ৱিকিপিডিয়ানৰ মনৰ কথা
ৱিকিপিডিয়াৰ জগতখনত মই নতুন সদস্য। দুবছৰমানৰ পৰাই এই জগতত সোমাবলৈ ইচ্ছা কৰিও অহেতুক ভয় আৰু সংকোচৰ বাবে পৰা নাছিলোঁ। প্ৰথমে একাউণ্ট সৃষ্টি কৰিবলৈ গৈ অসমৰ্থ হৈছিলোঁ। ৱিকিপিডিয়াৰ বিষয়ে জানিবলৈ গুগলত সময় পালেই কেতিয়াবা অনুসন্ধান কৰিছিলোঁ; যদিও ভালদৰে নজনাৰ বাবে ইয়াত সোমাব পৰা নাছিলোঁ।
যোৱা মে’/জুন মাহৰ কোনোবা এটা দিনত, ফেচবুকৰ জৰিয়তে চিনাকি হৈ পিছত আপোন হৈ পৰা ভাতৃসম বন্ধু শ্ৰী মৃদুল কুমাৰ শৰ্মাৰ আহ্বান আৰু সাহসত ৱিকিপিডিয়াত এটা একাউণ্ট সৃষ্টি কৰি, আৰম্ভণিৰ কাম হিচাপে মৃদুলে দেখুৱাই দিয়া মুদ্ৰণ সংশোধনৰ কাম কৰিবলৈ লওঁ। এই কামত পাৰ্গত হ’বলৈ বহুদূৰ বাকী; তথাপি সাধ্যানুসাৰে কৰি আছোঁ। নিতৌ নতুন নজনা কথা জানিব পাৰিছোঁ। এখোজ দুখোজকৈ প্ৰথমে মৃদুল আৰু এতিয়া অনামিকা, পল্লবী, দিব্য, নয়ন, গীতাৰ্থ বৰদলৈ আৰু বহু এতিয়ালৈ চিনাকি নোহোৱা সক্ৰিয় সদস্যৰ আন্তৰিক সহযোগিতাত ৱিকিৰ জগতত সদায় কিছু সময় বিচৰণ কৰি আছোঁ। এইকাৰণেই ৱিকিক এখন জগত বুলি কৈছোঁ। সদস্যসকলৰ মাজৰ সৌহাৰ্দ্যপূৰ্ণ ভাব-বিনিময়ে চাক্ষুস চিনাকি নথকাতো পৰস্পৰৰ মাজত এক সুদৃঢ় ভাতৃত্ববোধৰ ভাব জগাই তুলিছে। এই জগত “জ্ঞানৰ জগত”, নিতৌ নতুন কথাৰে মনৰ ভঁৰাল ভৰাব পাৰি। সেয়ে, ইয়াত কাম কৰাটো এতিয়া এক নিচা হৈ পৰিছে। এই নিচাৰ বাবেই আজৰি সময়ৰ সদ্ব্যৱহাৰৰ বাবে লেপটপটো কৰ্মক্ষেত্ৰলৈ কঢ়িয়াই নিওঁ। সহকৰ্মীসকলে সোধে, কি লাভ হ’ব? মই কওঁ, অসমীয়া ভাষা হেৰাই যোৱাৰ ভয় নোহোৱা হ’ব। অসমীয়া ভাষা জগত সভালৈ যাব। বৰ্তমান ভুলত অভ্যস্ত হৈ পৰা ভাষাৰ ভুলবোৰ নোহোৱা হ’ব। অতীতৰ মহা-মূল্যবান অসমীয়া সাহিত্যৰাজি ইণ্টাৰনেটযোগে নৱ-প্ৰজন্মই অধ্যয়ন কৰাৰ সুযোগ পাব। সুখৰ কথা, এতিয়া মোক সহকৰ্মীসকলে আজৰি সময় উলিয়াই দিয়ে। মই ইয়াত জড়িত হোৱা বাবে তেওঁলোকে গৰ্ব অনুভৱ কৰে। এগৰাকী সহকৰ্মী এই জগতত সোমাবলৈ প্ৰস্তুত হৈ পৰিছে। এগৰাকী নতুন সদস্য বাঢ়িব।
আৰু কি লিখিম? অসমীয়া ৱিকিসমাজৰ খ্যাতি ৰৈ বৈ যাওক। ইয়াৰ সৈতে জড়িত সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। সুৱদী-সুৰীয়া অসমীয়া ভাষা অজৰ-অমৰ হওক।
“জয়তু ভাষা জননী’’
নমস্কাৰ।
Pranamikaadhikary (
talk )
18:10, 29 November 2020 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
ভাল প্ৰবন্ধ
কুশল কোঁৱৰ শৰ্মা
কুশল কোঁৱৰ শৰ্মা এগৰাকী ভাৰতীয় পশু চিকিৎসক আৰু হাতী বিশেষজ্ঞ। বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ “হাতী ডাক্তৰ” নামেৰে জনপ্ৰিয়ভাৱে পৰিচিত আৰু "এছিয়াৰ হস্তীমানৱ" উপাধিৰে বিভূষিত। ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে। ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে। শৰ্মাই সমগ্ৰ উত্তৰ-পূবত ৰিমৰ্ট ট্ৰেংকুলাইজড ইনজেকশ্যনৰ কৌশল উদ্ভাৱন কৰিছিল। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছিল। বৰমাৰ পৈতৃক ঘৰত তেওঁলোকৰ 'লক্ষ্মী' নামেৰে এজনী বৃদ্ধা হাতী আছিল। শিশু কুশল কোঁৱৰ শৰ্মায়ে হাতীজনীৰ লগত সময় কটাই ভাল পাইছিল। দুৰ্ভাগ্যবশত হাতীজনী গধুৰ বস্তু কঢ়িয়াই থাকোঁতে আঘাতপ্ৰাপ্ত হয়। পিতৃ আন চহৰত বদলি হোৱাৰ বাবে কুশল কুঁৱৰে পিছলৈ আইতাকৰ পৰা গম পালে যে উপযুক্ত চিকিৎসাৰ অভাৱত আঘাতপ্ৰাপ্ত হাতীজনীৰ মৃত্যু হয়। এই ঘটনায়ে তেওঁক এগৰাকী পশু চিকিৎসক তথা হস্তী বিশেষজ্ঞ হবলৈ প্ৰেৰিত কৰিছিল।
ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে। ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে।
২০১৮ চনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী য়ে তেওঁক 'উৎকৃষ্টতা বঁটা' প্ৰদান কৰিছিল আৰু "এলিফণ্ট মেন অৱ এছিয়া" উপাধিৰে সন্মানিত কৰিছিল। পশু চিকিৎসাৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানক সন্মান জনোৱাবাবে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত পদ্মশ্ৰী প্ৰদান কৰে।
ইয়াত বিতংকৈ পঢ়ক
যোৱা মাহৰ ভাল প্ৰবন্ধ
মহামন্দা ৰ বিষয়ে
ইয়াত বিতংকৈ পঢ়িব পাৰে...
নৱেম্বৰ-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ
মুঠ প্ৰবন্ধৰ সংখ্যা = ৫৮
নিৰ্বাচিত চিত্ৰ
দিপাংকৰ চেতিয়া : ২০০৯ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ২,৯৬৬ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৬০। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৩,৬৪৩টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “The Working Wikipedian's Barnstar” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
পদক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
অনামিকা বড়া
গণতন্ত্ৰ পদক
বাবুল বৈশ্য
বিশিষ্ট লেখক পদক
অজয় দাস
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ অমূল্য অৱদান পদক
কুলধৰ ৰাভা ,প্ৰাণজ্যোতি নাথ ,দিব্য দত্ত ,ৰুমী বৰা , ঈশান জ্যোতি বৰা , প্ৰদ্যুৎ প্ৰতীম দত্ত ,প্ৰণামিকা অধিকাৰী , গীতাৰ্থ বৰদলৈ আৰু অনামিকা বড়া
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
নিৰঞ্জন বড়া ,নয়নজ্যোতি নাথ , অনিমেষ বৰা , মৌচুমী দাস ,পল্লবী দত্ত বৰুৱা ,বাবুল বৈশ্য ,পৰশমণি বড়া , দীপকজ্যোতি মহন্ত , বিশ্বজিৎ বৈশ্য ,জলী ৰুমী বৰা , জ্যোতি প্ৰসাদ চৌধুৰী
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সহযোগিতা পদক
অম্লান বসুমতাৰী ,চাণক্য কুমাৰ দাস ,হানিফ আলী ,ভাস্কৰজ্যোতি ভূঞা ,ৰাজদ্বীপ ৰাজবংশী ,মৃদুল কুমাৰ শৰ্মা ,Jadab2018 ,শশাংক বৰগোহাই ,শশাংক চন্দ্ৰ দাস
নৱেম্বৰ-২০২০ৰ বিশেষ অভিলেখ
১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে অনুষ্ঠিত দ্বিতীয়খন সৰ্বভাৰতীয় পৰ্যায়ৰ ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ (নৱেম্বৰ) সম্পাদনা মেলা ত ২৯ জন সদস্যই ৫০ খন কিতাপৰ কাম কৰে।
আলিবাবা আৰু দুকুৰি ডকাইত (আজলীতৰা নেওগ, ১৯৩১ চন)
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা (আজলীতৰা নেওগ, ১৯৩৭ চন)
আল্লাউদ্দিন আৰু এটি আচৰিত চাকি (আজলীতৰা নেওগ, ১৯৩১ চন)
এক ব্যৰ্থ যাত্ৰা (পিনাকপাণি বৰুৱা, ২০১০চন)
শিক্ষা-বিচাৰ (শৰৎচন্দ্ৰ গোস্বামী,১৯২৩ চন)
দেৱজিত (মাধৱ কন্দলি,১৯১০ চন)
উদ্যোগপৰ্ব্ব (ৰাম সৰস্বতী,১৯২৭ চন)
খটাসুৰ বধ আৰু জঙ্ঘাসুৰ বধ (ৰাম সৰস্বতী,১৯৪৯ চন)
সুধন্বাবধ পৰ্ব্ব (হৰিদাস বিপ্ৰ, ১৯০৭চন)
কিষ্কিন্ধ্যাকাণ্ড (মাধৱ কন্দলি, ১৯২৮ চন)
ঘোষাৰত্ন (গোপাল মিশ্ৰ কবিৰত্ন, ১৯১৪ চন)
সঙ্গীত-কোষ (লক্ষ্মীৰাম বৰুৱা, ১৯০৭চন)
কালকুঞ্জ ও শোষক বধ (অজ্ঞাত)
বব্ৰুবাহ পৰ্ব্ব (হৰিহৰ বিপ্ৰ,১৯৫৭চন)
নিমি-নৱসিদ্ধ সংবাদ (শংকৰদেৱ )
পচতি (শংকৰদেৱ ,১৯১০ চন)
আদিচৰিত (মাধৱদেৱ , ১৯২৮ চন)
স্ত্ৰী-পৰ্ব্ব (ধৰ্ম্মেশ্বৰ মহন্ত,১৯১৩ চন)
একুৰি এটা গল্প (প্ৰণামিকা অধিকাৰী,২০১০ চন)
কূৰ্ম্মৱলী-যুদ্ধ (কবি সাগৰ খৰি, ১৯৩৯ চন)
নামতী-আই (দিবাকৰ দুৱৰা,১৯১১ চন)
পদ্যমালা- প্ৰথম ভাগ (পদ্মহাস গোস্বামী, ১৮৮৩ চন)
সাহিত্য - সপ্তম ভাগ (হৰিনাৰায়ণ দত্তবৰুৱা, ১৯২৯ চন)
কত যে কথা (তিলোত্তমা বৰুৱা, ২০০৪ চন)
মণিকুট (ৰামচন্দ্ৰ দাস,১৯০৮ চন)
চিন্তা-তৰঙ্গ (কমলাকান্ত ভট্টাচাৰ্য্য, ১৯৩৩ চন)
লীলামালা (শংকৰদেৱ ,১৯০৬ চন)
পেৰিছত এসপ্তাহ আৰু অসম (জয়ন্ত কুমাৰ শৰ্মা,২০০৬ চন)
বৈষ্ণৱী-কীৰ্ত্তন (শংকৰদেৱ ,মাধৱদেৱ আৰু ঠাকুৰদেৱ, ১৯২৮ চন)
মহীৰাৱণ বধ (অজ্ঞাত, ১৯০৮ চন)
অসম-সন্ধ্যা (দণ্ডিনাথ কলিতা,১৯৫৯ চন)
গণ-বিপ্লৱ (দণ্ডিনাথ কলিতা,১৯৪৮ চন)
উল্লেখনীয় কাম
অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭,৪৯৬ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৮৫ খনলৈ বৃদ্ধি পালে।
অনলাইন আলোচনা আৰু প্ৰশিক্ষণ:
পৰিসংখ্যা আৰু অন্যান্য
পৰিসংখ্যা
অন্যান্য সংযোগ
ঘোষণা