ৱিকিপিডিয়ানৰ মনৰ কথা
|
অসমীয়া ৱিকিপিডিয়া ২০০২ চনতেই আৰম্ভ হোৱা কিন্তু ২০১৫ চনলৈকে মই গমেই নাপাওঁঁ যে ৱিকিপিডিয়াৰ প্ৰবন্ধবোৰ আমিও লিখিব পাৰোঁ৷ ২০১৫ চনত আমাৰ শিক্ষানুষ্ঠানখনত অসমীয়া ৱিকিপিডিয়া সমাজৰ এখন আলোচনাসভা অনুষ্ঠিত হয় আৰু মোক বন্ধু এজনে কথাটো জনালে৷ তেওঁৰ কথামতে তালৈ গ’লো আৰু অসমীয়া ৱিকিপিডিয়াৰ কথা গ’ম পালোঁ৷ কেনেকৈ একাউণ্ট খোলে কেনেকৈ লিখা হয় এইবোৰ৷ মিটিঙৰ পৰা আহি বহুত উচ্ছাহ৷ লিখিয়ে যাম এফালৰপৰা, এনে মনোভাৱ৷ মিটিঙত কৈছিল যে নিজৰ অঞ্চলটোৰ বিষয়ে লিখিব পাৰা, লিখি দিলোঁ৷ আৰু কি লিখোঁ কি লিখোঁ ভাবি আৰু এটা লিখি দিলোঁ৷ দুই লাইন মাত্ৰ৷ সদায় লিখিম ভাবিছিলোঁ লিখা নহ’ল এবছৰ মান৷ তাৰ পিছত ভবাও নহ’ল৷ মিটিঙত বহুত কৈছিলে বানান নাজানিলেও লিখিবা, শুদ্ধ কৰা মানুহ ওলাব৷ এইবোৰ কথায়ে মনত খু দুৱাই আছিলে কিন্তু লিখা নহ’ল৷
প্ৰায় তিনিবছৰৰ পিছত লগৰজনে ক’লে ৱিকিউৎসত লিখা মানুহ লাগে বহুত কম হৈ আছে৷ এখন কৰ্মশালা আছে৷ মই ভাবিলোঁ শিকি থোৱা যাওক সময়টো আছেই গতিকে লিখি থাকিব পাৰিম৷ কৰ্মশালাত সেইদিনা প্ৰথম বাৰৰ বাবে অসমৰ ৱিকিমিডিয়ান সকলক লগ পালোঁ৷ এওঁলোক এজন এজন ডাঙৰ ৱিকিমিডিয়ান৷ এজনে যদি ১০০ টাতকৈ অধিক প্ৰবন্ধ লিখিছে আনজনে কেইবাখনো কিতাপ দিনে ৰাতিয়ে টাইপ কৰি অসমীয়াত লিখিছে৷ মইটো পলাই দিওঁ যেন লাগিছিল৷ কিন্তু থাকিলোঁ কাৰণ কৰ্মশালাখন বহুত মনোগ্ৰাহী আছিল৷ মোৰ সদায় হামিয়াই হিকতিয়াই চকু ৰঙা হৈ থাকে কিন্তু কৰ্মশালাখনত হামিয়াই থকা মনত নপৰে৷ দুপৰীয়া আহাৰৰ সময়তো আমাৰ আহাৰ খাবলৈ উঠি যাবলৈ মন যোৱা নাছিল৷ কৰ্মশালাৰ প্ৰথম আকৰ্ষণ আছিল archieve.org. সংসাৰৰ কিতাপ বোৰটো তাতেই সোমাই আছে৷ মাত্ৰ download কৰক আৰু পঢ়ি যাওক আৰু যদিহে কিতাপখনৰ কপিৰাইট নাই সেইখন ৱিকি উৎসলৈ লৈ আহক৷ কৰ্মশালাটোৰ মুখ্য আকৰ্ষণ আছিল OCR৷ OCRৰ যি শক্তি গম পোৱাৰ পিছত সকলোৰে উচ্ছাহ কেইবা গুণো বাঢ়ি গ’ল৷ যি শিকালে আমি মন দি শিকি গ’লো৷ পিছত কৰ্মশালাৰ পৰা উভতি আহি লিখা আৰম্ভ কৰি দিলোঁ৷ সংশোধন বৈধকৰণ সকলো কৰি গৈ আছোঁ এতিয়াও৷ লাহে লাহে কিন্তু অলপ অলপ৷ ইমানো জীৱন ব্যস্ত নহয় তথাপিও সময়ে নিমিলে৷ সেইসকলক কিন্তু মানিব লাগিব যিসকলে বহু ব্যস্ততাৰ মাজতো কাম কৰি আছে নিয়মিতভাৱে৷ অসমীয়া ভাষাক আগুৱাই লৈ যোৱা এই সকল স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা আনছাং নায়ক নায়িকা৷
এতিয়া বৰ্তমানলৈ আহোঁ৷ মে’ মাহত CIS-A2K তৰফৰ পৰা এখন [প্ৰুফৰিডাথন]ৰ আয়োজন কৰা হৈছিল৷ ১ মে’ৰ পৰা ১০ মে’লৈকে হোৱা এই প্ৰতিযোগিতাত ভাৰতৰ মুঠ ১২টা ভাষাই অংশগ্ৰহণ কৰিছিল৷ অসমীয়া ৱিকিউৎসৰ তৰফৰ পৰা মুঠ ২৫জন সদস্য/ সদস্যাই অংশগ্ৰহণ কৰিছিল৷ এই সদস্য সদস্যা সকলৰ প্ৰচেষ্টাত অসমীয়া ৱিকিউৎসই প্ৰতিযোগিতাখনত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল৷ সৰ্বভাৰতীয় ভিত্তিত দুজনকৈ অসমীয়া ৱিকিমিডিয়ান প্ৰথম দহটা স্থানৰ ভিতৰত থাকে৷ এইয়া মাত্ৰ আৰম্ভণি আগলৈও অসমীয়া ৱিকিৰ স্বেচ্চাসেৱক সকলে এনে প্ৰচেষ্টা আগবঢ়াই যাব৷ বিকিউৎসৰ পুৰণি কিতাপবোৰ নপঢ়িলে বিশ্বাস কৰিব নোৱাৰি যে অসমীয়া ভাষাত বহুত ভাল পুথি আছিল৷ সকলোৱে এইসমূহ পুথি ডিজিটেলাইজ কৰাত সহায় কৰিব লাগে৷
মই আগতে গুৰুত্ব নিদিয়া ৱিকিপিডিয়াৰ এটা লিংক হল ‘যিকোনো এটা পৃষ্ঠা’৷ ই ৰেডিঅ’ত গান শুনি থকাৰ দৰে কেনি লৈ যায় প্ৰথমে জনা নাযায়৷ পঢ়িও ভাল লাগে, সম্পূৰ্ণ অজ্ঞাত বিষয়লৈ নিব পাৰে৷ কিছুমান জনা বিষয়ো দেখুৱায় ই৷ এইবোৰত কিছুমান সৰুসুৰা ভুল থাকি যায় যিবোৰ শুদ্ধ কৰিও ৱিকিলৈ অৱদান আগবঢ়াব পাৰি, নতুন কথা সংযোগ কৰিব পাৰি, পুৰণি প্ৰবন্ধ আপডেট কৰিব পাৰি৷ বহুত বহুত প্ৰবন্ধ লিখা সকলোৰে পক্ষে সম্ভৱ নহয় কিন্তু সকলোৱে এনেদৰে অলপ অলপ বৰঙনি আগবঢ়াব পাৰে ৱিকিজগতলৈ৷ আৰু এনেকৈয়ে অসমীয়া ৱিকি বহুদূৰ আগবাঢ়ি যাব বুলি মই বিশ্বাস কৰোঁ৷
নিৰঞ্জন বড়া (talk) 17:37, 31 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
|
ভাল প্ৰবন্ধ
|
গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড (ইংৰাজী: Pride parade) হৈছে সমকামী নাৰী, সমকামী পুৰুষ, উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান। এনে অনুষ্ঠানসমূহ প্ৰাইড মাৰ্চ (pride marche), প্ৰাইড ইভেণ্ট (pride event), গৌৰৱোৎসৱ বা প্ৰাইড ফেষ্টিভেল (pride festival) নামেৰেও পৰিচিত। কিছু ক্ষেত্ৰত এনে অনুষ্ঠানসমূহে আইনী অধিকাৰ যেনে একে-লিংগৰ লোকৰ বিবাহৰ অধিকাৰ, ৰূপান্তৰকামী লোকসকলৰ সম-অধিকাৰ আদিৰ বাবে বিক্ষোভ প্ৰদৰ্শন হিচাপেও কাম কৰে। গৰিষ্ঠসংখ্যক গৌৰৱ যাত্ৰা বাৰ্ষিকভাবে আয়োজিত এক অনুষ্ঠান আৰু ১৯৬৯ চনৰ নিউয়ৰ্ক মহানগৰৰ ষ্টনৱালৰ বিদ্ৰোহক স্মৰণ কৰি জুন মাহত আয়োজন কৰা হয়। ষ্টনৱালৰ বিপ্লৱে আধুনিক এলজিবিটিকিউ সামাজিক আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰতি বছৰে এলজিবিটি সমাজৰ নবীন-প্ৰবীণ সদস্যসকলক এই সমাজৰ ইতিহাস অধিক বিস্তাৰিতভাবে জনাৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ অংশ হিচাপে দীৰ্ঘদিনৰ পৰা চলি অহা এই পৰম্পৰালৈ আদৰণি জনোৱা হয়।
প্ৰবন্ধটি ইয়াত বিতংকৈ পঢ়ক
এপ্ৰিল মাহৰ ভাল প্ৰবন্ধ ক'ৰণা ভাইৰাছ ৰোগ ২০১৯ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
|
মে’-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ
|
মুঠ প্ৰবন্ধৰ সংখ্যা ~ ২৩৯
|
|
|
নিৰ্বাচিত চিত্ৰ
|
|
প্ৰভাকৰ শৰ্মা নেওগ: ২০০৭ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তেওঁ কৰ্মসূত্ৰে অসমৰ শিলচৰস্থিত জাতীয় প্ৰাদ্যোগিক সংস্থানত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৭,১০৮ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৯০। অসমীয়া ৱিকিপিডিয়াৰ লগতে ইংৰাজী ৱিকিপিডিয়া, ৱিকি কমন্স, ৱিকিউৎস, ৱিকিডে'টা আদি প্ৰায় কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে সৰ্বমুঠ ৮,১৫২ টা সম্পাদনা কৰিছে। লগতে অসমীয়া ৱিকিপিডিয়া আৰু কমন্সত বৰ্তমানলৈকে মুঠ ৪০ খন চিত্ৰ আপল’ড কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁক তেওঁৰ অৱদানৰ বাবে “অক্লান্ত কৰ্মী পদক”, “The Working Wikipedian's Barnstar”, “Golden Barnstar”, “The Teamwork Barnstar” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।
|
পদক
|
পদক |
পাওঁতাৰ নাম
|
বিশিষ্ট লেখক পদক |
ঈশান জ্যোতি বৰা, ডাঃ নয়নজ্যোতি শৰ্মা আৰু ড° ৰবীন জামান
|
ইতিকথা পদক |
চন্দন চিৰিং ফুকন
|
উদ্ভাৱন পদক |
অম্লান বসুমতাৰী
|
কাৰিকৰী বিশেষজ্ঞ পদক |
দিব্য দত্ত
|
কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক |
মৃদুল কুমাৰ শৰ্মা আৰু চাণক্য কুমাৰ দাস
|
প্ৰতিভাবান ন-সম্পাদকৰ পদক |
কুলধৰ ৰাভা
|
ৰামধেনু পদক |
অজয় দাস
|
ৱিকি উদ্যোগী পদক |
প্ৰদ্যুৎ প্ৰতীম দত্ত
|
সহযোগিতা পদক |
অন্বেষা ফুকন
|
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ অমূল্য অৱদান পদক |
ঈশান জ্যোতি বৰা, চাণক্য কুমাৰ দাস, বিশ্বজিৎ বৈশ্য, গীতাৰ্থ বৰদলৈ আৰু অনামিকা বড়া
|
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক |
প্ৰদ্যুৎ প্ৰতীম দত্ত, নিৰঞ্জন বড়া, অনিমেষ বৰা, ভাস্কৰজ্যোতি ভূঞা, প্ৰাণজ্যোতি নাথ, প্ৰিয়দৰ্শিকা মেধি, দিব্য দত্ত, নয়নজ্যোতি নাথ, হানিফ আলী, অনামিকা বৰুৱা, বিদ্যুৎ শৰ্মা, মৌচুমী দাস আৰু মৃদুল কুমাৰ শৰ্মা
|
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সহযোগিতা পদক |
নিজৰা কোঁচ, অম্লান বসুমতাৰী, বাবুল বৈশ্য, জলী ৰুমী বৰা, শশাংক বৰগোহাই, নিতিশা বৰদলৈ আৰু গীতাৰ্থ কৌশিক বৰঠাকুৰ
|
|
মে’-২০২০ৰ বিশেষ অভিলেখ
|
ভাৰতীয় অনলাইন মুদ্ৰন সংশোধন প্ৰতিযোগিতা ২০২০ত অসমীয়া ৱিকিউৎসৰ তৃতীয় স্থান।
একেটা মাহতে অসমীয়া ৱিকিপিডিয়াত দুই শতাধিক প্ৰবন্ধৰ সৃষ্টি আৰু অসমীয়া ৱিকিউৎসত দহৰো অধিক গ্ৰন্থৰ কাম সম্পূৰ্ণ।
অসমীয়া ৱিকিমিডিয়া অসমীয়া ৱিকিমিডিয়া ইউ টিউব চেনেলত নতুন সদস্যৰ বাবে দহৰো অধিক নতুন ভিডিঅ'ৰ কাম সম্পন্ন।
|
উল্লেখনীয় কাম
|
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬,৮৭৭ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৫২ খনলৈ বৃদ্ধি পালে।
- অনলাইন আলোচনা আৰু প্ৰশিক্ষণ:
- ১ মে'ত সাহিত্য সভাৰ সভাপতি শ্ৰীযুত কুল শইকীয়াৰ সৈতে কেইজনমান ৱিকিপিডিয়ানৰ অনলাইন বাৰ্তালাপ হয়।
- ৪ মে'ত অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ প্ৰশাসক গীতাৰ্থ বৰদলৈয়ে জুম এপৰ জৰিয়তে কেইবাজনো ন−শিকাৰুক মুদ্ৰণ সংশোধন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰে।
- ১৪ মে'ত জুম এপৰ জৰিয়তে অসমীয়া ৱিকিমিডিয়া সমাজৰ এখন আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।
- মে' মাহত অসমীয়া ৱিকিউৎসত সম্পূৰ্ণ হোৱা অন্যান্য গ্ৰন্থৰ তালিকা:
|
পৰিসংখ্যা আৰু অন্যান্য
|
পৰিসংখ্যা
অন্যান্য সংযোগ
ঘোষণা
|
|