ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | ছেপ্টেম্বৰ | ২০২১ | নৱম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
সদস্য ফটো ⵓ মৃদুল সিংহ ফুকন।

 সকলোকে নমস্কাৰ জনাইছোঁ, এই অভাজনক ছেপ্টেম্বৰ মাহৰ ৱিকিপত্ৰিকাৰ “ৱিকিপিডিয়ানৰ মনৰ কথা” শিতানত দুৱাষাৰ লিখিবলৈ দিয়া বাবে প্ৰথমেই “অসমীয়া ৱিকিপিডিয়া” বা “ৱিকিমিডিয়া সমাজ”ক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। পিছে কি লিখিম, ক’ৰ পৰা লিখিম একো উৱাদিহ পোৱা নাই। বাৰু! কিবা এটাৰে আৰম্ভ কৰোঁ। আচলতে কি জানে, ৱিকিপিডিয়াত যোগদান কৰা বহু বছৰেই হ’ল যদিও অভিজ্ঞতাৰ ফালৰ পৰা একেবাৰে নতুন, বহু বছৰ আগতেই অসমীয়া ৱিকিপিডিয়াৰ কথা বাতৰি কাকতত প্ৰকাশিত খবৰৰ যোগে জ্ঞাত হৈছিলোঁ, পিছে ইণ্টাৰনেটৰ সু-ব্যৱস্থা নথকা বাবে দৰ্শন কৰাৰ সৌভাগ্য হোৱা নাছিল। বহু বছৰৰ পিছত ‘টুজি’ (2G) ইণ্টাৰনেট সেৱা উপলব্ধ হোৱাত এদিন ইংৰাজী ৱিকিপিডিয়াত কিবা এটা তথ্য বিচাৰি থাকোঁতে ঘপহকৈ অসমীয়া ৱিকিপিডিয়াৰ কথা মনলৈ আহিল। সেইয়া আছিল ১৮ নৱেম্বৰ, ২০১৩ চনৰ কথা, সেই সময়ত পোনপতীয়াকৈ গুগলত তথ্য বিচাৰি অসমীয়াত টাইপ কৰিবলৈ সুবিধা নথকা বাবে ‘লিপ অফিছ’ত অসমীয়া টাইপ কৰিলৈ সেইয়া ‘কপি’ কৰি গুগলত বিচাৰি চালোঁ আৰু তেনেদৰেই প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়া দৰ্শন কৰা সৌভাগ্য হ’ল। সেই একেদিনাই ৱিকিপিডিয়াত একাউণ্ট এটাও খোলা হ’ল। অলপ পিছতেই সেইসময়ৰ অন্যতম সক্ৰিয় সদস্য শ্ৰীযুত দীপাংকৰ চেতিয়া দেৱৰ পৰা এটা আদৰণি বাৰ্তা লাভ কৰিলোঁ। সেই বাৰ্তাৰ যোগেদিয়েই “অসমীয়া ৱিকিমিডিয়া সমাজ - Assamese Wikimedia Community” নামৰ ফেচবুক গোটৰ লগত পৰিচিত হ’লোঁ। কিন্তু বহুদিনলৈকে কোনো ধৰণৰ সম্পাদনা কাৰ্যত জড়িত হোৱা নাছিলোঁ। পিছে মাজে মাজে কেতিয়াবা ধুমকেতুৰ দৰে ভূমুকি মাৰি বিভিন্ন তথ্য খুঁচৰিছিলোঁ। প্ৰথম সম্পাদনাটো কৰিছিলোঁ ৮ আগষ্ট, ২০১৫ চনত, সেইদিনা ভূগোলৰ তথ্য এটা বিচাৰি থাকোঁতে অসম্পূৰ্ণ ভূগোলৰ পৃষ্ঠাটো দেখা পাইছিলোঁ। পৃষ্ঠাটোত বিশেষ একো দেখা নাপাই হতাশ হ’লোঁ, মনতে থিৰ কৰিলোঁ যে এই পৃষ্ঠাটো আজি লিখিবলৈ চেষ্টা কৰি চোৱা হওক। অনভিজ্ঞ হোৱা বাবে কেইশাৰী মান বাক্য লিখোঁতেই ক’ব নোৱৰাকৈ তিনিঘণ্টা পাৰ কৰিলোঁ, তথ্যসূত্ৰ দিবলৈ যুঁজ বাগৰ চলিল, বাৰে বাৰে ভুল হ’ল; বুজিলোঁ যে মোৰ দ্বাৰা সম্ভৱ নহ’ব। তথাপিও সেই কেইশাৰী বাক্য লিখিয়েই বন্ধুসকলৰ আগত ৱিকিপিডিয়াৰ লেখক বুলি বিৰাট ফিতাহি এটা মাৰি ফুৰিছিলোঁ। এনেদৰে ১৩ চনৰ পৰা চলি অহা এই ধুমকেতুৰ যাত্ৰা এই বছৰৰ (২০২১ চন) এপ্ৰিলকৈ চলি থাকিল। এপ্ৰিল মাহত হঠাতে ক’ৰ’ণা ভাইৰাছৰ প্ৰকোপ বাঢ়ি কোভিদ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বিদ্যালয়সমূহ বন্ধ হৈ পৰিল। বিদ্যালয়ত সতাঁৰ পাঠদানৰ আৰম্ভ হৈছিল। হাতত পাঠ্যপুথি নথকা বাবে অসুবিধা আহি পৰিল, বহু ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ সহায় ল’ব লগা হ’ল। সতাঁৰ পাঠদানৰ প্ৰাতঃ সভাত পাঠ কৰা আজিৰ দিনটোৰ বাবে ইংৰাজী দিনপঞ্জীৰ পৃষ্ঠাত বাৰে বাৰে দৰ্শন কৰিবলৈ ধৰিলোঁ। অসম্পাদিত পৃষ্ঠাবোৰ দেখা পাই নিজে সম্পাদনা কৰিবলৈ ধৰিলোঁ। লাহে লাহে অন্য বিষয়ৰ পৃষ্ঠাবোৰলৈ গতি কৰিলোঁ। এনেদৰে ক’ব নোৱৰাকৈ ৱিকিপিডিয়াৰ মাজত সোমাই পৰিলোঁ। যদিও কোনো পদক বিচাৰি ফুৰা নাছিলোঁ, এই বছৰৰ জুলাই মাহত অসমীয়া ৱিকিমিডিয়া সমাজে “অক্লান্ত কৰ্মী পদক” আগবঢ়ালে। আমাৰ দ্বাৰা ফেচবুকত দিয়া ধন্যবাদ সূচক পোষ্ট এটাৰ যোগেদি ৱিকিপিডিয়াৰ সক্ৰিয় আৰু অভিজ্ঞ সদস্যসকলৰ সৈতে চছিয়েল মিডিয়াৰ যোগে পৰিচিত হ’লোঁ আৰু সেই মাহৰে প্ৰথম সপ্তাহত অসমীয়া ৱিকিমিডিয়া সমাজৰ হোৱাটছ এপ্ গোটতো সোমাই পৰিলোঁ। তেওঁলোকৰ পৰা ৱিকিপিডিয়া সম্পাদনাৰ সম্পৰ্কে নিতৌ ন ন কথা শিকিছোঁ। গতিকে ধন্য হৈছোঁ আৰু ধন্যবাদ দিছোঁ। এইয়া আছিল আমাৰ অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িতকৰণ।

 আনহাতে অনুভৱ হিচাপে ক’বলৈ গ’লে ৱিকিপিডিয়াত লিখাটো এক প্ৰকাৰৰ আচৰিত নিচা, এক বুজাব নোৱৰা আত্মপ্ৰসাদ, এই নিচা দিনে দিনে বাঢ়ি গৈয়ে আছে। যিসকলে এই নিচাত আসক্ত হৈছে তেওঁলোকে জ্ঞাত-অজ্ঞাতভাৱে অসমীয়া ভাষাটোৰ মেৰুদণ্ড মজবুত কৰি তোলাত বৃহৎ অৰিহণা যোগাইছে। এইয়া হৈছে নিজ মাতৃভাষাক সেৱা কৰাৰ এক সুৱৰ্ণ সুযোগ। সকলো অসমীয়া বিদ্বান লোকেই এই মহৎ কাৰ্যলৈ ধাৱমান হোৱা উচিত। ৱিকিপিডিয়াত থকা অফুৰন্ত তথ্যই তথ্য বা জ্ঞান-পিপাসুসকলৰ তথ্য বা জ্ঞানৰ ক্ষুধা নিবাৰণ কৰিছে। ছাত্ৰ-ছাত্ৰী, গৱেষক, শিক্ষক আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ সাৰথি হৈছে। ক’বলৈ গ’লে এইয়া অসমীয়া ভাষাৰ “ডিজিটেল জাগৰণ”। এই মহান কাৰ্যত জড়িত সকলোকে কোটি কোটি প্ৰণিপাত জনাইছোঁ। কিন্তু অসমীয়া ৱিকিপিডিয়াৰ “ডিজিটেল জাগৰণ” এতিয়াও সুপ্ত অৱস্থাত। জানিবলৈ পাইছোঁ যে, বৰ্তমানলৈকে অসমীয়া ৱিকিপিডিয়াত পঞ্জীভূত সদস্যৰ সংখ্যা ৩০,৭৪১জন আৰু সক্ৰিয় সদস্যৰ সংখ্যা প্ৰায় ১০০জনৰ আগে-পিছে আছে। অৰ্থাৎ মুঠ সদস্যৰ মাত্ৰ ০.৩৩ শতাংশ সদস্যহে সক্ৰিয়, ফলত অন্য ভাষাৰ তুলনাত আমি বহুত পিছত, এইয়া মুঠেই ভাল খবৰ নহয় বুলি ভাবোঁ। গতিকে সকলোকে সক্ৰিয় হ’বলৈ অনুৰোধ জনালোঁ। এই ক্ষেত্ৰত সচেতনতা সকলোৱে আছে বুলি অনুভৱ কৰোঁ। কিন্তু আমাক প্ৰয়োজন হৈছে “জাগ্ৰত জাগৰণৰ”। আশা ৰাখিছোঁ এই “জাগ্ৰত জাগৰণ” সোনকালেই আহক, অসমীয়া ভাষাৰ “ডিজিটেল জাগৰণৰ” অগ্ৰগতি হওক। তেহে হ’ব পাৰিম আমি প্ৰকৃত অসমীয়া জাতীয়তাবাদী। ধন্যবাদ।

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

গেম অফ থ্ৰোনছ (ইংৰাজী: Game of Thrones) হৈছে এইচবিঅ'ৰ বাবে ডেভিদ বেনিঅ'ফ আৰু ডেনিয়েল ব্ৰেট ৱেইছৰদ্বাৰা সৃষ্ট এখন ইংৰাজী ভাষাৰ আমেৰিকান ফেণ্টাচী ড্ৰামা টেলিভিছন শৃংখলা। ই জৰ্জ আৰ. আৰ. মাৰ্টিনৰ এক কাল্পনিক উপন্যাস শৃংখলা এ ছং অফ আইচ এণ্ড ফায়াৰৰ এক টেলিভিছন অভিযোজন। মাৰ্টিনৰ শৃংখলাটোৰ প্ৰথমখন গ্ৰন্থ হৈছে এ গেম অফ থ্ৰোনছ। গেম অফ থ্ৰোনছৰ দৃশ্যগ্ৰহণ যুক্তৰাজ্য, কানাডা, ক্ৰোৱেছিয়া, আইচলেণ্ড, মালটা, মৰক্কো আৰু স্পেইনত সম্পন্ন কৰা হৈছিল। ২০১১ চনৰ ১৭ এপ্ৰিল তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এইচবিঅ'ত প্ৰিমিয়াৰ হোৱা শৃংখলাটো ২০১৯ চনৰ ১৯ মে' তাৰিখে সমাপ্ত হয়। আঠটা ছিজনৰ শৃংখলাটোত মুঠ ৭৩টা খণ্ড সম্প্ৰচাৰিত হয়।

ৱেষ্টেৰোচ আৰু এছ'ছ নামৰ কাল্পনিক মহাদেশৰ পটভূমিত ৰচিত আৰু নিৰ্মিত গেম অফ থ্ৰোনছত কলাকুশলীৰ এক বৃহৎ গোট আছিল। গোটেই কালছোৱাত শৃংখলাটোৱে সমান্তৰালভাৱে কাহিনীৰ কেইবাটাও মোৰক আগবঢ়াই লৈ যায়। প্ৰথম আৰু মুখ্য কাহিনীটো ৱেষ্টেৰোচৰ সাতখন ৰাজ্যৰ আইৰন থ্ৰোন বা লৌহ সিংহাসনক কেন্দ্ৰ কৰি সম্ভ্ৰান্ত পৰিয়ালবোৰৰ মাজত ৰাজনৈতিক সংঘাতৰ বিষয়ে দেখুওৱা হৈছে। ক্ষমতাত অধিষ্ঠিত ৰাজপৰিয়ালৰ সাৰ্বভৌমতা অক্ষুণ্ণ ৰখাৰ প্ৰচেষ্টা আৰু অন্যান্য সম্ভ্ৰান্ত পৰিয়ালসমূহৰ মাজত সিংহাসনৰ প্ৰতিদ্বন্দ্বিতাকে ইয়াত মূলতঃ উপস্থাপন কৰা হৈছে। কাহিনীৰ দ্বিতীয়টো মোৰত ৰাজ্যৰ ক্ষমতাচ্যুত ৰাজবংশৰ অন্তিম বংশধৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁক এছ'ছলৈ নিৰ্বাসিত কৰা হৈছে যদিও তেওঁ পুনৰ সিংহাসন পুনৰুদ্ধাৰ কৰাৰ ষড়যন্ত্ৰ কৰি আছে। তৃতীয়টো ভাগত ৱেষ্টেৰোচৰ উত্তৰ সীমান্তৰ বহিৰাগত ভাবুকিৰ বিৰুদ্ধে ৰাজ্যখনক ৰক্ষা কৰা এক সামৰিক বাহিনী নাইটচ ৱাটচৰ কথা উপস্থাপন কৰা হৈছে। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ তাৰাৰ বিষয়ে ইয়াত পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
আগষ্ট-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৮৩

