২৬ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
২৬ মে' (ইংৰাজী: 26 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৬তম (অধিবৰ্ষত ১৪৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৯টা দিন বাকী থাকে।
ঘটনাবলীসম্পাদনা কৰক
- ১৮০৫ - নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ সম্ৰাট পদত অভিষিক্ত হয়।
- ১৮৬৫ - আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান।
- ২০১৪ - ভাৰতীয় জনতা পাৰ্টি দলে কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। নৰেন্দ্ৰ মোডী ১৪তম প্ৰধান মন্ত্ৰী হয়।
- ২০১৭ - ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিছিল।
জন্মসম্পাদনা কৰক
- ১৬৬৭ - আব্ৰাহাম দে মইভ্ৰে, ফৰাচী গণিতজ্ঞ, পৰিসংখ্য়াৰ 'দে মইভ্ৰেৰ সূত্ৰ'ৰ বাবে বিখ্য়াত।
- ১৭৫০ - উইলিয়াম মৰ্গান, ৱেলচৰ চিকিৎসক, পদাৰ্খ বিজ্ঞানী আৰু গণিতজ্ঞ, বীমা বিজ্ঞানৰ (actuarial science) পিতৃ পুৰুষ।
- ১৯৪৫ - বিলাস ৰাও দেশমুখ, অধিবক্তা আৰু ৰাজনীতিবিদ, মহাৰাষ্টৰ ১৭তম মুখ্যমন্ত্ৰী। (মৃত্য়ুঃ ২০১২)
- ১৯৯০ - উমৰ আকমল, পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ।
মৃত্যুসম্পাদনা কৰক
- ১৭০২ - জেব-উন-নিছা, মোগল ৰাজকুমাৰী। সম্ৰাট ঔৰংগজেৱ আৰু দিলৰস বানু বেগমৰ জ্যেষ্ঠ সন্তান। ( জন্মঃ ১৬৩৮)
- ১৯৭৬ - জাৰ্মান দাৰ্শনিক মাৰ্টিন হাইডেগাৰ।
- ২০০৪ - নিকোলাই চেৰ্নিখ, ৰাছিয়া দেশৰ জ্যোতিৰ্বিজ্ঞানী। (জন্মঃ ১৯৩১)
দিৱসসম্পাদনা কৰক
- জৰ্জিয়া আৰু গুয়ানাৰ স্বাধীনতা দিৱস।
বহিঃসংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৬ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |