ৱিকিপিডিয়া :: প্ৰচাৰপত্ৰিকা :: অক্টোবৰ, ২০১৪
এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়া তথা ৱিকিউত্সৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।
অক্টোবৰ, ২০১৪ ত অসমীয়া ৱিকিপিডিয়া তথা অসমীয়া ৱিকিউত্স ত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:
অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ৩১ অক্টোবৰ, ২০১৪ তাৰিখত ২৯০০ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত চিত্ৰ গোলাঘাটৰ কাকডোঙা নদীৰ এক নৈসৰ্গিক দৃশ্য। কাকডোঙা নদীৰ এক নৈসৰ্গিক দৃশ্য। আলোকচিত্ৰশিল্পী: অনুপম শৰ্মা
ভাল প্ৰবন্ধ কৃষ্ণ (সংস্কৃত : कृष्ण; ইংৰাজী :Krishna) এজন হিন্দু আৰাধ্য অৱতাৰ। কৃষ্ণৰ অক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণু ৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়; অন্যহাতে কৃষ্ণধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক স্বয়ং ভগবান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দুধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতা ৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্ম বিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে। ভাগৱত পুৰাণ ত কৃষ্ণক প্ৰায়েই বাঁহী -বাদনৰত এক কিশোৰৰ ৰূপত বৰ্ণনা কৰা হৈছে। আকৌ ভগবদ গীতা ত তেওঁক এজন পথপ্ৰদৰ্শক আৰু সহায়ক তৰুণ ৰাজপুত্ৰৰ ৰূপত। হিন্দু দৰ্শন আৰু ধৰ্মতাত্ত্বিক ঐতিহ্যত কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহৰ পৰিধি বহুদূৰলৈ বিস্তৃত। তেওঁক কল্পনা কৰা হয় বিভিন্ন ৰূপত: কেতিয়াবা শিশুদেৱতা, কেতিয়াবা হাঁহি-ধেমালি-কৌতুকপ্ৰিয়, কেতিয়াবা আদৰ্শ প্ৰেমিক, কেতিয়াবা দিব্য নায়ক, আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত। কৃষ্ণ-সংক্ৰান্ত উপাখ্যানসমূহ মূলত: লিখিত আছে মহাভাৰত , হৰিবংশ, ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থত। (বিতং ভাৱে পঢ়ক... )
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং 1.41.0-wmf.28 (a053d10)।
মুঠ প্ৰবন্ধ সংখ্যা ১২,১৪০ টা।
মুঠ পৃষ্ঠা আছে ৮৮,৬৮৮ টা।
মুঠ সম্পাদনা কৰা হৈছে ৩,৮৪,২৩২ বাৰ।
মুঠ ১,৮১৭ টা ফাইল আপল'ড কৰা হৈছে।
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে ৩৮,৮৯৮ জন, সক্ৰিয় সদস্য ১০৪ জন আৰু ৪ জন প্ৰশাসক আছে।
বিশদকৈ জানিবলৈ ইয়াত ক্লিক কৰক।
এই তথ্যসমূহ ১৪৩০ ভাস্কৰাব্দৰ পূৱা ১১:২১ বজালৈ প্ৰযোজ্য।শেহতীয়া তথ্য চাওক
অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ
প্ৰাকৃতিক পৰিৱেশ
নৰ্থ ইষ্ট ইউনাইটেড এফ চি
কৈলাস সত্যাৰ্থী
টুৰ হেয়াৰ্ডাল
দুৰ্গা বড়ো
শিৰডীৰ সাই বাবা
অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
উল্লেখনীয় ৱিকিপিডিয়া পদক সদস্য সদস্য:হীৰক নয়ন ভূঞা , মৃগাংক নাথ আৰু লিণ্টন শইকীয়ালৈ ৱিকি উদ্যোগী ৱিকিপদক
তৃতীয় অসমীয়া ৱিকিসন্মিলন (গুৱাহাটী) ৰ ৱিকিপদক (২৫ অক্টোবৰ, ২০১৪, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী)
বন্ধুবৰ, উক্ত ৱিকিসন্মিলনত আপোনাৰ অৱদানৰ বাবে এই সামান্যতম সন্মান জনালোঁ। আপুনি তথা আপোনাৰ সীমিত সহযোগীৰ আপোনালোকৰ ক্লাৱৰ সৌজন্যত নিস্বাৰ্থ প্ৰয়াসৰে যেনেদৰে এই ৱিকিসন্মিলন সাফল্যমণ্ডিত কৰি তুলিলে তাৰ বাবে আমি সকলো অসমীয়া ৱিকিপিডিয়ান অত্যন্ত কৃতজ্ঞ। আশাকৰো অসমীয়া ৱিকিপিডিয়াৰ লগত এনেদৰেই জড়িত হৈ থাকি ইয়াক সমৃদ্ধিশালী কৰি তুলিব। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ বিষ্ণু শইকীয়া ⇒✉ 11:38, 5 নৱেম্বৰ 2014 (UTC)|}
বিষ্ণু শইকীয়া লৈ এই মাহৰ ৱিকিপিডিয়ান পদক
এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-
অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ
ঈশান কাশ্যপ হাজৰিকা লৈ উদগণি পদক
উদগণি পদক
এজন স্কুলিয়া ছাত্ৰ হৈও ৱিকিপিডিয়াত ৰাপৰ বাবে শ্ৰীমান IKHazarika -ক এই বিশেষ উদগণি পদক দিয়া হ'ল। আশাকৰোঁ তেওঁ ভবিষ্যতলৈ এজন আগশাৰীৰ ৱিকিপিডিয়ান হৈ উঠিব। প্রভাকৰ শৰ্মা নেওগ (talk ) 11:43, 30 অক্টোবৰ 2014 (UTC)
মঞ্জিল কোঁৱৰ লৈ অসমীয়া চলচ্চিত্ৰ পদক
অসমীয়া চলচ্চিত্ৰ পদক
অসমীয়া ৱিকিপিডিয়াত চলিত ২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ বিষয়ে কেইবাটোও প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰি তোলাৰ বাবে কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়ালোঁ। আশা কৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাবা। বিষ্ণু শইকীয়া ⇒✉ 10:48, 16 অক্টোবৰ 2014 (UTC)
প্ৰভাকৰ শৰ্মা নেওগ , গীতাৰ্থ বৰদলৈ , দিপাংকৰ চেতিয়া , অনিমেষ বৰা আৰু কন্দৰ্পজিত কল্লোল লৈ অক্লান্ত কৰ্মী পদক
অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া ⇒✉ 11:22, 5 নৱেম্বৰ 2014 (UTC)
চিৰিং চন্দন লৈ ৱিকিপিডিয়া পদক
The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া ⇒✉ 11:50, 5 নৱেম্বৰ 2014 (UTC)
কৰ্মশালা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটীত ২৫ অক্টোবৰত অসমীয়া ৱিকিপিডিয়াৰ এখন কৰ্মশালা তথা ৱিকিপিডিয়া সজাগতা সভা অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত হোৱা সকলোধৰণৰ কাৰ্যবিৱৰণী সম্পৰ্কে জানিবৰ বাবে (ইয়াত ) ক্লিক কৰক ।
কৰ্মশালাৰ কিছুসংখ্যক অংশগ্ৰহণকাৰী
অধিক আলোকচিত্ৰ
India Community Consultation Meet -2014 ত উপস্থিত (অধিক সংখ্যক) অংশগ্ৰহণকাৰী
সক্ৰিয় সদস্যসকল এই পৃষ্ঠাখন শেহতীয়াভাৱে ৫ নৱেম্বৰ, ২০১৪ ’ নৱীকৰণ কৰা হৈছে। বিগত মাহত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি উক্ত সংযোগটো পৰীক্ষা কৰিব পাৰে।
বিস্তৃত তালিকা....
ৱিকিপিডিয়া প্ৰচাৰপত্ৰিকাৰ পূৰ্বৱৰ্তী প্ৰকাশন সমূহ
প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ
২০১২ বৰ্ষ ২০১৩ বৰ্ষ ২০১৪ বৰ্ষ ২০১৫ বৰ্ষ ২০১৬ বৰ্ষ ২০১৭ বৰ্ষ ২০১৯ বৰ্ষ ২০২০ বৰ্ষ ২০২১ বৰ্ষ