১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৮ জুন (ইংৰাজী: 8 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৯তম (অধিবৰ্ষত ১৬০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৬টা দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  • ১৯৩৬ চনৰ আজিৰ দিনটোত ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ কৰা হয়।
  • ১৯৪৮ চনৰ আজিৰ দিনটোত ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।
  • ১৯৫৭ বৰ্ষৰ আজিৰ দিনটোত দেৱকান্ত বৰুৱাদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।
  • ১৯৭৫ বৰ্ষৰ আজিৰ দিনটোত ৰুছ মহাকাশযান ‘‘ভেনেৰা—৯’’ই শুক্ৰ গ্ৰহ অভিমুখে ঢাপলি মেলিছিল।
  • ১৯৯০ বৰ্ষৰ আজিৰ দিনটোত দক্ষিণ আফ্ৰিকাত চাৰিবছৰ ধৰি চলা জৰুৰী অৱস্থাৰ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।

জন্মসম্পাদনা কৰক

  • ১৯১৫ - সোণাৰাম চুতীয়া, শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু, বৈষ্ণৱ পণ্ডিত, দলিত দৰদী।
  • ১৯৫৫ - ছাৰ টিমথীজন টিম বাৰ্ণাৰ্ছ-লী, ৱৰ্ল্ড ৱাইড ৱেব (www)ৰ উদ্ভাৱক তথা কম্পিউটাৰ বিজ্ঞানী।
  • ১৯৭৫ - শিল্পা শেট্টী, বলিউডৰ অভিনেত্ৰী।

মৃত্যুসম্পাদনা কৰক

  • ১৯৬১ - ৰবাৰ্ট টেইলৰ, চলচ্চিত্ৰ জগতৰ বিখ্যাত অভিনেতা।
  • ২০১০ - গৌৰীশংকৰ কলিতা, ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই টিভিলৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতাৰ গুৰু দায়িত্ব পালন কৰিছিল।

দিৱসসম্পাদনা কৰক

  • বিশ্ব মহাসাগৰ দিৱস

তথ্য সংগ্ৰহসম্পাদনা কৰক