ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱেম্বৰ-২০১৯ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননী পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। তাৰ উপৰি ভাল লাগিছিল এইটো ভাবি যে মই মোৰ জীৱনত যিবোৰ পৃষ্ঠা ৱিকিপিডিয়াত বা ৱিকিউৎসত সৃষ্টি কৰি থৈ যাম সেইবোৰৰ ইতিহাস যুগযুগান্তৰলৈ মোৰ নামতেই ৱিকিপিডিয়াত খোদিত হৈ থাকিব। আমি এনেকৈ সৃষ্টি কৰা পৃষ্ঠাবোৰে আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে সদায় সহায়ক হৈ পৰিব। আজি এই কথা বহুতেই উপলদ্ধি কৰিব পৰা নাই যদিও, অনাগত দিনত এই কথা নিশ্চয় স্বীকাৰ কৰিবই লাগিব। এই কথাটোৱেই মোক বহুত প্ৰেৰণা দি আহিছে।

--নিতুল বৰা

বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি সংকটৰ সন্মুখীন হৈছে তাৰ বাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ নিতান্তই প্ৰয়োজনীয়। সেই দৃষ্টিত অসমীয়া ৱিকিপিডিয়াও সমানে গুৰুত্বপূৰ্ণ। নিজৰ মাতৃভাষাত ইন্টাৰনেটত কিবা পঢ়িবলৈ পোৱা নিশ্চয় এক বুজাব নোৱাৰা অনুভূতি। তদুপৰি ৱিকিত কিবা লিখিলে আত্মসন্তুষ্টি লাভ হয়। ৱিকিপিডিয়া সম্পাদনা কৰিলে নিজৰ জ্ঞান বঢ়াৰ লগতে আন বহুজন পাঠকৰ লাভ হয়। --অজয় দাস

অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত ছাত্ৰ সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীসকলে তেঁওলোকৰ পাঠ্যবিষয় সমূহ, যেনে- বিজ্ঞান, গণিত, অৰ্থনীতি, ৰাজনীতি, সাহিত্য আদিৰ বিষয়সমূহ ৱিকিপিডিয়াত লিখিব পাৰে। ই দুই প্ৰকাৰৰ লাভ প্ৰদান কৰিব, প্ৰথমতে শিক্ষাৰ্থীসকলৰ নিজৰ অধ্যয়ন হ'ব লগতে ৱিকিপিডিয়াও জ্ঞানবৰ্ধক লিখনিৰে সমৃদ্ধিশালী হ'ব। 'ফেচবুক'ৰ দৰে সামাজিক ৱেবছাইটত আজিৰ যুৱ-সমাজে যিমান সময় খৰছ কৰে তাৰ আধা সময়ো যদি ৱিকিপিডিয়াত খৰছ কৰে, তেতিয়া তেঁওলোকৰ লগতে সমাজৰো বহু উপকাৰ সাধন কৰা হ'ব বুলি ভাব হয়। সেইবাবে অসমৰ শিক্ষাৰ্থী তথা যুৱ-সমাজক ৱিকিপিডিয়াত বৰঙণি আগবঢ়াবলৈ আহ্বান জনালোঁ। --দিব্য দত্ত

বহুখিনি হোৱা দেখিলোঁ। বহুখিনি হ'বলৈ এতিয়াও বাকী। বহু ভাৰতীয় ভাষাৰ ৱিকিপিডিয়া, ৱিকিউৎসৰ তুলনাত আমি এতিয়াও পিছপৰা। ফে'চবুকত কথাৰ মহলা মৰা মানুহ বহুত, কিবা এটা কৰিবলৈ আগবাঢ়ি অহা মানুহ কম। তথাপিওতো হেঁপাহৰ শেষ নাই। অসমীয়া ৱিকিমিডিয়া প্ৰকল্পবোৰ জাকত জিলিকা হোৱালেই এতিয়া আমাৰ অপেক্ষা। --গীতাৰ্থ বৰদলৈ
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
নাউৰুৰ মানচিত্ৰ

নাউৰু (আধিকাৰিক নাম: নাউৰু গণৰাজ্য; নাউৰুয়ান ভাষাত: Repubrikin Naoero, ৰিপুব্ৰিকিন নাওয়েৰো) দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মাইক্ৰ'নেছিয়া অঞ্চলৰ এক ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ নিকটতম দ্বীপ হ'ল ৩০০ কিলোমিটাৰ পূব দিশে অৱস্থিত কিৰিবাছৰ বানাবা দ্বীপ। নাউৰু মাটিকালি মাত্ৰ ২১ বৰ্গ কিলোমিটাৰ; ই ভেটিকান চিটি আৰু ম'ন'ক'ৰ পাছতে পৃথিৱীৰ তৃতীয় ক্ষুদ্ৰতম ৰাষ্ট্ৰ। ই পৃথিৱীৰ ক্ষুদ্ৰতম গণতন্ত্ৰ আৰু দ্বীপ ৰাষ্ট্ৰও; আৰু ইয়াৰ কোনো ৰাজধানী নাই। জনসংখ্যাৰ ফালৰ পৰা জুলাই ২০১৬-ৰ তথ্য অনুসৰি ১১,৩৪৭ জন লোকেৰে নাউৰু ভেটিকান চিটি আৰু টুভালুৰ পাছতে পৃথিৱীৰ তৃতীয় কম জনবহুল ৰাষ্ট্ৰ।

নাউৰুৰ আদি বাসিন্দাসকল হৈছে মাইক্ৰ'নেছীয় আৰু পলিনেছীয় মূলৰ লোক। ঊনবিংশ শতিকাৰ শেষভাগত জাৰ্মানীয়ে ইয়াক দখল কৰে। প্ৰথম বিশ্বযুদ্ধৰ পাছত ই অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যৰ অধীনৰ এক লিগ অফ নেছন মেণ্ডেট বা প্ৰশাসনিক অঞ্চলত পৰিণত হয়। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময় জাপানে নাউৰু দখল কৰে। যুদ্ধৰ শেষত ই পুণৰ অধীনস্থ প্ৰশাসনিক অঞ্চল পৰিণত হয়, আৰু অৱশেষত ১৯৬৮ চনত পূৰ্ণ স্বাধীনতা লাভ কৰে।

নাউৰু এক ফছফেট-শিলাৰ দ্বীপ। পূৰ্বতে ইয়াত ফছফেট আহৰণৰ বাবে অত্যাধিক খনন কাৰ্য চলিছিল আৰু এয়াই আছিল নাউৰুৰ অৰ্থনীতিৰ মূল উৎস। পিছে ২০১১ চনৰ তথ্য অনুসৰি দ্বীপটোত ফছফেটৰ পৰিমান প্ৰায় শেষ হৈ আহিছে আৰু ইয়াৰ খনন অৰ্থনৈতিক ভাবে লাভজনক হৈ ৰোৱা নাই।

বিতংকৈ পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
অক্টোবৰ-২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. জুংক' টাবেই
  2. টাই আহোম চিত্ৰশৈলী
  3. হাৰ্বাট ক্লেবাৰ
  4. টেকেলি পিঠা
  5. ডখৰা খাৰ
  6. দুন্দভি
  7. লাহৰী
  8. পিয়লী ফুকন (চলচ্চিত্ৰ)
  9. ৰাঘৱ চন্দ্ৰ ডেকা
  10. ৰাজঘাট সমাধি পৰিসৰ
  11. বৈষ্ণৱ জন তো
  12. ‎ইমৰান খান
  13. মায়ামৰা সম্প্ৰদায়
  14. দুবৰি বন
  15. চলমান খান
  16. বিজয়া দশমী
  17. প্ৰিয়ংকা মজুমদাৰ
  18. আমিৰ খান
  19. মায়ামৰা সত্ৰ
  20. কাল সংহতি
  21. ‎লগান
  22. দংগল
  23. ৰোনিত ৰয়
  24. হেলচ
  25. আদ্যপ্ৰাণী
  26. নাউৰু
  27. নিত্যানন্দদেৱ
  28. ‎কোষ বেৰ
  29. কোমলদেহী প্ৰাণী
  30. আয়েশা চৌধুৰী
  31. অমেৰুদণ্ডী প্ৰাণী
  32. পিটাৰ জন ৰেটক্লিফ
  33. যমুনামুখ (বিধানসভা সমষ্টি)
  34. এ ললিতা
  35. গ্ৰেগ লিয়নাৰ্ড চেমেনজা
  36. উইলিয়াম কেলিন জুনিয়ৰ
  37. কাজিৰঙা মহাবিদ্যালয়
  38. জিম পিবলছ্
  39. ডিডিয়াৰ কুয়েলজ
  40. নাৰদ
  41. ‎আকিৰা য়শ্বিন'
  42. এম. ষ্টেনলী হুইটটিনগাম
  43. জন বেনিষ্টাৰ গুডএনাফ
  44. ওপজা সোণৰ মাটি (চলচ্চিত্ৰ)
  45. মমতা (চলচ্চিত্ৰ)
  46. প্ৰাচীন হিন্দী
  47. ‎প্ৰাগজ্যোতিষপুৰ
  48. শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ
  49. পিটাৰ হেণ্ডকে
  50. চেপেটা কৃমি
  51. ধন্দ কেশৱ কৰ্ৱে
  52. উজনি অসম
  53. ষ্টিভেন স্পিলবাৰ্গ
  54. ধেমাজি
  55. মাক আৰু মৰম
  56. ঘূৰণীয়া কৃমি
  57. আবি আহমেদ আলি
  58. ক্ৰা-ডাই ভাষা
  59. এইচ ডি দেৱেগৌড়া
  60. জাহাংগীৰ ৰতনজী দাদাভাই টাটা
  61. চিদাম্বৰম সুব্ৰমনিয়াম
  62. লুক লাও
  63. ‎লাও
  64. সুধীৰ নাথ
  65. প্ৰহ্লাদ চৰিত্ৰ
  66. নামঘোষা
  67. ‎ষঠ পূজা
  68. ভক্তি ৰত্নাৱলী
  69. শকুন্তলা (চলচ্চিত্ৰ)
  70. বলয়ী প্ৰাণী
  71. ‎লাক্ষাদ্বীপ
  72. ৰঙিয়া ৰাইজমেল
  73. পুডুছেৰী
  74. দমন আৰু দিউ
  75. কণ্টকচৰ্মী প্ৰাণী
  76. অভিজিৎ বেনাৰ্জী
  77. দূৰদৰ্শন (চেনেল)
  78. ‎প্ৰতিধ্বনি (চলচ্চিত্ৰ)
  79. পদুম কুঁৱৰী
  80. ইস্থাৰ ডাফ্লো
  81. মাইকেল ক্ৰেমাৰ
  82. ভাৰতৰ ভুৱা বাতৰি
  83. একনলদেহী প্ৰাণী
  84. কাৰেঙৰ লিগিৰী
  85. কনফুচিয়াছ
  86. বাৰেমতৰা
  87. দাদৰা আৰু নগৰ হাভেলী
  88. ‎চণ্ডীগড়
  89. জেইল সিং
  90. ‎চন্দ্ৰ শেখৰ
  91. তেজীমলা (চলচ্চিত্ৰ)
  92. নতুন দিল্লী
  93. দ্বীপান্বিতা
  94. খাও ৰুম
  95. ‎মহেন্দ্ৰ কন্দলি
  96. আহোম সাহিত্য
  97. মনোজ কুমাৰ দাস
  98. ‎টু কিল এ মকিংবাৰ্ড
  99. জোন অফ আৰ্ক
  100. অসম ৰাজ্যিক সংগ্ৰহালয়
  101. ‎সমীকৰণ
  102. পচতি উৎসৱ
  103. নন্দোৎসৱ
  104. ওৱাংগালা উৎসৱ
  105. অসমৰ চিত্ৰকলাৰ ইতিহাস
  106. গাণিতিক প্ৰমাণ
  107. পৰিসংখ্যা
  108. ‎কামপুৰ উচ্চত্তৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
  109. বাঁহ পূজা
  110. একাদশী তিথি
  111. ‎শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা
  112. হেনৰী ফৰ্ড
  113. অসম লোকসেৱা আয়োগ
  114. জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯
  115. কোমল চাউল
  116. ৰংঘৰৰ পৰিচয়
  117. উদাৰনৈতিকতাবাদ