টকিঅ' অলিম্পিক ২০২০

  1. কমলপ্ৰীত কৌৰ
  2. ৰবি কুমাৰ দাহিয়া
  3. নীৰজ চোপ্ৰা
  4. অদিতি অশোক
  5. গ্ৰীষ্মকালীন অলিম্পিক ২০২০ত ভাৰত
  6. মনপ্ৰীত সিং (হকী খেলুৱৈ)
  7. দিলপ্ৰীত সিং
  8. লালৰেমচিয়ামী
  9. পি. আৰ. শ্ৰীজেশ
  10. ভাৱিনা পেটেল
  11. নিশাদ কুমাৰ
  12. বিনোদ কুমাৰ
  13. সুন্দৰ সিং গুৰ্জাৰ
  14. অৱনী লেখাৰা
  15. যোগেশ কাথুনিয়া
  16. সুমিত আন্তিল
  17. ‎শৰদ কুমাৰ
  18. ‎সিংৰাজ আধানা

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. গেব্ৰিয়েল লিপমেন
  2. নৰ্মান প্ৰিচাৰ্ড
  3. পিটাৰ ডিংকলেজ
  4. জোহান চেবাষ্টিয়ান বাক

অন্যান্য

  1. গেম অফ থ্ৰোনছ

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ধ্যান চান্দ
  2. মহাদেৱ গোবিন্দ ৰাণাডে
  3. ৰিংকু ৰাজগুৰু
  4. দয়ানন্দ সৰস্বতী
  5. শিৱা কেশৱন
  6. গগন নাৰং
  7. কে. ডি. যাদৱ
  8. বিজেন্দৰ সিং
  9. সুভদ্ৰা কুমাৰী চৌহান
  10. পি চিদাম্বৰম
  11. অঞ্জু ববী জৰ্জ
  12. এ শ্ৰীকৰ প্ৰসাদ
  13. শৈলী সিং

পৌৰাণিক আখ্যান

  1. যুধিষ্ঠিৰ
  2. দুঃশাসন
  3. দ্ৰুপদ
  4. উৰ্বশী
  5. অম্বিকা (মহাভাৰত)
  6. অম্বালিকা
  7. নকুল
  8. সহদেৱ

চলচ্চিত্ৰ

  1. চিত্ৰলেখা (চলচ্চিত্ৰ)
  2. নদিয়া কে পাৰ (১৯৮২ চলচ্চিত্ৰ)
  3. তিচৰী কচম
  4. আনন্দ (চলচ্চিত্ৰ)
  5. অমৰ প্ৰেম
  6. দেৱদাস (১৯৫৫ চলচ্চিত্ৰ)
  7. আকালেৰ সন্ধানে
  8. হাটে বাজাৰে
  9. ভূজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া
  10. ভুৱন সোম
  11. আৰাধনা (১৯৬৯ চলচ্চিত্ৰ)
  12. শ্যামচি আই (চলচ্চিত্ৰ)

অন্যান্য

  1. অলিম্পিকত ভাৰত
  2. কোম্পানী আইন ১৯৫৬
  3. প্ৰাৰ্থনা সমাজ
  4. আৰ্য সমাজ
  5. আদিযোগী শিৱ প্ৰতিমূৰ্তি
  6. ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল
  7. ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দল
  8. পেৰালিম্পিকত ভাৰত

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. মাধুৰ্যমণ্ডিত বৰুৱা
  2. অনিৰ্বাণ বৰগোহাঁই
  3. মনীষা হাজৰিকা
  4. অস্মিতা চলিহা
  5. বদন বৰুৱা

গ্ৰন্থ বিষয়ক

  1. কলিতা জাতিৰ ইতিহাস

চলচ্চিত্ৰ বিষয়ক

  1. অপুৰ সংসাৰ
  2. নীলকণ্ঠ (চলচ্চিত্ৰ)

সানমিহলি

  1. কামিং আউট
  2. ট্ৰিকোটিলোমেনিয়া
  3. বাজেট
  4. বিত্তীয় বৰ্ষ
  5. ডিমেন্‌চিয়া
  6. অৱক্ষয় (একাউণ্টিং)
  7. তাজ হোটেল
  8. আল-ক্বদৰ (ছুৰা)
  9. খৈৰাবাৰী গণহত্যা
  10. উত্তৰ কামৰূপ হিংসা
  11. কৃষ্ণ পক্ষ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
এবিধ বিলুপ্তপ্ৰায় খেতিৰ সঁজুলি, দোণ। বাঁহৰ সৰুকৈ তোলা কাঠিৰে বোৱা আৰু বেতৰ তমালেৰে গাঁঠি দি তৈয়াৰ কৰা দোণ হৈছে সৰু খৰাহী আকৃতিৰ এবিধ সামগ্ৰী। ইয়াৰ সহায়ত ধান জোখা হৈছিল।
আলোকচিত্ৰ শিল্পী: প্ৰণৱ জ্যোতি
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
পল্লৱী দত্ত বৰুৱা
ৱিকিউৎসৰ ভোটাতৰা পদক
প্ৰণামিকা অধিকাৰী
নাং মধুস্মিতা
পল্লৱী দত্ত বৰুৱা
ৰুমী বৰা
অমূল্য অৱদান পদক
চাণক্য কুমাৰ দাস
কুলধৰ ৰাভা
অনামিকা বড়া
মো. সাদমান ছাকিব
আয়োজক পদক
জলি বৰা
দিব্য দত্ত
ঈশান জ্যোতি বৰা
সহযোগিতা পদক
হানিফ আলী
চন্দন চিৰিং ফুকন
নয়ন জ্যোতি নাথ
ৰাজদ্বীপ ৰাজবংশী
নিৰঞ্জন বড়া
মৃদুল কুমাৰ শৰ্মা
বাবুল বৈশ্য
বিশ্বজিৎ বৈশ্য
গীতাৰ্থ বৰদলৈ
জ্যোতি প্ৰসাদ চৌধুৰী
দ্য অৰিজিনেল বাৰ্ণষ্টাৰ (Wq/as)
চাণক্য কুমাৰ দাস
দিব্য দত্ত
অনামিকা বড়া
কুলধৰ ৰাভা
চন্দন চিৰিং ফুকন
প্ৰতিভাবান ন-সম্পাদকৰ পদক
নাং মধুস্মিতা
অবিৰত ৱিকিযোদ্ধা পদক
অম্লান বসুমতাৰী




উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯০৮৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩৪৪ খনলৈ বৃদ্ধি পালে।

* অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
নাং মধুস্মিতা ২৯ ২০২৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা বড়া - ১৮৮৭- - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৫২ ১৭৭৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
পল্লবী দত্তবৰুৱা - ১৭৭৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ২১৪ ১৫৫২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা - ১৪৮৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী - ১৩৮০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মো. সাদমান ছাকিব ৫৯ ১৩৩৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস ২৫২ ১৩০৩ ৫৮ ৩১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ অম্লান বসুমতাৰী ৬৪৩ ৯৬ ৩২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ ঈশান জ্যোতি বৰা - ১০৩৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ মৃদুল সিংহ ফুকন ৮২০ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ বাবুল বৈশ্য ৪৬৬ ১১ - ৭৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ মৃদুল কুমাৰ শৰ্মা - ৩৭৪ ২৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ চন্দন চিৰিং ফুকন ১৬৩ ৩৯ ৪৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬ গীতাৰ্থ বৰদলৈ - ১৫১ ২৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ কন্দৰ্পজিৎ কল্লোল ৮৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮ হানিফ আলী ২২ ৬৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯ জলী ৰুমী বৰা - ৮৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০ অজয় দাস ৫৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২১ নয়ন জ্যোতি নাথ ১৭ ৩৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: চাগিৰ আহমেদ, মৌচিন আলী, ৰাজদ্বীপ ৰাজবংশী, ভাস্কৰজ্যোতি ভূঞা, শেৱালী ফুকন দত্ত, খিলঞ্জীত

ইনকুবেটৰ (Wq/as): চাণক্য কুমাৰ দাস (৫০৩), দিব্য দত্ত (২৭২), অনামিকা বড়া (৩০), কুলধৰ ৰাভা (২৬০), শেৱালী ফুকন দত্ত (৫৯), Nang Madhusmita (১৯), নয়ন জ্যোতি নাথ (১৪), চন্দন চিৰিং ফুকন (৭৪) ৷

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।