৪ নৱেম্বৰ
তাৰিখ
(০৪ নৱেম্বৰৰ পৰা পুনঃনিৰ্দেশিত)
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
৪ নৱেম্বৰ (ইংৰাজী: 4 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৮তম (অধিবৰ্ষত ৩০৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৫৪ - দাৰ্জিলিঙত হিমালয়ান মাউণ্টেনিয়াৰিং প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়।
- ১৯৯২ - বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪২ তম ৰাষ্ট্ৰপতি হয়।
- ২০০৪ - মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী আৰু শাস্ত্ৰীয় সংগীত শিল্পী পাৰবীন চুলতানালৈ সেই বছৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয়।
- ২০০৮ - হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ পুৰোধা ব্যক্তি , প্ৰখ্যাত সংগীত সাধক ভীমসেন যোশীলৈ ভাৰতৰ সব্বোৰ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।
জন্ম
সম্পাদনা কৰক- ১৮৮৯ - যমনলাল বাজাজ, স্বাধীনতা সংগ্ৰামী তথা বাজাজ গ্ৰুপ অব্ ইণ্ডাষ্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাপক।
- ১৯২৩ - তাৰিকুদ্দিন আহমেদ, অসমীয়া গায়ক আৰু সংগীত পৰিচালক।
- ১৯২৫ - ঋত্বিক ঘটক, ভাৰতীয় প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা।
- ১৯২৯ - শকুন্তলা দেৱী, মানৱ কম্পিউটাৰ নামে খ্যাত ভাৰতীয়।
- ১৯৪৪ - পদ্মাৱতী বন্দ্যোপাধ্যায়, ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত বিষয়া।
- ১৯৫২ - সনন্ত তাঁতী, অসমীয়া কবি।
- ১৯৫৪ - চেতনা দাস, অসমীয়া অভিনেত্ৰী।
- ১৯৫৫ - ডেভিদ জুলিয়াছ, আমেৰিকান শৰীৰতত্ত্ববিদ।
- ১৯৭১ - টবু, ভাৰতীয় অভিনেত্ৰী।
- ১৯৭৫ - অমৃত প্ৰীতম, ভাৰতীয় শব্দযন্ত্ৰী।
- ১৯৮৭ - জানকী অম্মল, ভাৰতীয় উদ্ভিদবিজ্ঞানী।
মৃত্যু
সম্পাদনা কৰক- ১৯৭০ - শম্ভু মহাৰাজ, ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত।
- ২০০২ - বীৰেণ বৰকটকী, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ২০২২ - অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, অসম চৰকাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ভোলা কটকীৰ মৃত্যু হয়। ১৯৩৫ চনৰ ২০ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা ভোলা কটকী, ১৯৮১ চনত ড° ভবেন্দ্ৰনাথ শইকীয়াই নিৰ্মাণ কৰা "অৰ্নিবাণ" বোলছবিৰ মুখ্য চৰিত্ৰ "ৰজনী মাষ্টৰ" চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে।
দিৱস
সম্পাদনা কৰক- পতাকা দিৱস (পানামা)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৪ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |