১২ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৪ |
১২ জুন (ইংৰাজী: 12 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৩তম (অধিবৰ্ষত ১৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০২টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৮৩ - সোণৰ পদক লাভেৰে পদাৰ্থবিদ তথা ৰসায়নবিদ মেডাম কুৰীয়ে স্কুলীয়া জীৱন শেষ কৰিছিল।
- ১৮৯৭ - ৮.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। এই ভূমিকম্পৰ ফলত অসমত প্ৰায় ১৫০০জন লোকৰ মৃত্যু হৈছিল।
- ১৮৯৮ - ফিলিপাইন স্বাধীন হৈছিল।
- ১৯৬১ - মহাকাশলৈ যোৱা প্ৰথম মানৱ য়ুৰি গেগেৰিন-এ পোলেণ্ডৰ পৰা ‘‘Cross of Grunewald, 1st class’’ সন্মান লাভ কৰিছিল।
জন্ম
সম্পাদনা কৰক- ১৯২২ - মাৰ্গেৰিটা হেক, ইটালীৰ জ্যোতিপদাৰ্থবিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা। (মৃঃ ২০১৩)
- ১৯২৪ - জৰ্জ. এইচ. ডব্লিউ. বুশ্ব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪১তম ৰাষ্ট্ৰপতি।
- ১৯২৯ - আনে' ফ্ৰাংক, ডায়েৰী অব এ ইয়ং গাৰ্লৰ বাবে বিখ্যাত এই গৰাকী লেখিকা।
- ১৯৩২ - পদ্মিনী, ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী।
- ১৯৫৭ - জাভেদ মিয়াঁদাদ, পাকিস্থানৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
- ১৯৬২ - জৰ্দান পিটাৰছন, কানাডাৰ ক্লিনিকেল মনোবিজ্ঞানী আৰু লেখক।
মৃত্যু
সম্পাদনা কৰক- ১৯৬৮ - পদ্মধৰ চলিহা, প্ৰসিদ্ধ কবি তথা সাহিত্যিক।
- ২০১৪ - খগেন মহন্ত, বিহু সম্ৰাট।
- ২০১৪ - হাওবম ওংবি ঙাংবি দেৱী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, সংগীতজ্ঞ।
- ২০১৫ - নেক চান্দ চে'নি, ভাৰতীয় ভাস্কৰ্য্য আৰু স্থাপত্য শিল্পী।
- ২০১৬ - অচ্যুত লহকৰ, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক।
- ২০১৭ - চাৰ্লছ পি. থেকাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কম্পিউটাৰ বিজ্ঞানী। (জঃ ১৯৪৩)
দিৱস
সম্পাদনা কৰক- বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।
- ৰাছিয়াৰ স্বাধীনতা দিৱস।
- ফিলিপাইনৰ স্বাধীনতা দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১২ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |