিছিল। (ইয়াত বিতংকৈ পঢ়ক)

 
নিজকে নন্-বাইনেৰী বুলি পৰিচয় দিয়া ড্ৰেগ কুইন আৰু সঙ্গীতজ্ঞ শ্বিয়া ক'লে

নন্-বাইনেৰী আৰু জেণ্ডাৰকুইয়াৰ হৈছে লিংগ পৰিচয়ৰ বাবে ব্যৱহৃত এটা আমব্ৰেলা টাৰ্ম অৰ্থাৎ শব্দ। যিসকলে নিজক কেৱল পুৰুষ বা মহিলা হিচাপে পৰিচয় নিদি, লিংগ বাইনেৰীৰ বাহিৰত থকা বুলি পৰিচয় দিয়ে। নন্-বাইনেৰী পৰিচয়সমূহ ৰূপান্তৰকামিতাৰ ভাগটোৰ অধীনত পৰে, কিয়নো নন্-বাইনেৰী লোকসকলে সাধাৰণতে তেওঁলোকৰ নিৰ্ধাৰিত লিংগৰ পৰা পৃথক লিংগৰ সৈতে চিনাক্তকৰণ কৰে। অৱশ্য কিছুমান নন্-বাইনেৰী লোকে নিজকে ৰূপান্তৰকামি বুলি নাভাবে।

নন্-বাইনেৰী লোকসকলে মধ্যৱৰ্তী বা পৃথক তৃতীয় লিংগ হিচাপে চিনাক্ত কৰিব পাৰে, এটাতকৈ অধিক লিংগৰ সৈতে চিনাক্ত কৰিব পাৰে, কোনো লিংগৰ পৰিচয়ত আৱদ্ধ নাৰাখিব পাৰে। লিংগ পৰিচয় যৌন বা ৰোমাণ্টিক অভিমুখিতাৰ পৰা পৃথক: নন্-বাইনেৰী লোকৰ যৌন অভিমুখিতা বিভিন্ন। নন্-বাইনেৰী হোৱাটো আৰু আন্তঃলিংগ হোৱাটোও একে নহয়; বেছিভাগ আন্তঃলিংগ লোকে পুৰুষ বা মহিলা বুলি চিনাক্ত কৰে।

গোট হিচাপে অদ্বিত্বীয় লোকসকলৰ লিংগ প্ৰকাশৰ ভিন্নতা থাকে আৰু কিছুমানে লিংগ পৰিচয়ক সম্পূৰ্ণৰূপে নাকচ কৰিব পাৰে। কিছুমান নন্-বাইনেৰী লোকক লিংগ ডিছফ'ৰিয়াৰ চিকিৎসা অস্ত্ৰোপচাৰ বা হৰম'নৰ দ্বাৰা চিকিৎসা কৰা হয়, যিদৰে ট্ৰান্স পুৰুষ আৰু ট্ৰান্স মহিলা সকলৰ প্ৰায়ে কৰা হয়। (ইয়াত বিতংকৈ পঢ়ক)

 
ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা নাৰী শক্তি বঁটা গ্ৰহণ কৰাৰ মুহূৰ্তত লখিমী বৰুৱা

কনকলতা মহিলা আৰবান কো-অ’পাৰেটিভ বেংক লিমিটেড বা চমুকৈ কনকলতা মহিলা বেংক (ইংৰাজী: Konoklota Mahila Bank) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা বেংক। ১৯৯৮ চনত যোৰহাটত এই বেংকটো স্থাপিত হৈছিল। সমবায় খণ্ডত স্থাপন কৰা এই বেংকটোৰ সকলো কৰ্মচাৰী আৰু বেছি অংশ গ্ৰাহকেই মহিলা। তেওঁলোকে বিভিন্ন জমা আঁচনি প্ৰচলন কৰাৰ উপৰিও মহিলাসকলৰ স্বাৱলম্বিতাৰ লক্ষ্যৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন সাপেক্ষে বিভিন্ন ঋণৰ আঁচনি আগবঢ়ায়। লখিমী বৰুৱাই ১৯৯৮ চনত অসমৰ যোৰহাটত কনকলতা মহিলা বেংক স্থাপন কৰিছিল। যোৰহাটৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই আৰ্থিক অনাতনৰ বাবে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। বিয়াৰ বহু বছৰ পাছত ১৯৮০ চনতহে তেওঁ স্নাতক ডিগ্ৰী লয়। তেওঁ মূলতঃ বিশেষ সা-সুবিধা নোপোৱা, পিছপৰা মহিলাসকলৰ সহায় হোৱাকৈ তথা তেওঁলোকক অৰ্থনৈতিকভাবে স্বাৱলম্বী আৰু সুৰক্ষিত কৰিবলৈ কনকলতা মহিলা বেংক স্থাপন কৰিছিল। বৰ্তমান বেংকৰ চাৰিটা শাখা আৰু ২১জন নিয়মীয়া কৰ্মচাৰী আছে আৰু কৰ্মচাৰী আটাইকেইগৰাকীয়ে মহিলা। ৪৫,০০০ একাউণ্টৰ বেছিভাগে মহিলাৰ। কনকলতা বেংকৰ শাখা চাৰিটা হ’ল- যোৰহাট, মৰিয়নী, গড়আলি যোৰহাট আৰু শিৱসাগৰ শাখা। (ইয়াত বিতংকৈ পঢ়ক)

 
সংঘৰ্ষৰ সূত্ৰপাত হোৱা মণিপুৰৰ চুড়াচান্দপুৰ জিলা।

মণিপুৰ সংঘৰ্ষ ২০২৩ (ইংৰাজী: 2023 Manipur violence) হৈছে ২০২৩ চনৰ ৩ মে' তাৰিখে ভাৰতৰ উত্তৰ-পূব ৰাজ্য মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী আৰু জনজাতীয় কুকি আৰু জ' জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ। ইম্ফল উপত্যকাত বসবাস কৰা মেইতেই জনগোষ্ঠীৰ লোকসকল সংখ্যাগৰিষ্ঠভাবে হিন্দু ধৰ্মাৱলম্বী আৰু কাষৰীয়া পাহাৰীয়া অঞ্চলত বসবাস কৰা কুকি আৰু জ'সকল মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী। এই সংঘৰ্ষৰ ফলত কমেও ৭০ গৰাকী ব্যক্তি নিহত আৰু কমেও ২৪০ গৰাকী ব্যক্তি আহত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক মেইতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি হিচাপে মনোনীত কৰিবলৈ নিৰ্দেশ প্ৰদানৰ প্ৰতিবাদত সদৌ মণিপুৰ জনজাতি ছাত্ৰ সন্থায়ে আহ্বান জনোৱা "জনজাতি সংহতি যাত্ৰা"ৰ সময়ত চুড়াচান্দপুৰ জিলাত এই সংঘৰ্ষৰ সূচনা হৈছিল। সংঘৰ্ষৰ পিছত আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে প্ৰায় ১০,০০০ সৈন্য আৰু অৰ্ধসামৰিক বাহিনী মণিপুৰত মোতায়ন কৰা হয়। ৰাজ্যখনত ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হয় আৰু ভাৰতীয় দণ্ডবিধিৰ ১৪৪ নং ধাৰা প্ৰয়োগ কৰা হয়। উত্তপ্ত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় সৈন্যক "চৰম ক্ষেত্ৰত" সান্ধ্য আইন বলবৎ কৰিবলৈ "শ্বুট অন চাইট"ৰ নিৰ্দেশ দিয়া হৈছিল।

(ইয়াত বিতংকৈ পঢ়ক)

 

ৰথীন্দ্ৰ নাথ গোস্বামী (Rothindra Nath Goswami) এগৰাকী অসমীয়া ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত অসমীয়া শিশু আলোচনী মৌচাকৰ জৰিয়তে শিশু-সাহিত্যৰ জগতখনত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত সেইখন আলোচনীতে চিচিং নামৰ এটি কাল্পনিক নিগনিৰ চৰিত্ৰ সৃষ্টি কৰে। প্ৰথম অসমীয়া শিশু-উপযোগী ভ্ৰমণ-কাহিনী বিদেশী বন্ধুৰ দেশতৰ তেখেত লেখক। ১৯৯৫ চনত প্ৰকাশিত হবি হৈছে তেখেতৰ প্ৰথমখন গ্ৰন্থ। এইখন হবি-সম্পৰ্কে লিখা প্ৰথমখন অসমীয়া ভাষাৰ গ্ৰন্থ। কিংকিনীৰ বিদ্ৰোহ হৈছে তেখেতে শিশুৰ বাবে যুগুতোৱা কল্প-বিজ্ঞানধৰ্মী গ্ৰন্থ। বিজ্ঞানে আনিব জোৱাৰ, অংক জংক পংক, চলন্ত মহাদেশ গতিশীল পৃথিৱী হৈছে তেখেতৰ দ্বাৰা লিখিত আন কেইখনমান উল্লেখনীয় গ্ৰন্থ।

২০২৩ চনৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা ৰথীন্দ্ৰ নাথ গোস্বামীলৈ আগবঢ়োৱা হৈছে। পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান' নামৰ শিশু- উপন্যাসখনৰ বাবে তেখেতলৈ এই সন্মান আগবঢ়োৱা হয়। তেখেত বৰ্তমান তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ডেৰাডুনস্থিত কাৰ্যালয়ত মুখ্য মহা প্ৰবন্ধক হিচাপে কৰ্মৰত।

(ইয়াত বিতংকৈ পঢ়ক)

 
ওড়িশা ৰে'ল দুৰ্ঘটনাৰ সৰলীকৃত চিত্ৰ

ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ হৈছে ২০২৩ চনৰ ২ জুন তাৰিখে পূব ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ চহৰৰ সমীপত সংঘটিত তিনিখন ৰে’লৰ এক সংঘৰ্ষ। বাহানগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপত এখন মালবাহী ৰে’লৰ প্ৰাৰম্ভিক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুখন যাত্ৰীবাহী ৰে’ল ১২৮৪১ ক’ৰ’মণ্ডল এক্সপ্ৰেছ আৰু ১২৮৬৪ এছএমভিটি বেংগালুৰু–হাওৰা এছএফ এক্সপ্ৰেছৰ সংঘৰ্ষ হয়। বাহানাগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ মূল লাইনৰ পৰিৱৰ্তে পাছিং লুপত পূৰ্ণ গতিৰে প্ৰৱেশ কৰি ক’ৰ’মণ্ডল এক্সপ্ৰেছ গাড়ীখনে এখন মালবাহী ট্ৰেইনৰ সৈতে খুন্দা মাৰে। এই দুৰ্ঘটনাত ২৯২ জন লোক নিহত হোৱাৰ লগতে ১১৭৫তকৈ অধিক লোক আহত হয়। এই দুৰ্ঘটনা একবিংশ শতিকাৰ চতুৰ্থ মাৰাত্মক ৰে'ল দুৰ্ঘটনা আৰু ১৯৯৫ চনত ফিৰোজাবাদ ৰে'ল দুৰ্ঘটনাৰ পিছত ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে'ল দুৰ্ঘটনা।

(বিতংকৈ ইয়াত পঢ়ক)

 
পাটবাউসী সত্ৰৰ মূল কীৰ্তনঘৰ

পাটবাউসী সত্ৰ (ইংৰাজী: Paatbauxi Satra) পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ এখন বৈষ্ণৱ সত্ৰ৷ ইয়াতেই শংকৰদেৱে প্ৰায় উনৈশ বছৰ কাল থাকি নানা শাস্ত্ৰ ৰচনা কৰিছিল৷

পাটবাউসী নাম প্ৰচলন হোৱাৰ আগতে এই ঠাইখণ্ডক বৰলচোং বা বৰলজাৰ বুলিছিল৷ ই আছিল বাউসী পৰগণাৰ অন্তৰ্গত৷ এতিয়াৰ পাটবাউসী নামৰ ঠাইখনক ধৰি এই অঞ্চলৰ কেইবাখনো গাঁওক সামৰি “বাউসী বিলায়েৎ’’ বা “বাউসী পৰগণা’’ বুলিছিল৷ অসমত বিলায়েৎ শব্দৰ উৎপত্তি হৈছিল কোচ আৰু আহোম ৰাজত্বকালত৷ কোনো ব্যক্তিৰ অধীনত থকা খাত বা পাম অঞ্চলকেই আহোম আৰু কোচ ৰাজত্বকালত বিলায়েৎ বোলা হৈছিল৷ পৰগণা মানে এক নিৰ্দিষ্ট ভূখণ্ড৷ ভৌগলিক জোখ-মাখৰ এই হিচাপ পোনতে মোগল বিষয়া শ্বেখ ইব্ৰাহিম কাড়োৰীয়ে কৰিছিল৷ শাসনৰ সুবিধাৰ বাবে সমগ্ৰ নামনি অসমক পৰগণা, মহল, তপা আদি ভাগত ভাগ কৰিছিল৷ পিছত আহোমসকলেও মাটিৰ হিচাপ ৰাখিবলৈ এই পদ্ধতিকে ব্যৱহাৰ কৰিছিল৷ আন এক সূত্ৰমতে, বেদ-পুৰাণ আদি শাস্ত্ৰজ্ঞ পণ্ডিতসকলক ব্যাস বোলা হৈছিল৷ এই অঞ্চলত তেনে ব্যাস উপাধিধাৰী বহু ব্ৰাহ্মণৰ বসতি আছিল৷ সেয়ে, পাটবাউসীৰ মাজেৰে বৈ যোৱা ধনুখন্দা জানটোৰ পূবপাৰটোক ব্যাসপাৰা বুলিছিল৷ ধনুখন্দা জানৰ উৎপত্তি সম্পৰ্কেও এটা জনবিশ্বাস প্ৰচলিত৷ শ্ৰীকৃষ্ণই ৰুক্মিণী হৰণৰ বাবে কুণ্ডিললৈ যাত্ৰা কৰোঁতে ৰথৰ বেগত ব্ৰাহ্মণ বেদনিধি মূৰ্ছিত হৈ পৰিছিল৷ তেতিয়া কৃষ্ণই ধনু কাঁড়েৰে আঁচ টানি পানী উলিায়ই বেদনিধিৰ মূৰত দিয়াত সুস্থ হৈছিল৷ ধনুৰে আঁচ দিওঁতে আৰু ধনুৰ আকৃতিৰ বাবে এই জানৰ নাম ধনুখন্দা বুলি জনাজাত৷

ব্যাসপাৰাৰ কাষতে আন এখন গাঁও ব্যাসকুছি আছিল৷ পাটবাউসীৰ অলপ দূৰৈত “শিলা’’ নামে আন এখনি গাঁও সংস্কৃত শিক্ষাৰ কেন্দ্ৰস্থল আছিল৷ ব্যাসপাৰা, ব্যাসকুছি আদি শব্দৰ অপভ্ৰংশৰূপে বাউসী হোৱাৰ থল আছে৷ আহোম শাসন কালত এই অঞ্চলটোক বাউসী পৰগণা বুলিছিল৷ শংকৰদেৱে এই স্থানলৈ আহি সত্ৰ স্থাপন কৰাত অঞ্চলটোৰ ভিতৰতে ই “পাট’’ অৰ্থাৎ শ্ৰেষ্ঠস্থান হিচাপে পৰিগণিত হোৱাত ই “পাটবাউসী’’ নাম পায়৷

(ইয়াত বিতংকৈ পঢ়ক)

 

কেপ্তেইন বিক্ৰম বাত্ৰা (ইংৰাজী: Vikram Batra, ৯ ছেপ্টেম্বৰ ১৯৭৪ – ৭ জুলাই ১৯৯৯) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ প্ৰদৰ্শন কৰা অপৰিসীম বীৰত্বৰে সৰ্বোচ্চ বলিদান দিয়াৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। ১৯৯৯ চনৰ ৭ জুলাই তাৰিখে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ কাৰ্গিল জিলাৰ এৰিয়া লেজ, পইণ্ট ৪৮৭৫ৰ আশে-পাশে পাকিস্তানী সৈন্যৰ সৈতে যুঁজি থকাৰ সময়তে বীৰগতি প্ৰাপ্ত কৰে।

তেওঁ ১৯৯৬ চনত ডেৰাডুনত অৱস্থিত ভাৰতীয় সামৰিক একাডেমীৰ (আই এম এ)ত মানেকশ্ব' বেটেলিয়ানত যোগদান কৰে। ১৯ মাহৰ প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ১৯৯৭ চনৰ ৬ ডিচেম্বৰত আই এম এৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰে।

১৯৯৯ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতাৰ ৫২ সংখ্যক বৰ্ষপূৰ্তিত বিক্ৰম বাত্ৰাক ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। তেওঁৰ পিতৃ জি এল বাত্ৰাই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ পৰা তেওঁৰ মৃত পুত্ৰৰ হৈ এই সন্মান গ্ৰহণ কৰে।

বিক্ৰম বাত্ৰাৰ নামেৰে বহুতো উল্লেখযোগ্য স্থানৰ নামকৰণ কৰি তেওঁক সন্মান জনোৱা হয়। ৪৮৭৫ নং পইণ্টৰ ঐতিহাসিক দখলৰ পিছত তেওঁৰ সন্মানত এই শৃংগটোৰ নাম বাত্ৰা টপ ৰখা হৈছিল। তদুপৰি সেৱা বাছনি কেন্দ্ৰ, এলাহাবাদৰ এটা হ'লৰ নাম 'বিক্ৰম বাত্ৰা ব্লক', জবলপুৰ চাউনিৰ এক আৱাসিক অঞ্চলৰ নাম 'কেপ্তেইন বিক্ৰম বাত্ৰা এনক্লেভ' আৰু ভাৰতীয় সামৰিক একাডেমীত থকা সংযুক্ত কেডেটৰ মেছৰ নাম 'বিক্ৰম বাত্ৰা মেছ' ৰখা হৈছে।

(ইয়াত বিতংকৈ পঢ়ক)

 
ৰিউ প্ৰদেশত পাম অইলৰ খেতিৰ বাবে কৰা নিৰ্বনানীকৰণ,২০০৭

ইণ্ডোনেছিয়াৰ নিৰ্বনানীকৰণ (ইংৰাজী: Deforestation in Indonesia) দেশৰ বহু অংশৰ দীৰ্ঘম্যাদী বনাঞ্চল আৰু শ্যামলীমা হৰণৰ কাৰণ হিচাপে পৰিগণিত; পৰিৱেশ আৰু সামাজিক ক্ষেত্ৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। ইণ্ডোনেছিয়া বিশ্বৰ কিছুমান জৈৱ-বৈচিত্ৰ্যৰ গৃহভূমি হিচাপে বিবেচিত আৰু বিশ্বৰ ভিতৰতে ব্ৰাজিল আৰু গণতান্ত্ৰিক গণৰাজ্য কংগোৰ পিছতে ই তৃতীয় স্থানত আছে। ১৯০০ চনৰ শেষৰ ফাললৈকে ইণ্ডোনেছিয়া গভীৰ বনাঞ্চলৰ দেশ হিচাপে পৰিগণিত আছিল; মুঠ ভূমিৰ ৮৪ শতাংশ অৰণ্যই আৱৰি ৰাখিছিল। ১৯৭০ চনত ই নিৰ্বনানীকৰণৰ কবলত পৰে, আৰু তেতিয়াৰ পৰাই আৰু এই কাৰ্য অধিক ত্বৰান্বিত হৈছে। ১৯০০ চনৰ আশে-পাশে ১৭ কোটি হেক্টৰৰ আনুমানিক বনাঞ্চল ২০ শতিকাৰ শেষৰ ফালে হ্ৰাস পাই ১০ কোটি হেক্টৰতকৈও কম হয়। ২০০৮ চনত অনুমান কৰা হৈছিল যে, ইণ্ডোনেছিয়াৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যসমূহ এটা দশকৰ পাছত কাটি পেলোৱা হ'ব। ইণ্ডোনেছিয়াত মুঠ কাঠ কটাৰ ভিতৰত ৮০% পৰ্যন্ত অবৈধভাৱে কৰা বুলি কোৱা হৈছে। ইণ্ডোনেছিয়াৰ বৃহৎ অঞ্চলৰ বনাঞ্চল বৃহৎ বহুজাতিক “পাল্প কোম্পানী’’ যেনে এছিয়া পাল্প এণ্ড পেপাৰে পৰিষ্কাৰ কৰি তাৰ ঠাইত বাগিচা স্থাপন কৰিছে। কৃষক আৰু বাগিচাৰ মালিকে প্ৰায়ে বনাঞ্চল জ্বলাই দিয়ে। বনাঞ্চল ধ্বংসৰ আন এটা প্ৰধান উৎস হৈছে, কাঠ কটা উদ্যোগ, যি চীন আৰু জাপানৰ চাহিদা পূৰণৰ উদ্দেশ্যে কৰা হয়। কৃষি উন্নয়ন আৰু প্ৰব্ৰজন কাৰ্যসূচীয়ে বৃহৎ সংখ্যাক বৰ্ষাৰণ্য জনাঞ্চললৈ পৰিণত কৰিছিল, যাৰ ফলত বনাঞ্চল ধ্বংসৰ হাৰ আৰু অধিক বৃদ্ধি পাইছিল। ইণ্ডোনেছিয়াত হোৱা ব্যাপক বনাঞ্চল ধ্বংস (আৰু অন্যান্য পৰিৱেশ ধ্বংস)ক শিক্ষাবিদসকলে প্ৰায়ে পৰিৱেশনাশক বুলি বৰ্ণনা কৰে।

খেতিৰ বাবে মাটি পৰিষ্কাৰ কৰিবলৈ কাঠ কটা আৰু বনাঞ্চল জ্বলাই দিয়াৰ ফলত ইণ্ডোনেছিয়া চীন আৰু আমেৰিকাৰ পিছতে বিশ্বৰ তৃতীয় বৃহত্তম সেউজ গৃহ গেছ নিৰ্গমনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। বনজুইয়ে প্ৰায়ে কাৰ্বন ছিংক ধ্বংস কৰা উচ্চ ক্ষমতাসম্পন্ন পুৰণি বৰ্ষাৰণ্য আৰু পিতনিসমূহ ধ্বংস কৰে। ২০১১ চনৰ মে' মাহত ইণ্ডোনেছিয়াই ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হোৱাকৈ নতুনকৈ কাঠ কটা চুক্তিৰ ওপৰত স্থগিতাদেশ ঘোষণা কৰে। সাময়িকভাবে এই আইন অকাৰ্যকৰী যেন লাগিল, কিয়নো বনাঞ্চল ধ্বংসৰ হাৰ বৃদ্ধি পাই থাকিল। ২০১২ চনৰ ভিতৰত ইণ্ডোনেছিয়াই ব্ৰাজিলৰ বনাঞ্চল ধ্বংসৰ হাৰ অতিক্ৰম কৰিছিল, আৰু বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত নিৰ্বনানীকৰণৰ কবলত পৰা দেশ হিচাপে পৰিগণিত হৈছিল।

(ইয়াত বিতংকৈ পঢ়ক)