  118. তীক্ষ্ণদন্তী প্ৰাণী
  119. ‎কামৰূপী উপভাষা
  120. পুহ
  121. ২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ
  122. ‎জাৰ্মান ভাষা
  123. ছিটা
  124. ‎বন্দিতা ফুকন
  125. বড়োলেণ্ড
  126. অসম বিজ্ঞান লেখক সংস্থা
  127. বৰ্ণবৈষম্য নীতি
  128. ফৰাচী বিপ্লৱ
  129. অসমৰ অৰ্থনীতি
  130. অসমীয়া গীতি সাহিত্য
  131. ‎মানৱ সংক্ৰামক
  132. নাগৰিকত্ব
  133. গোলকীকৰণ
  134. ‎ইটাখুলিৰ ৰণ
  135. ঋতুস্ৰাৱ
  136. ‎স্পঞ্জ
  137. ‎সাংস্কৃতিক বিপ্লৱ
  138. ‎উগ্ৰতাৰা দেৱালয়
  139. কফিল উদ্দিন ছোনাৰ
  140. ‎শিশু
  141. ‎গোবৰ ৰজা
  142. দীপক ভট্টাচাৰ্য
  143. ‎হাছিবুল ইছলাম মিজান
  144. আৰ ভেঙ্কটৰমন
  145. ‎সপ্তকাণ্ড ৰামায়ণ
  146. ২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ
  147. শিল্প বিপ্লৱ
  148. স্থানাংক জ্যামিতি
  149. হস্তীবিদ্যাৰ্ণৱ
  150. আলফ্ৰেড হিচকক
  151. ‎ইহুদী গণহত্যা
  152. আইনাম
  153. ‎আতন বুঢ়াগোহাঁই
  154. ‎ইন্দৰ কুমাৰ গুজৰাল
  155. ৰক্তদল
  156. কলা
  157. সম্ভাৱিতা
  158. ৰাম প্ৰবেশ মণ্ডল
  159. ‎পাৰভেজ ৰব
  160. জাকিৰ খান
  161. ‎শঙ্কৰ দয়াল শৰ্মা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
দ্বীপান্বিতাৰ সন্ধিয়া অসমগুৱাহাটী মহানগৰৰ দৃশ্য
আলোকচিত্ৰশিল্পী: Kinshuk Kashyap
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
অনামিকা বড়া‎
প্ৰতিভাবান নবাগত লেখক পদক
এছ. এম. নাজমুছ ছাকিব
নীতিশ কুমাৰ দুৱৰা







উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬০৬০ টালৈ বৃদ্ধি পালে।
  • ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ বাবে চলি আছে ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০। অসমীয়া ভাষাৰ প্ৰবন্ধ সৃষ্টি বা বিস্তাৰত আপুনিও সহযোগ কৰক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। সময়সীমা: ১০ অক্টোবৰ, ২০১৯ - ১০ জানুৱাৰী, ২০২০
  • ৱিকিকমন্স আৰু অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২২৩ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত অক্টোবৰ, ২০১৯ মাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-

নবীনচন্দ্ৰ বৰদলৈ

আনন্দচন্দ্ৰ আগৰৱালা


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা(চুমু) বড়া ৯৫ ১,৮৩৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ৭৯৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
KhiLanTzi ২৭৭ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ২৬০ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ১৮৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ভাস্কৰজ্যোতি ভূঞা ৮৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনিমেষ বৰা - ৫৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ ৪৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অংশুমান দত্ত ৪২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ জলি ৰুমী বৰা ৩৭ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ এছ. এম. নাজমুছ ছাকিব ৩৫ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।