ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
মে’ ২০১৯ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
সকলোলৈকে নমস্কাৰ জনাইছো। এজন ৱিকিপিডিয়ান হিচাপে আপোনালোকৰ সন্মুখত মনৰ কথা প্ৰকাশ কৰাৰ সুযোগ পাই আনন্দিত হৈছো।

ফেচবুকত যোগদান কৰাৰ পিছত মই অসমীয়াত লিখা-মেলা কৰা বিভিন্ন গোটসমূহত যোগদান কৰিছিলো। তেনে এটি গোটটেই মই এদিন অসমীয়া ৱিকিপিডিয়াৰ সম্ভেদ পালো। তেতিয়ালৈ নিজাকৈ লেপটপ নাছিল গতিকে মোবাইলতেই একাউণ্ট খুলি দুই-এটা সৰু-সুৰা সম্পাদনা কৰি চালো। কেইমাহমান পিছত লেপটপটো লোৱাৰ পিছত মই জাহ্নৱী ছফ্টৱেৰটো ইনষ্টল কৰি ললো। তেতিয়ালৈ মই অসমীয়া ৱিকিৰ ফেচবুক গোটতোৰো সদস্য হৈছিলো। ৱিকিৰ কাৰিকৰী কথাখিনি গোটত থকা জ্যেষ্ঠসকলক সুধি দুই-এটা প্ৰৱন্ধ লিখা আৰম্ভ কৰিলো।

তেতিয়ালৈ মই মন কৰিছিলো যে অসমীয়া ৱিকিত প্ৰৱন্ধ সংখ্যা কম হোৱাৰ উপৰিও বহুতো প্ৰৱন্ধ খুবেই চুটিকৈ লিখা আছে। কোনোবাই যদি ৱিকিত কিবা এটা বিষয়ে জানিব বিচাৰে তেন্তে তেওঁ নিশ্চয় বহলাই জানিব বিচাৰিব। মাত্ৰ কেইশাৰীমানৰ প্ৰৱন্ধই কাৰো জ্ঞানৰ পিপাসা পূৰ কৰিব নোৱাৰে। এইদৰে ভাবি মই প্ৰথমে কিছু প্ৰৱন্ধ বহলাবলৈ আৰম্ভ কৰিলো। তাৰ পিছত নিজে লিখা প্ৰবন্ধসমূহো দীঘলকৈ লিখিব ধৰিলো। তেতিয়া মই ৱিকিপিডিয়া লিখোতে ইংৰাজী ৱিকিৰ পৰা অনুবাদ কৰি এখন বহীত লিখি লৈছিলো আৰু তাৰ পিছত বহীখনৰ পৰা চাই চাই ৱিকিত লিখিছিলো। ৱিকিপিডিয়াৰ স্মৃতি বুলিলে মোৰ সেই হোষ্টেলৰ দিনবোৰলৈ মনত পৰে যেতিয়া মই মোৰ কোঠাত বহি বহি প্ৰবন্ধ লিখিছিলো। আৰু এটা প্ৰবন্ধ লিখোতে মোৰ কমেও এসপ্তাহ লাগিছিল।

আমাৰ নিজৰ পাঠ্যক্ৰম বা নিজৰ কৰ্মক্ষেত্ৰৰ বাহিৰেও আন কিছু কিছু ক্ষেত্ৰত ৰাপ থাকে। সেই ৰাপ থকা বিষয়সমূহৰ ওপৰত প্ৰৱন্ধ লিখিলে বিষয়টোৰ ওপৰত সম্যক ধাৰণা আহে। এটা সময়ত মোৰ দেশ-বিদেশ ঘূৰি ফুৰা অভিযাত্ৰীসমূহৰ বিষয়ে জানিবলৈ খুবেই হেঁপাহ হৈছিল। আৰু তেনে কেইবাজনো মহান অভিযাত্ৰীৰ বিষয়ে গুগলত চাৰ্চ কৰি অসমীয়া ৱিকিত লিখিছিলো। যাৰ ফলত মই নিজে তেওঁলোকৰ বিষয়ে জানিব পাৰিছিলো লগতে সেই বিষয়ৰ প্ৰবন্ধ ৱিকিত সৃষ্টি হৈছিলগৈ।

ৱিকিপিডিয়াত আগতে এটা সমস্যা আছিল তথ্যসূত্ৰৰ অভাৱ। বিশেষকৈ অসমসম্পৰ্কীয় প্ৰবন্ধসমূহত নিৰ্ভৰযোগ্য তথ্যসূত্ৰ যোগাৰ কৰাটো অলপ চিন্তাৰ বিষয় হৈছিল। কিন্তু বৰ্তমান ইণ্টাৰনেটৰ সুবিধাসমূহ আগতকৈ বঢ়া বাবে এইক্ষেত্ৰত সমস্যা কিছু হ’লেও কমিছে। অসমীয়া বাতৰি-কাকতসমূহৰ অনলাইন ভাৰ্ছন সহজে উপলব্ধ হৈছে। কেইবাগৰাকীও অসমীয়া শিল্পী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চকুত পৰা নহয় বাবে তেওঁলোকৰ বিষয়ে গুগলত ইমান তথ্য পোৱা নাযায়। কিন্তু অসমৰ ৰাইজে তেওঁলোকৰ বিষয়ে জানিব বিচাৰে। তেনে কেইবাগৰাকীও শিল্পীয়ে বিভিন্ন চেনেলত দিয়া সাক্ষাৎকাৰ ইউ টিউবত পোৱা যায়। আৰু তাৰ পৰা প্ৰবন্ধ লিখিবলৈ উজু হয়।

বৰ্তমান তথ্য-প্ৰযুক্তিয়ে নতুন শিখৰত অৱৰ্তীৰ্ণ হোৱাৰ সময়ত ভাষাও ডিজিটেল হৈ পৰিছে। কোনো এটা ভাষা কথিত-লিখিত ৰূপত থকাৰ উপৰিও ইণ্টাৰনেটতো ভাষাটোৰ যথেষ্ট পৰিমাণে সমল থাকিব লাগিব। তেতিয়াহে ভাষাটোৰ স্থায়িত্ব সন্দেহমুক্ত হৈ থাকিব। অসমীয়া ৱিকিপিডিয়াখনো হৈছে অসমীয়া ভাষাৰ তেনে এক সমল। অৱশ্যে ৱিকিপিডিয়াখন এতিয়াও চালুকীয়া হৈ থকা বুলি কব পাৰি। ৱিকিৰ বাবে নতুন প্ৰজন্ম সক্ৰিয়ভাৱে আগবাঢ়ি আহিব লাগিব। ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা আৰু বাঢ়িব লাগিব। এইখিনিতে একাষাৰ কথা কব বিচাৰো যে গুগল ট্ৰেন্সলেটৰত এতিয়াও অসমীয়া ভাষাটো উপলব্ধ নহয়। অথচ আমাৰ চুবুৰীয়া বঙালী ভাষাটো গুগল ট্ৰেন্সলেটৰত আছে। ইয়াৰ কাৰণ হ’ল বঙালী ভাষাৰ যথেষ্ট সমল ইণ্টাৰনেটত পোৱা যায়। গতিকে অসমীয়া ভাষাতো পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই বিশ্বমুখী কৰিবলৈ আমি এতিয়াৰ পৰাই আমাৰ কাম চলাই যাব লাগিব।

ৱিকিপিডিয়াৰ আন এটা ভগ্নীপ্ৰকল্প হৈছে ৱিকিউৎস। য’ত মই কিছুদিনৰ আগৰ পৰাহে লিখিব আৰম্ভ কৰিছো। ৱিকিউৎসও বহু সময় দিবলগীয়া কাম। প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো বানান চাই যাওতে সময়ৰ প্ৰয়োজন হয়। তদুপৰি ৱিকিপিডিয়াৰ তুলনাত ৱিকিউৎসত হাত উজান দিয়া সক্ৰিয় সম্পাদকৰ সংখ্যাও কম। গতিকে ৱিকিউৎস মন্থৰ গতিৰে আগবাঢ়িছে। গতিকে নতুন সম্পাদক এনে কামবোৰত আগবাঢ়ি আহিব লাগে বুলি মই পুনৰ দোহাৰিছো।

এইখনি কথাৰেই ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধি হোৱাৰ কামনা কৰি ‘মনৰ কথা’ ইমানতেই সামৰিছো। জয় আই অসম।

-Bidyut13 (talk) 17:31, 30 april 2019 (ইউ.টি.চি.)
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
মনপ্ৰীত কৌৰ

মনপ্ৰীত কৌৰ (জন্ম ৫ ৰ্মাচ,১৯৯০) ভাৰতৰ আম্বালাৰ এগৰাকী অলিম্পিক শ্বট-পুটাৰ। ২০১৭ চনত চীন দেশৰ জিনহোৱাত অনুষ্ঠিত হোৱা এছিয়ান গ্ৰেণ্ড প্ৰিস্কত ১৮.৮৬ মিটাৰৰ সোণৰ পদক বিজয়ী প্ৰৰ্দশনেৰে তেওঁ নিজকে বিশ্ব তালিকাৰ শীৰ্ষস্থানত লৈ যাবলৈ সক্ষম হৈছিল।তেওঁ মহিলাৰ শ্বট পুটৰ ১৭.৯৬ মিটাৰৰ ভাৰতীয় ৰেৰ্কডৰো অধিকাৰী। ২০১৬ চনত ৰিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক শ্বটপুটত প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হৈছিল।

কৌৰ তেওঁৰ পিতৃ-মাতৃৰ তিনি সন্তানৰ ভিতৰত সকলোতকৈ ডাঙৰ আছিল, তেওঁৰ পিতৃ এজন কৃষক আছিল আৰু কৌৰৰ ১৩ বছৰ বয়সতে পিতৃৰ মৃত্যু হৈছিল আৰু ২০০৬ চনত তেওঁৰ মাতৃ স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈছিল।তেওঁ তেওঁৰ ভাতৃসকলৰ সৈতে খেলা ধূলাত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ জৰিয়তেই ক্ৰীড়াৰ ক্ষেত্ৰখনৰ প্ৰতি তেওঁ আগ্ৰহী হৈ পৰিছিল। তেওঁক আৰম্ভণিতে ১০০ মিটাৰ দৌৰৰ বাবে এবছৰ প্ৰশিক্ষণ দিয়া হৈছিল যদিও তেওঁৰ ভাতৃয়ে মত দিছিল যে তেওঁৰ শ্বট-পুটতহে বেছি সম্ভাৱনা আছে। ভাতৃৰ মত সৰোগত কৰি তেওঁ শ্বটপুটৰ অভ্যাস আৰম্ভ কৰিছিল।তেওঁৰ বাসস্থান পাটিয়ালাৰ সাহাউলি গাঁওত আৰু ভাৰতীয় ৰেলৰ এগৰাকী কৰ্মচাৰী।

কৌৰ ২০০৭ ত Ostrovaত অনুষ্ঠিত হোৱা ৫ম IAAFত ৫ম বিশ্ব যুৱ প্ৰতিযোগিতাত নৱম স্থান পাবলৈ সক্ষম হৈছিল।২০১০ চনত তেওঁ ৩ বছৰৰ বাবে অৱসৰ গ্ৰহণ কৰিছিল আৰু ২০১৫ চনত মহিলাৰ শ্বটপুটৰ ১৮ বছৰীয়া এক ৰেৰ্কড ভংগ কৰি প্ৰত্যাবৰ্তন কৰিছিল। তেওঁ কলকাতাত অনুষ্ঠিত হোৱা নেচনেল অপেন এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল।

আৰু পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
এপ্ৰিল-২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ
  2. চালিম আলি
  3. তিতাফুল
  4. বগা বাহক
  5. বাহক
  6. বিশ্ব স্বাস্থ্য দিৱস
  7. দ্ৰুপদ বৰগোঁহাই
  8. মনপ্ৰীত কৌৰ
  9. সোঁৱালু
  10. শ্ববে বৰাত
  11. গগনদীপ কাং
  12. গোলাপ
  13. বকুল
  14. মদাৰ
  15. অপৰাজিতা
  16. জৱা
  17. বেলি ফুল
  18. লামডিং সংৰক্ষিত বনাঞ্চল
  19. বিশ্ব গ্ৰন্থ দিৱস
  20. ২৩ এপ্ৰিল
  21. ২১ এপ্ৰিল
  22. ২২ এপ্ৰিল
  23. মনোৰঞ্জন লাহৰী
  24. অকাজী ফুল
  25. ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস
  26. খৰিকা লতা
  27. খৰিকাজাই
  28. ইভা আচাও
  29. কঠনা ফুল
  30. মালতী
  31. এনিছকিলেন
  32. বিশ্ব মেলেৰিয়া দিৱস
  33. গুটিমালী ফুল
  34. সেউতী ফুল
  35. গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
  36. বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস
  37. অপাৰেচন অল ক্লিয়াৰ
  38. ৰাঙল ফুল
  39. মাধৈ মালতী
  40. মাধৱী লতা
  41. আহোম ধৰ্ম
  42. মনিকা আলী
  43. কৰবী ফুল
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত কামৰূপ জিলাৰ এখন গাঁওত ৰাভা জনগোষ্ঠীৰ এগৰাকী মহিলাই ভোটদান কৰাৰ দৃশ্য
২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত কামৰূপ জিলাৰ এখন গাঁওত ৰাভা জনগোষ্ঠীৰ এগৰাকী মহিলাই ভোটদান কৰাৰ দৃশ্য।

আলোকচিত্ৰশিল্পী: ভাৰতীয় নিৰ্বাচন আয়োগ
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
ৱিকিউৎসৰ উদীয়মান সম্পাদক
ঈশান জ্যোতি বৰা
The Special Barnstar (ৱিকিকমন্‌ছ)
প্ৰাণজ্যোতি নাথ
SVG Translator Barnstar (ৱিকিকমন্‌ছ)
দিব্য দত্ত
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫৪৫৪ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত গ্ৰন্থৰ সংখ্যা ১০৩ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত এপ্ৰিল ২০১৯ মাহটোক পদ্মনাথ গোহাঞিবৰুৱা মাহ হিচাপে পালন কৰা হয়৷ এইমাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-
    • অসমৰ বুৰঞ্জী (মুদ্ৰণ সংশোধন হোৱা নাই)
    • গদাধৰ (পাঠ্য স্তৰৰ প্ৰয়োজন)
    • গাওঁবুঢ়া (মুদ্ৰণ সংশোধন হোৱা নাই)
    • গীতাসাৰ (মুদ্ৰণ সংশোধন হোৱা নাই)
    • জয়মতী (পাঠ্য স্তৰৰ প্ৰয়োজন)
    • জুৰণি (মুদ্ৰণ সংশোধন হোৱা নাই)
    • টেটোন তামুলি (মুদ্ৰণ সংশোধন হোৱা নাই)
    • ভূত নে ভ্ৰম (মুদ্ৰণ সংশোধন হোৱা নাই)
    • লাহৰী (পাঠ্য স্তৰৰ প্ৰয়োজন)
    • লীলা (মুদ্ৰণ সংশোধন হোৱা নাই)
    • সাধনী (পাঠ্য স্তৰৰ প্ৰয়োজন)
  • ১১ আৰু ১২ মে’ ২০১৯ তাৰিখে গুৱাহাটীত প্ৰথম অসমীয়া ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত হ'ব। সবিশেষ জানিবলৈ এই পৃষ্ঠা চাওক।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ
গীতাৰ্থ বৰদলৈ ১৩ ২৭৮ ২৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ১৩০ ১১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ৩৩২ - ১৮২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি ৰুমী বৰা ২৫ ৭৮০ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ৩০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নৱজ্যোতি ২৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা - ৬৭ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণ জ্যোতি নাথ - ১০২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য - ৪৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ ছাং নাম ৭৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ বিদ্যুৎ শৰ্মা ৭১ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।