মে', ২০১৬

ৱিকিপিডিয়ানৰ মনৰ কথা

বিগত দিনবোৰৰ পাত লুটিয়ালে আমি দেখা পাওঁ যে ২০১২ চনত অসমীয়া ৱিকিপিডিয়াৰ প্ৰৱন্ধ সংখ্যাই ১০০০ চুইছিল। ২০১৫ চনৰ জানুৱাৰী মাহত প্ৰৱন্ধৰ সংখ্যা ৩০০৬ লৈ বৃদ্ধি পোৱাত আমি আন এক মাইলৰ খুঁটিত উপনীত হৈছিলো। যোৱা বছৰটো ৩,৮৫০ টা প্ৰৱন্ধৰে সামৰাৰ পিছত অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ সদস্যসমূহৰ অশেষ যত্নৰ ফলত এই মাহত ৱিকিপিডিয়াখনৰ প্ৰৱন্ধৰ সংখ্যা ৪০৪৪ পাইছেগৈ। ৱিকিপিডিয়াৰ পৰিসংখ্যা মতে আজিৰ তাৰিখত (২ জুন, ২০১৬) অসমীয়া ৱিকিপিডিয়াৰ মুঠ পঞ্জীভুক্ত সদস্য ১৩,৯৯৪ গৰাকী হোৱাৰ বিপৰীতে সক্ৰিয় সদস্যৰ সংখ্যা ৪১। সেইদৰে ৱিকিউৎসতো লেখনিৰ সংখ্যা বৃদ্ধি পায়েই আছে। মাজে-সময়ে মন্থৰ হৈ পৰিলেও এই পৰিসংখ্যাটো আমি এককভাৱে চাই টপৰাই ক’ব পাৰোঁ যে অসমীয়া ৱিকিপিডিয়াই ধাৰাবাহিকভাৱে বিকাশ লাভ কৰি আছে। কিন্তু অসমীয়াৰ বহু পিছত ৱিকিপিডিয়াত অন্তৰ্ভুক্ত হোৱা ভাৰতীয় ভাষা যেনে হিন্দী, বাংলা, তামিল, তেলগু, মাৰাঠী, ভোজপুৰী, সংস্কৃত আদিৰ তুলনাত অসমীয়া ভাষাৰ প্ৰৱন্ধ আৰু ব্যৱহাৰকাৰীৰ সংখ্যা এতিয়াও বহু কম। সেই হিচাপত আমি এতিয়াও বহু পিচ পৰি থকাৰ লগতে ৱিকিপিডিয়া ব্যাৱহাৰকাৰীৰ কাষ চপাৰ ক্ষেত্ৰত শেহতীয়াকৈ বিশেষ উল্লেখযোগ্য সফলতা লাভ কৰিব পৰা নাই।

সক্ৰিয় সদস্যৰ বৃদ্ধিৰ লগে লগে প্ৰৱন্ধৰ সংখ্যা বাঢ়িছে। কিন্তু চাৰি-পাঁচটা শাৰী বা এটা দফাৰ প্ৰৱন্ধৰ লগতে তথ্যসূত্ৰবিহীন প্ৰৱন্ধ নিতৌ যোগ হৈয়েই আছে। এনে প্ৰৱন্ধই ৱিকিপিডিয়াৰ গুণগত মান আৰু আৰু নিৰ্ভৰযোগ্যতা হ্ৰাস কৰে। দ্বিতীয়তে, ইংৰাজী বা আন ভাষাৰ পৰা অনুবাদ কৰা প্ৰৱন্ধসমূহত সততে দেখিবলৈ পোৱা পৰিভাষিক আৰু বাক্য গাঁথনিৰ বিসংগতিয়ে ব্যৱহাৰকাৰী এজনক প্ৰায়ে নিৰুৎসাহ কৰাৰ থল থাকে। গতিকে অসমীয়া ৱিকিপিডিয়াক ৰাইজৰ কাষ চপাই নিবলৈ হ’লে এই দুয়োটা কাৰককে আঁতৰ কৰাত আমি সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগিব আৰু তেতিয়াহে ৱিকিপিডিয়াৰ যোগেদি অসমীয়া ভাষাৰ সংৰক্ষণ তথা সংবৰ্ধনৰ প্ৰচেষ্টাই সফল ৰূপ পাব।

অসমীয়া ৱিকিপিডিয়াৰ সমূহ সদস্য আৰু ব্যৱহাৰকাৰীকে আন্তৰিক ওলগ আৰু অভিনন্দন জনালো। --চন্দন চিৰিং ফুকন

এপ্ৰিল আৰু মে' ২০১৬ ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. বাহিৰা ঋণ অনুযায়ী দেশৰ তালিকা
  2. মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকা
  3. দ্য চাইনপ'ষ্ট
  4. ‎মিচিং ভাষা
  5. ফেনাৰণ
  6. চন্দ্ৰ
  7. ‎সম্পদৰ বিতৰণৰ আধাৰত দেশসমূহৰ তালিকা
  8. সাম্যবাদী সমাজ
  9. ‎ফেন (হিন্দী বোলছবি)
  10. ‎১৭২৯ (সংখ্যা)
  11. ‎সন্ধি
  12. ‎‎লংকেশ্বৰ দেৱালয়
  13. ‎হলেশ্বৰ দেৱালয়
  14. ‎আউন্স
  15. ভেম্পায়াৰ বাদুলী
  16. ‎নট
  17. ‎সুখ
  18. বৈষ্ণো দেৱী
  19. ‎বিলাসীপাৰা পূব (বিধান সভা সমষ্টি)
  20. ‎‎উপনিষদ
  21. ‎ঋকবেদ
  22. ‎অথৰ্ববেদ
  23. ‎‎ঘনত্ব
  24. বাইট
  25. শিৰডী
  26. ৱিণ্ড'জ
  27. নৱভুজ
  28. অষ্টভুজ
  29. সপ্তভুজ
  30. ষষ্ঠভুজ
  31. ভাৰত-চীন যুদ্ধ
  32. পঞ্চভুজ
  33. বিন্দু
  34. আৰ্ডুইন'
  35. ‎প্ৰতিভা ৰয়
  36. ‎কোঁচ ৰাজবংশী
  37. ‎অসম গ্ৰামীণ বিকাশ বেংক
  38. ‎সাতপখলী
  39. দেবী শ্ৰী প্ৰসাদ
  40. ‎জুলিয়াছ চিজাৰ
  41. ‎অক্ষয় তৃতীয়া
  42. ‎কোঁচ ভাষা
  43. ‎অসম বিধানসভা নিৰ্বাচন, ২০১৬
  44. ‎ভুৱনেশ্বৰী

উল্লেখনীয় কাম

মাৰ্চ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৪,০৪০ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১,২১৯ টালৈ বৃদ্ধি পালে। দণ্ডিনাথ কলিতাৰ "কীচক-বধ" আৰু "সতীৰ তেজ"ৰ লগতে লক্ষ্মীনাথ বেজবৰুৱাৰ "কেহোঁকলি" গ্ৰন্থ ৱিকিউৎসত অন্তৰ্ভুক্ত কৰা হয়।

নিৰ্বাচিত চিত্ৰ

পদক

পদক
পাওঁতাৰ নাম
অক্লান্ত কৰ্মী পদক
দিব্য দত্ত
The Barnstar of Diligence
গীতাৰ্থ বৰদলৈ







অন্যান্য

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
ঈশান কাশ্যপ হাজৰিকা ৪২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৩৬ ১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ২৭ ১৭৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ৬৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নিতুল বৰা ১১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )