ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১৯

ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ডিচেম্বৰ-২০১৯ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
নিজকে ‘ৱিকিপিডিয়ান’ বুলি ভাবিবলৈ এতিয়াও বহুদূৰ বাকী। এতিয়া কেৱল ৱিকিপিডিয়াত লিখিবলৈ শিকিহে আছোঁ। নিজৰ জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা নাইবা অসমীয়া ভাষাটোৰ বাবে সাধ্যানুসাৰে আৰু নীৰৱে কিবা এটা কৰি থৈ যোৱাৰ হেঁপাহেই সম্ভৱত ৱিকিপিডিয়াত লিখিবলৈ সকলো ৱিকিপিডিয়ানকে অনুপ্ৰাণিত কৰে। মই ৱিকিপিডিয়াত লিখিবলৈ প্ৰেৰণা পোৱাৰ অন্তৰালতো এনে কিছুমান কথাই জড়িত হৈ আছে। ৱিকিপিডিয়াত লিখিবলৈ যোৱা দুই-তিনিবছৰৰপৰা মোৰ মনত আগ্ৰহ জন্মি আছিল, কিন্তু কেনেকৈ কি কৰিব লাগে, ভালদৰে জনা নাছিলো। শেহতীয়াকৈ গুৱাহাটীত হোৱা ৱিকিউৎসৰ কৰ্মশালাখনত অংশগ্ৰহণ কৰাৰেপৰা পাৰ্যমানে ৱিকিপিডিয়া আৰু ৱিকিউৎসত লিখিবলৈ, সম্পাদনা কৰিবলৈ আৰম্ভ কৰিছোঁ। এতিয়াও বহুবোৰ বিষয় শিকিবলৈ, জানিবলৈ বাকী আছেই। আগন্তুক দিনত সেইখিনিও শিকি বুজি লৈ কাম কৰি যাম বুলি মন স্থিৰ কৰিছোঁ।

ৱিকিপিডিয়ানৰ মনৰ কথা লিখিবলৈ বহি প্ৰথমেই আক্ষেপ আৰু হতাশাৰে অসমীয়া বুলি চিনাকি দি ভাল পোৱা মোৰ জ্যেষ্ঠ, কনিষ্ঠসকলক দুটামান কথা অৱগত কৰিব বিচাৰিছোঁ। ‘ভাষা নাথাকিলে জাতি এটাও নাথাকে’ বুলি আমি প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি মেলে-মিটিঙে কৈ আহিছোঁ। এইবোৰ কথা কাগজে কলমে লিখাসকলে লিখি আছে। সমালোচনা কৰাই কৰি আছে। কিন্তু কাৰ্যক্ষেত্ৰত হাতে কামেহে কথাবোৰ বাস্তৱায়িত হোৱাগৈ নাই। ভাষা এটা জীৱিত সম্পদ নহয় যে আমাৰ আৱেগ আৰু ঐতিহ্য আছে বুলিয়েই স্বয়ংক্ৰিয়ভাৱে পৰিৱৰ্তিত সময়ৰ সৈতে নিজে নিজে গতি কৰি থাকিব। ভাষা এটাক সক্ষম আৰু সুঠাম কৰি ৰাখিব লাগিব আমি সেই নিৰ্দিষ্ট ভাষাটো কোৱা মানুহখিনিয়েই। যদিহে নাৰাখে তেন্তে সেই ভাষাটোৱে নিজৰ কফিন নিজেই বিচাৰি ল’বলৈ বাধ্য হ’ব।

যি জাতিয়ে নিজৰ ভাষা আৰু সংস্কৃতিক সবলৰূপত প্ৰতিষ্ঠা কৰি সময়ৰ সৈতে লৈ যাব পৰা নাই; সেই জাতি নিঃশেষ হৈ যাবলৈ এই উত্তৰ-আধুনিক যান্ত্ৰিক যুগত বৰ বেছি পৰ নালাগে। উদাহৰণ বিচাৰিবলৈ বেলেগ ঠাইলৈ যাব নালাগে, আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ অনেক ভাষাগোষ্ঠীয়েই ইয়াৰ প্ৰমাণ। তাৰ পাছতো যদি আমি অসমীয়া জাতিয়ে কেৱল ‘আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ’ম’ বুলি হাত সাবটি বহি থাকোঁ; তেন্তে ‘নহ’লে অসমীয়া অসমৰ মাতিতে নিজইে ভগনীয়া হ'ব’ বুলি ভূপেন হাজৰিকাই কৈ যোৱা আপ্তবাক্যশাৰী কাৰ্যক্ষেত্ৰত সঁচা হ'বলৈ বৰ বেছিদিন নালাগিব।

সাম্প্ৰতিক সময়ত ইণ্টাৰনেটৰ প্ৰয়োজন আৰু প্ৰাসংগিকতা ক’ত, সেয়া চৰ্বিতচৰ্বণ কৰাৰ প্ৰয়োজন নাই। অন্যান্য জাতি-জনগোষ্ঠীৰ দৰে আমাৰ অসমীয়া জাতিটোৱেও পলমকৈ হ'লেও ইণ্টাৰনেটৰ জগতখনত নিজৰ পদচিহ্ন ৰাখিবলৈ সক্ষম হৈছে। এতিয়া আমাৰ তথ্য-প্ৰযুক্তিৰ সৈতে চিনা-পৰিচয় থকা মানুহখিনিৰ প্ৰধান কাম হ'ল ইণ্টাৰনেটত আমি আমাৰ ভাষাটোক কেনেকৈ সবলৰূপত প্ৰতিষ্ঠা কৰি থৈ যাব পাৰোঁ বা অনাগত দিনত আমাৰ জাতিটোৱে যাতে ডিজিটেল পৃথিৱীখনত মূৰ পোন কৰি থিয় হৈ থাকিব পাৰে তাৰ বাবে সাধ্যানুসাৰে কাম কৰা। আৰু সেই মূৰ থিয় দি থাকিব পৰাৰ বাবে কৰিবলগা সামগ্ৰিক প্ৰক্ৰিয়াটোৰ এটা প্ৰতিনিধিত্বমূলক বিষয় হ’ল- ৱিকিপিডিয়া, ৱিকিউৎসৰ মাধ্যমেৰে আমাৰ ভাষা, সাহিত্য, সংস্কৃতিক ডিজিটেল মাধ্যমত উপলব্ধ কৰোৱা। কিন্তু অতি দুখেৰে জনাও তথ্য, প্ৰযুক্তিৰ মহাবিস্ফোৰণত বিস্ফোৰিত হৈ থকা আমাৰ একাংশ সচেতন অসমীয়া মানুহেই ৱিকিপিডিয়া কি; খায়নে পিন্ধে সেয়া নাজানে। আজিৰ তাৰিখতো ফে'চবুক, হোৱাটছ্আপত ঘণ্টা ঘণ্টা ধৰি সময় কটোৱা অসমীয়া মানুহখিনিয়ে ৱিকিপিডিয়াত যে কিবা এটা হ'লেও তথ্য লিখিব লাগে; সেই কথা চিন্তা নকৰে। কিন্তু একেখিনি মানুহ বা তেওঁলোকৰ সতি-সন্ততিয়ে কিন্তু অসমীয়া ভাষাত কিবা এটা বিষয় ইণ্টাৰনেটত চাৰ্চ কৰি নাপালে হতাশ হৈ ‘অসমীয়াত যে একো নাপায়’ বুলি হা-হুমুনিয়াহ কাঢ়ি মৰে। আৰু অসমীয়া ভাষাৰ সলনি ইংৰাজী, হিন্দী ভাষা শিকাৰ কাৰণ দৰ্শায়।

আনহাতে ৰাজপথত আন্দোলন কৰিবলৈ ওলাই নোযোৱা ব্যক্তি এজনৰো যে জাতীয়তাবোধ থাকিব পাৰে-সেইটো ধাৰণা আজিৰ তাৰিখলৈকে আমাৰ সমাজত দৃঢ়তাৰে প্ৰতিষ্ঠিত নহ'ল। অসমৰ দৰে ৰাজ্যত ৰাজনৈতিক সদিচ্ছাৰ কথাতো বাদেই; কলেজ, বিশ্ববিদ্যালয়সমূহেও অসমীয়া ভাষাটোক ডিজিটেল ৰূপত উপলব্ধ কৰোৱাটো কিমান যে প্ৰয়োজনীয় কৰ্ম; সেয়া সঠিকভাৱে উপলব্ধি কৰা নাই। ফৰাচী দাৰ্শনিক ভল্টেয়াৰে এসময়ত কৈছিল– “কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে। ’’ আজি একবিংশ শতিকাৰ দ্বিতীয় দশকত যেন এই কথাষাৰ নতুনকৈ উপলব্ধি কৰাৰ সময় আহি পৰিছে। আজিৰ তাৰিখত আমি সকলোৱে জানো— 'ইণ্টাৰনেটেহে আধুনিক পৃথিৱীখন শাসন কৰি আছে। ' কিয় এনেকৈ কৈছোঁ অকণমান গমি পিতি চালেই সকলোৱে বুজি পাব। এনে ক্ষেত্ৰত উচ্চ-শিক্ষাৰ বাবে ‘অসমীয়া ভাষা, সাহিত্য শিকি লাভ নাই' বুলি অনুভৱ কৰি নিজৰ ল'ৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়িবলৈ পঠিওৱা অসমীয়া মানুহখিনিৰ লগতে অসমীয়া ভাষা শিকি কি কৰিমগৈ বুলি শংকা প্ৰকাশ কৰা মানুহখিনিয়েও এই কথাও সময়, সুবিধা পালে অনুভৱ কৰি চাব লাগে যে তেওঁলোকে ‘নাই', ‘নহ'ব’ বুলি হাত সাবটি বহি নাথাকি জাতি আৰু ভাষাটোৰ বাবে নিজেই আচলতে কৰিছেনো কি? কাৰণ জাতি এটা বা ভাষা এটা কোনো ব্যক্তিৰে পৈতৃক সম্পত্তি নহয়। ইয়াৰ উত্তৰণৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন।

অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনে আজিৰ তাৰিখলৈকে ৱিকিপিডিয়াৰ দৰে মুক্ত বিশ্বকোষত লিখাৰ বাবে নতুন প্ৰজন্মটোক লৈ একো এটা কাম কৰা চকুত পৰা নাই। অসমৰ বিশ্ববিদ্যালয়কেইখনেও ৱিকিপিডিয়াত অসমীয়া ভাষাটো প্ৰতিষ্ঠা কৰিবলৈ আজি পৰ্যন্ত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এখন কৰ্মশালা আয়োজন কৰি যে কিছুসংখ্যক শিক্ষাৰ্থীক হ’লেও ৱিকিপিডিয়াত লিখিবলৈ শিকাব পাৰি, সেই কথা ভাবি চোৱা নাই। ইচ্ছা কৰিলে কলেজ, বিশ্ববিদ্যালয়সমূহৰ অসমীয়া বিভাগবোৰেই ভাষাটোক ডিজিটেল ৰূপত প্ৰতিষ্ঠা কৰাবলৈ বিভিন্ন কাৰ্যপণ্ঠা ল’ব পাৰে। একেবোৰ বিষয়তে বছৰি বছৰি চেমিনাৰ, এচাইণ্টমেণ্ট লিখিবলৈ দিয়াৰ সলনি ৱিকিপিডিয়াত নিৰ্দিষ্ট বিষয়ত লিখিবলৈ কাৰ্যপন্থা ল’ব পাৰে। কিন্তু নাই, ৱিকিপিডিয়াৰ গুৰুত্ব বুজি পোৱা মানুহ যেন ক’তোৱেই পাবলৈ নাই। যিসকলে ৱিকিপিডিয়াত লিখি আছে, সকলোৱেই ব্যক্তিগত প্ৰচেষ্টা আৰু মনৰ তাগিদাতহে লিখি আছে।

অসমৰ কেইজনমান ব্যক্তিৰ নিৰালস্য আৰু ব্যক্তিগত প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়াই আজিৰ সমৃদ্ধ অৱস্থাত উপনীত হৈছেহি। তেওঁলোকক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। অসমৰ মানুহে তেওঁলোকক স্বীকৃতি দিয়াটো বাদেই, তেওঁলোকে কৰি থকা মহান কামটোকো গুৰুত্বপূৰ্ণ বুলি ভবা নাই। আচলতে ভাবিব লাগে বুলি অনুভৱো কৰা নাই। ব্যক্তিকেন্দ্ৰিক সমাজ ব্যৱস্থাত লাভ নথকা, গ্লেমাৰ নথকা যিকোনো এটা কাম কৰিবলৈ কাৰণো ইমান সময় আছে! তাতে ৱিকিপিডিয়াত লিখি নিজৰ ‘পাৰ্চনেল কেৰিয়াৰ’ নিৰ্মাণ কৰিব নোৱাৰি। টকা-পইচা পোৱা নাযায়। সাহিত্যিক হিচাপেও গ্লেমাৰ পাব নোৱাৰি। গতিকে এনেবোৰ কাম কৰিবলৈ সততে কোনো আগবাঢ়ি নাহে। অৱশ্যে আগবাঢ়ি নহাৰ ফলাফল এসময়ত আমাৰ পৰৱৰ্তী প্ৰজন্মই নিশ্চয়কৈ ভোগ কৰিবগৈ। যেনেকৈ একাংশ জাতি-জনগোষ্ঠীয়ে নিজৰ সকলো ঐতিহ্য, গৰিমা শেষ কৰি জনগোষ্ঠীয় লোক বুলি পৰিচয় দিবলৈ লাজ কৰি নিজৰ নামটোও ‘ৰবাৰ্ট’, ‘এলবাৰ্ট’ কৰি পেলাইছেগৈ। তেনেকৈ আমাৰ জাতিটোৱেও এদিন নিজস্বতা আৰু স্থিতিহীন হৈ সমকালীন সমাজৰ সৈতে তিষ্ঠিব নেৱাৰি আন আন প্ৰভাৱশালী জাতিৰ তলত যে মূৰ দোৱাই থাকিবগৈ। ইতিমধ্যেই এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে।

শুনিবলৈ ভাল লগা কথাবোৰ সকলোৱেই কয়। কিন্তু নিজৰ ভুলবোৰৰ আত্মসমালোচনা কৰা মানুহৰ সংখ্যা তেনেই কম। ৱিকিপিডিয়াৰ ক্ষেত্ৰখনলৈকে চালে মন কৰিব পাৰি আজিৰ তাৰিখত সমগ্ৰ অসমপৰা সক্ৰিয়ভাৱে ৱিকিপিডিয়াত লিখা মানুহৰ সংখ্যা পঞ্চাশজনৰ বেছি নহ'ব। কিন্তু চিৰ চেনেহী মোৰ ভাষা জননী’ বুলি চিঞৰি থকা মানুহৰ অভাৱ নাই। ২০১৯ ত থাকি আমি ১৯৬০-৭০ চনৰ কাম কৰি থাকিলে যেনেকৈ বৰ্তমান সময়ে আধুনিক বুলি গণ্য নকৰে, ঠিক তেনেকৈয়ে পৃথিৱীখন গোলকীয় গাঁও হৈ পৰা সময়ছোৱাত বসবাস কৰি কেৱল কাগজে-পত্ৰই লিখা-মেলা, তথ্য-সংগ্ৰহ কৰি থাকিলেই নহ'ব। হাতৰ মুঠিত থকা ম'বাইলটোতে এতিয়া দৈনন্দিন জীৱনৰ সকলোবোৰ বস্তু পাব পৰাকৈ সক্ষম। তেনেস্থলত আমাৰ ভাষা, সাহিত্য, সংস্কৃতি, তথ্য, সমলবোৰো কাগজে-পত্ৰই থকাৰ দৰেই ইণ্টাৰনেটতো পাব পৰাৰ অৱস্থা এটা সৃষ্টি হ’বই লাগিব। আৰু হ'বলৈকে একাংশ মানুহে নিঃস্বাৰ্থভাৱে কাম কৰিবই লাগিব। (একাংশ বুলি এইবাবেই কোৱা হৈছে- কাৰণ ৱিকিপিডিয়াত সকলোৱে নিলিখে বা কিছু পৰিমাণে ভাষা-সাহিত্য-সমাজৰ প্ৰতি সজাগ নহ’লে নিলিখাটোৱেই ভাল। ) ৰাজপথত আন্দোলন কৰিলেই যে দেশ আৰু ৰাজ্যৰ বাবে চিঞৰা বুজায়; সেই চিন্তা মনৰপৰা আঁতৰাবৰ হ'ল। নিজৰ ঘৰত বঢ়িও আজৰি সময়ত দুই এটা প্ৰবন্ধ ৱিকিপিডিয়াত লিখিলে বা ৱিকিউৎসত সম্পাদনা কৰিলেও যে আমাৰ জাতি আৰু ভাষাটোৰেই ৰাজহাড় মজবুত হ’ব, সেই কথা এবাৰ হলেও সচেতন লোকসকলে ভাবি চোৱা দৰকাৰ।

ৱিকিপিডিয়াত লিখি মানসিক প্ৰশান্তি পাওঁ। বহু সময়ত নিজৰ কৰিবলগা কাম নকৰিও ৱিকিপিডিয়াত লিখো বুলি বহোঁ। এইবুলিও ভাবোঁ যে আমাৰ সময়ত আমি যিবোৰ বস্তু নিজৰ ভাষাত ৱিকিপিডিয়াত বিচাৰি হাবাথুৰি খাইছিলোঁ, আমাৰ পাছৰ প্ৰজন্মৰ যাতে একে অৱস্থা নহয়। নহ’লে তেওঁলোকেও যে আমাক প্ৰশ্ন কৰিব- আমি আচলতে ভৱিষ্যত প্ৰজন্মৰ বাবে কৰি গ’লো কি! ‘অসমী আই’, ‘ভাষা-জননী’ বুলি সাহিত্যত কৈ থকা ভাষাটোৰ বাবে ব্যৱহাৰিক অৰ্থত কৰিলোঁ কি! তেতিয়া কি উত্তৰ দিম আমি?

শেষত গীতাৰ্থ দা, বিষ্ণু দা, নিতুল দা, দিব্য দা, জলি বা, প্ৰাণজ্যোতি বা, অজয় দা, অনিমেশ দা, অম্লান দা, চানক্য, নয়নজ্যোতি, ঈশান দা, অনামিকাৰ দৰে অনেক নাম জনা কিম্বা নজনা কৰ্মীয়ে নিজৰ ব্যক্তিগত জীৱনৰ পৰা সময় উলিয়াই জাতিটোৰ বাবে নীৰৱে কৰি অহা এই মহান ব্যক্তিগত প্ৰচেষ্টাক শতকোটিবাৰ প্ৰণাম জনাইছোঁ। তেওঁলোকৰ পূৰ্বতেও সময়ে সময়ে বহুকেইজন ৱিকিপিডিয়ানে অসমীয়া ৱিকিপিডিয়া, ৱিকিউৎসক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁলোকলৈয়ো এই লেখাৰ জৰিয়তে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু বৃহত্তৰ অসমীয়া সমাজলৈ, নতুন প্ৰজন্মলৈ এই আহ্বান ৰাখিছোঁ যাতে আপোনালোকে কমপৰিমাণে হ’লেও ৱিকিপিডিয়াত লিখিবলৈ আৰম্ভ কৰে। আপোনালোকৰ সঁহাৰিয়ে এটা সামূহিক প্ৰচেষ্টাক নতুন ৰূপ লাৱণ্যৰে সমৃদ্ধ কৰাত সহায় কৰিব। আৰু প্ৰতিজন ৱিকিপিডিয়ানকে কৈছোঁ— অন্যান্য প্ৰভাৱশালী জাতিয়ে ৱিকিপিডিয়াৰ গুৰুত্ব বুজি উঠাৰ দৰে এদিন আপোনালোকৰ এই মহান প্ৰচেষ্টাকো অসমৰ মানুহে বুজি পাবই পাব। কাৰণ ভালকামবোৰ মানুহৰ মাজলৈ যোৱাত কিছু পলম হয়েই।

Bhaskarjyoti Bhuyan (talk) 11:59, 2 December 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সৃষ্টি কৰা প্ৰবন্ধসমূহ
নৱেম্বৰ-২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. সামুদ্ৰিক স্তন্যপায়ী প্ৰাণী
  2. সাতগড়
  3. কিণ্ডাৰগাৰ্টেন
  4. ব্ৰহ্মপুত্ৰ উপত্যকা
  5. শিক্ষা অধিকাৰ আইন, ২০০৯
  6. ‎ড'ৰেমন
  7. ‎মাইকেল জেকচন
  8. প্ৰাচীৰ পত্ৰিকা
  9. গিছেন্যি
  10. মনোবিশ্লেষণ
  11. ‎সংহতি তত্ত্ব
  12. কে আৰ নাৰায়ণন
  13. লিটাৰ
  14. মাঘ
  15. ‎স্নায়ু
  16. গোৱালপাৰীয়া উপভাষা
  17. পাচন নলী
  18. নীলম সঞ্জীৱ ৰেড্ডী
  19. আকাশ বন্তি
  20. শ্বাসক্ৰিয়া
  21. মহাকাশ যাত্ৰা
  22. সুমেৰু
  23. কুমেৰু
  24. প্ৰকৃতি
  25. পাটীগণিত
  26. ঘড়ী
  27. সাংখ্যিক বিশ্লেষণ
  28. অভি-নীল হত্যাকাণ্ড
  29. ‎ঘাতাংক
  30. কলাখাৰ
  31. আই সবাহ
  32. সত্যযুগ
  33. তাৰক মেহতা কা উল্টা চস্মা
  34. মাঅ কায় নাম জিলা
  35. হাজং জনগোষ্ঠী
  36. নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়
  37. ‎অসমীয়া ৰচনা
  38. কৃষ্ণ বৰুৱা
  39. গামখাৰু
  40. জসীমউদ্দিন
  41. শ্ৰীকৃষ্ণকীৰ্তন
  42. মেক্সিকো
  43. দেৱকান্ত সন্দিকৈ
  44. শৰদ অৰবিন্দ ববডে
  45. তাল (বাদ্যযন্ত্ৰ)
  46. হেনৰী ষ্টাডমেন কটন
  47. মধ্য ভাৰত
  48. মনকৰ
  49. বাৰমাহী গীত
  50. ‎এবাকাছ
  51. বব্ৰুবাহনৰ যুদ্ধ
  52. কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  53. দ্য বিটল্‌চ
  54. খনিকৰ পুথি
  55. দুৰ্গাবৰ কায়স্থ
  56. পীতাম্বৰ কবি
  57. পাঁচালী
  58. লৱ-কুশৰ যুদ্ধ
  59. সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ
  60. দীপলিনা ডেকা
  61. ‎ডিগবৈ
  62. ‎অসমৰ মাছ ধৰা সঁজুলি
  63. ওদালগুৰি
  64. ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য
  65. হাইলাকান্দি
  66. সৰ্বশিক্ষা অভিযান
  67. তীখা
  68. চৰদাৰা সিং
  69. চিত্ৰজিৎ শইকীয়া
  70. ব্ৰিটিছ ৰাজ
  71. ৰাজ্যৱৰ্ধন সিং ৰাথোড়
  72. এডৱিন হাবল
  73. কেলিগোলা
  74. পাইথেগাৰাছৰ উপপাদ্য
  75. দিহিং নদী
  76. অন্নপ্ৰাসন
  77. গুৱাহাটী তাৰকাগৃহ
  78. ‎চূড়াকৰণ
  79. সুবাসনা দত্ত
  80. অসম প্ৰকাশন পৰিষদ
  81. ধাতু
  82. নিষ্ঠা (চৰকাৰী আঁচনি)
  83. জুই
  84. কিতাপ
  85. চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ
  86. অৰ্জুন ভঞ্জন
  87. ইলাৰাম দাস
  88. বধকাব্য
  89. গীতি-ৰামায়ণ
  90. ষ্টেৰইড
  91. সূত্ৰধাৰ নৃত্য
  92. উপনয়ন
  93. অপেশ্বৰী সবাহ
  94. অসমৰ মন্ত্ৰ-সাহিত্য
  95. বিজয় কৃষ্ণ সন্দিকৈ
  96. বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়
  97. শেন যুঁজ
  98. শেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ড
  99. কাকৈজানা সংৰক্ষিত বনাঞ্চল
  100. মইনাপৰীয়া নামঘৰ
  101. আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী
  102. দুধনৈ
  103. ফিওদোৰ দস্তয়েভস্কি
  104. ইম্ফল
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
চানডুবি বিল অসমকামৰূপ জিলাৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল।
আলোকচিত্ৰশিল্পী: ঈশান জ্যোতি বৰা
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
অম্লান বসুমতাৰী
অমূল্য অৱদান পদক
নয়ন জ্যোতি নাথ
অক্লান্ত কৰ্মী পদক
অজয় দাস
ৱিকিউৎসৰ ভোটাতৰা পদক
অনামিকা বড়া






উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬,১৬২ টালৈ বৃদ্ধি পালে।
  • ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ বাবে চলি আছে ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০। বৰ্তমানলৈকে এই মেলাৰ জড়িয়তে অসমীয়া ৱিকিপিডিয়াত ১৫৪ টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে আৰু ৭ টা প্ৰবন্ধ বিস্তাৰ কৰা হৈছে। অসমীয়া ভাষাৰ প্ৰবন্ধ সৃষ্টি বা বিস্তাৰত আপুনিও সহযোগ কৰক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। সময়সীমা: ১০ অক্টোবৰ, ২০১৯ - ১০ জানুৱাৰী, ২০২০
  • ৱিকিকমন্স আৰু অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২২৩ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত নৱেম্বৰ, ২০১৯ মাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-

নবীনচন্দ্ৰ বৰদলৈ

আনন্দচন্দ্ৰ আগৰৱালা

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
গ্ৰেটা থুন্‌বাৰি

গ্ৰেটা থুন্‌বাৰি (ইংৰাজী: Greta Thunberg; ৩ জানুৱাৰী, ২০০৩) এগৰাকী চুইডিছ পৰিৱেশ কৰ্ম্মী৷ বিগত এটা বছৰ ধৰি তেওঁ জলবায়ু পৰিবৰ্তন সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰি আহিছে৷

২০১৮ চনৰ আগষ্ট মাহত মাথোঁ পোন্ধৰ বছৰ বয়সত তেওঁ বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰি চুইডিছ সংসদৰ সন্মুখত জলবায়ুৰ পৰিবৰ্তন ৰোধাৰ বাবে অধিক কাৰ্য্যক্ষম পদক্ষেপৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷ কিছুদিনৰ ভিতৰতে অন্য বহু ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ প্ৰতিবাদত যোগ দিয়ে৷ তেওঁলোকে সন্মিলিত হৈ ভৱিষ্যতৰ বাবে শুক্ৰবাৰ (Fridays for Future) নামেৰে জলবায়ুৰ বিদ্যালয় প্ৰতিবাদ (school climate strike movement) আৰম্ভ কৰে৷ থুন্‌বাৰিয়ে ২০১৮ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিবৰ্তন অভিৱৰ্ত্তন (2018 United Nations Climate Change File:Greta Thunberg au parlement européen (33744056508), recadré.png)-ত দিয়া বক্তৃতাৰ পিছত বিশ্বৰ বহুতো দেশত শিক্ষাৰ্থীৰ প্ৰতিবাদ অনুষ্ঠিত হয়৷

থুন্‌বাৰি তেওঁৰ পোনপটীয়া (blunt), তথ্যপূৰ্ণ কথা কোৱাৰ ধৰণৰ বাবে খ্যাত৷ তেওঁ নিজৰ পিতৃ-মাতৃক জলবাুয়ুৰ পৰিবৰ্তনত বিৰূপ প্ৰভাৱ পেলাব পৰা জীৱন এৰি File:Greta Thunberg au parlement européen (33744056508), recadré.png উপায় অৱলম্বন কৰিবলৈ সন্মত কৰাইছে৷

মে', ২০১৯ ত 'টাইম' আলোচনীয়ে থুন্‌বাৰিক 'নতুন প্ৰজন্মৰ নেত্ৰী' (next generation leader) হিচাপে আখ্যা দিছে৷ কিছুপ্ৰচামাধ্যমে তেওঁ সমাজৰ বিভিন্ন স্তৰত পেলোৱা প্ৰভাৱক 'গ্ৰেটা থুন্‌বাৰি এফেক্ট' (Greta Thunberg effect) ৰূপে অভিহিত কৰিছে৷

বিতংকৈ পঢ়ক...
পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অজয় দাস ২৩৫ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ৬৪৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অমৃত বৰ্মন ১৭ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা(চুমু) বড়া ২৪ ২৫৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ৭৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ ৩০ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলী ৰুমী বৰা ১৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৭১ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
টিটান সাহা ১৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ নয়ন জ্যোতি নাথ ৩৮৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ প্ৰিয়াংকুশ ডেকা ১৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ বাবুল বৈশ্য ২৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ ভাস্কৰজ্যোতি ভূঞা ৩৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ মৃগাংক ২২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ ৰুমী গগৈ ১২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।