১৬ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৪ |
১৬ জুন (ইংৰাজী: 16 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৭তম (অধিবৰ্ষত ১৬৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৮টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:
ঘটনাৱলী
সম্পাদনা কৰক- ৬৩২ খ্ৰীষ্টপূৰ্ব - জোৰষ্ট্ৰিয়ান কেলেণ্ডাৰৰ প্ৰচলন হয়। উল্লেখ্য যে ইৰান আৰু ভাৰতৰ পাৰ্চী সমাজত এই কেলণ্ডাৰৰ প্ৰচলন বহুল ভাৱে হয়।
- ১৯৪৪ - দ্বিতীয় বিশ্বযুদ্ধত মাৰ্কিন বিমান বাহিনীয়ে জাপানৰ দক্ষিণ অঞ্চলৰ ফুকুলা চহৰত আক্ৰমণ কৰে।
- ১৯৬৩ - বিশ্বৰ প্ৰথমগৰীকী মহিলা মহাকাশচাৰী ‘‘ভেলেণ্টিনা টেৰেচ’কভা’’ই মহাকাশলৈ উৰা মাৰিছিলে।
- ১৯৯১ - যোৰহাটৰপৰা দৈনিক সংবাদ-পত্ৰ দি-ইষ্টাৰ্ণ ক্লেৰিয়ান প্ৰকাশিত হৈছিল।
- ২০০৭ - ছলমান ৰুশ্বদীক নাইট উপাধি প্ৰধান কৰে ইংলেণ্ডৰ ৰাণীয়ে।
জন্ম
সম্পাদনা কৰক- ১৭২৩ - অডাম স্মিথ, স্কটিছ দাৰ্শনিক আৰু অৰ্থনীতিবিদ। (মৃঃ ১৭৯০)
- ১৭৩৩ - জোচেফ প্ৰিষ্টলি, ব্ৰিটেইনৰ বিখ্যাত ৰসায়নবিদ আৰু পদাৰ্থ বিজ্ঞানী, অম্লজান (অক্সিজেন), পেঞ্চিলৰ দাগ চাফা কৰা ৰবৰ, কাৰ্বনেটেড পানী (চৌদা পানী) আৰু বহুতো ৰাসায়নিক যৌগৰ আৱিষ্কাৰক।
- ১৮৮৮ - আলেকজেণ্ডাৰ আলেকজেণ্ড্ৰ'ভিচ ফ্ৰিদমেন, বিশ্ব ব্ৰহ্মাণ্ড প্ৰসাৰণ তত্ত্বৰ আৱিষ্কাৰক আৰু প্ৰথম আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বৰ ব্যাখ্যা আৰু প্ৰমাণ কৰোতা, ৰুচ গণিতজ্ঞ, বিশ্বতত্ত্ববিদ আৰু পদাৰ্থবিজ্ঞানী। (মৃঃ ১৯২৫)
- ১৮৯০ - ষ্টেন লৰেল, ইংৰাজ কৌতুক অভিনেতা, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। (মৃঃ ১৯৬৫)
- ১৯৪৩ - হৰেন্দ্ৰনাথ বৰঠাকুৰ, অসমীয়া শিশু সাহিত্যিক তথা নাট্যকাৰ।
- ১৯৫০ - মিথুন চক্ৰৱৰ্তী, ভাৰতৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা, ৰাজনৈতিক নেতা, সমাজ সংগঠক আৰু উদ্যোক্তা।
- ১৯৬৫ - এণ্ড্ৰিয়া এম. ঘেজ, আমেৰিকান জ্যোতিৰ্বিজ্ঞানী।
মৃত্যু
সম্পাদনা কৰক- ১৮৫৯ - আনন্দৰাম ঢেকিয়াল ফুকন, অসমীয়া সাহিত্যিক।
- ১৯২৫ - দেশবন্ধু চিত্তৰঞ্জন দাস, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৪৪ - আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, ভাৰতীয় ৰসায়নবিদ।
- ২০০০ - দেৱেশ চক্ৰৱৰ্তী, অসম বিধানসভাৰ অধ্যক্ষ।
- ২০১৬ - অঞ্জন দত্ত, অসমীয়া ৰাজনীতিবিদ।
দিৱস
সম্পাদনা কৰক- অভিযন্তা দিৱস (আৰ্জেণ্টিনা)।
- আনন্দৰাম ঢেকিয়াল ফুকনৰ স্মৃতি দিৱস।
- আন্তৰ্জাতিক সংহতি দিৱস।
অন্যান্য
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- ৱিকিমিডিয়া কমন্সত ১৬ জুন সম্পৰ্কীয় মিডিয়া ফাইল।
- বিবিচি: এই দিনত