ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১৫
যোৱা ফেব্ৰুৱাৰী মাহৰ শেহৰ ফালৰ এটা দিন। মই তেতিয়া তেজপুৰৰ জি আই এম টি ৰ ছাত্ৰ। শ্ৰেণীত ফাৰুক আজিজ ছাৰ আহি ক'লে অসমীয়া ৱিকিপিডিয়াৰ এটা কৰ্মশালা হ'ব। অসমীয়া ৱিকিপিডিয়াৰ কাম কৰাৰ কথা বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু নাজানিছিলোঁ কি দৰে কৰিম, শিকাবলৈও মানুহ নাই। ২৮ ফেব্ৰুৱাৰী,২০১৫। মহাবিদ্যালয়ত অনুষ্ঠিত কৰ্মশালালৈ আগ্ৰহেৰে গ'লোঁ। শ্ৰীযুত বিষ্ণু শইকীয়া ডাঙৰীয়া আৰু শ্ৰীযুত নিতুল বৰা ডাঙৰীয়া আহিল সমল ব্যক্তি হিচাবে। আগ্ৰহবোৰ বাঢ়ি গ'ল। মহাবিদ্যালয়ৰ পৰা গৈ হোষ্টেল পাই ৰ'ব নোৱাৰিলোঁ। অপৰিপক্ক জ্ঞানেৰে আৰম্ভ কৰিলোঁ এটি প্ৰবন্ধ, নকছাৰি। কৰাৰ পাছত নিতুল বৰা ডাঙৰীয়াই শুধৰাই দিলে, শিকাই দিলে কিছুমান কথা। তেনেকৈয়ে আৰম্ভণি। ফে'চবুকৰ নিচা আঁতৰিল, ৱিকিপিডিয়াত নিচা লাগিল। আবেলিৰ কলেজৰ পৰা অহাৰ পাছত শোৱাৰ সময়খিনি লেপটপটো খুলি ৱিকিপিডিয়াৰ কামত লাগোঁ, ৰুমমেটে ভাবে কি হ'ল ইয়াৰ। উধাই-মুধাই যি মনলে আহে তাকে লিখোঁ। ইঞ্জিনিয়াৰিং বিষয়ৰ কিবা কিবিও লিখিব চেষ্টা কৰিলোঁ (অনুবাদ আচলতে)। লগৰখিনিকো আগ্ৰহী কৰিবলৈ চেষ্টা কৰিলোঁ, দুই এজনে লিখিলে। তাৰ মাজতে মাৰ্চ মাহত "প্ৰতিভাবান ন-সম্পাদকৰ পদক" পালো, আৰু আগ্ৰহ বাঢ়িল। মাজতে পৰীক্ষা আদিৰ কাৰণে কাম কমি গ'ল। তাৰ পিছত আকৌ আৰম্ভ। লগতে আৰু এটা কাম কৰিম বুলি ল'লোঁ, আন দহজনকো ৱিকিপিডিয়ান হিচাপে অনা। দুই এজনক ক'লোঁ, আগ্ৰহ দেখুৱালে। এনেদৰে আগবাঢ়িল এই যুদ্ধ, অসমীয়া ভাষা প্ৰযুক্তিকৰণৰ এই যুদ্ধ। ডাঙৰ সকলে শিকাই গ'ল, কামত আগ্ৰহ বাঢ়ি গ'ল। দিব্য দত্ত দা, মঞ্জিল কোঁৱৰ দা, জলি বা, প্ৰভাকৰ শৰ্মা নেওগ ছাৰ, ফাৰুক ছাৰ আদিয়ে শিকাই গ'ল, অনুপ্ৰেৰণা দিলে, কাম কৰি গ'লোঁ। নিজৰ কামৰ বাবে অসমৰ বাহিৰত থাকিব লগা হ'ল, তথাপি আজৰিত ফে'চবুকৰ সলনি ৱিকিপিডিয়াতহে নিচাটো বাঢ়িল। এই যুঁজ অব্যাহত থাকিল, অন্য এক ভাষা আন্দোলনৰ বাবে। জয়তু অসমী। জয় আই অসম।
|
ক্ৰিষ্টোফাৰ কলম্বাছ (ইংৰাজী: Christopher Columbus) আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী৷ তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়৷ যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল (একাদশ শতিকাতে লেইফ এৰিকছনে আমেৰিকাত উপস্থিত হৈছিল) তথাপি তেখেতৰ অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত নতুন সংযোগ স্থাপন কৰিছিল, যাৰ ফলত আমেৰিকাত ইউৰোপীয় ঔপনিৱেশবাদৰ নতুন অধ্যায় স্থাপন হৈছিল৷ ইউৰোপীয়সকলে বহুবছৰ ধৰি ঐতিহাসিক ছিল্কৰোডৰ সহায়ত ভাৰতীয় উপমহাদেশ আৰু চীন দেশৰ লগত বেপাৰ বাণিজ্য চলাই আহিছিল৷ কিন্ত ১৪৫৩ চনত তুৰ্কীৰ শাসনকৰ্তাৰ হাতত কনষ্টাণ্টিপলৰ পতন হোৱাত ছিল্কৰোড বহুত কঠিন আৰু ভয়াবহ হৈ পৰে৷ ফলত ইউৰোপীয়সকলে বিকল্প পথৰ সন্ধান কৰিবলৈ বাধ্য হয়৷ কেইবাজনো পতুৰ্গীজে এই ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখে৷ ১৪৮৮ চনত বাৰ্টল’মিউ ডায়াছ নামৰ অনুসন্ধানকাৰীজনে দক্ষিণ আফ্ৰিকাত পদাৰ্পণৰ যোগেদি এই ক্ষেত্ৰত সাফল্য লাভ কৰে৷ সেই সময়তে কলম্বাছেও ১৪৮০ চনৰ পৰাই ভায়েকৰ সৈতে মিলি ভাৰতীয় উপমহাদেশত যোৱাৰ বিকল্প পথৰ সন্ধানত আছিল৷ তেখেতে পশ্চিম দিশেৰে গৈ আটলাণ্টিক মহাসাগৰ অতিক্ৰমি ভাৰতত উপস্থিত হোৱাৰ কথা চিন্তা কৰিছিল। কলম্বাছে আৰবীয় জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যৰ পৰা শিকিছিল যে অক্ষৰেখা বা দ্ৰাঘিমাৰেখাই এক ডিগ্ৰী ব্যৱধানত ৫৬.৬৭ মাইল অতিক্ৰম কৰে৷ কিন্তু কিল’মিটাৰলৈ পৰিৱৰ্তন কৰোতে তেওঁ ভুল কৰি পেলাইছিল৷ কাৰণ জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যত আৰবীয় পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ হিচাপ দেখুওৱা হৈছিল৷ কিন্তু কলম্বাছে ৰোমান পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ পৰা কিল’মিটাৰলৈ পৰিৱৰ্তন কৰিছিল৷ ৰোমান পদ্ধতিত মাইলৰ হিচাপ আৰবীয় পদ্ধতিতকৈ সৰু৷ এইদৰে কলম্বাছৰ হিচাপত পৃথিৱীৰ পৰিধি ৩০,২০০ কিল’মিটাৰ ওলাইছিল যিটো আছিল প্ৰকৃততে ৪০০০০ কিল’মিটাৰ৷ তদুপৰি কলম্বাছে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ ক্ষেত্ৰত সেইসময়ত প্ৰচলিত কিছু ভুল ধাৰণাৰ বাবে কেনাৰী দ্বীপৰ পৰা জাপানৰ দূৰত্ব ৩৭০০ কিল’মিটাৰ বুলি ভাবিছিল৷ কিন্তু আধুনিক বিশেষজ্ঞৰ মতে প্ৰকৃত দূৰত্ব ১২,৫০০ কিল’মিটাৰ।
|
|