ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ | আগষ্ট | ২০২৪ | অষ্টম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

ভাৰতত ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাম-কাজ পৰিচালনা কৰা Centre for Internet and Society- Access to Knowledge (CIS-A2K) নামৰ সংস্থাটোৱে মাজে-সময়ে ৱিকি স্বেচ্ছাসেৱীসকলৰ বাবে ভিন ভিন ঠাইত প্ৰশিক্ষণ, কৰ্মশালা আদিৰ আয়োজন কৰি থাকে। তেনে এটা অনুষ্ঠান যোৱা মাহত গুৱাহাটীতো হৈ গৈছে। স্বেচ্ছাসেৱীসকলে এইবোৰত যোগদান কৰিলে দুটা লাভ হয়- নতুন নতুন কথা শিকিব পাৰি আৰু নতুন নতুন ঠাই ফুৰিব পাৰি। জুন মাহত ময়ো তেনে এটা সুযোগ লাভ কৰিলোঁ। তেওঁলোকে Wiki Technical Training নামেৰে আগেয়ে নপতা প্ৰশিক্ষণ অনুষ্ঠান এটা পাতিব খুজিলে আৰু সকলোকে আবেদন কৰিবলৈ ক'লে। এই প্ৰশিক্ষণৰ উদ্দেশ্য আছিল ৱিকিমিডিয়া প্ৰকল্পসমূহত সাধাৰণভাৱে বৰঙণি আগবঢ়োৱা স্বেচ্ছাসেৱীসকলৰ কাৰিকৰী জ্ঞান বৃদ্ধি কৰা যাতে তেওঁলোকে এই নতুন কৌশেলেৰে বলিয়ান হৈ অৱদানৰ পৰিসৰ বৃদ্ধি কৰে। আবেদন কৰাত অসমীয়া ৱিকিমিডিয়া সমাজৰ পৰা কেৱল মই নিৰ্বাচিত হ'লোঁ। অসমৰে আন এজন স্বেচ্ছাসেৱক চাওঁতালি ৱিকিৰ পৰা নিৰ্বাচিত হৈছিল। গৰম দিন হোৱা সত্বেও পূৰ্বে চেন্নাই দৰ্শন কৰা নাই বাবে মই যাবলৈ টঙালি বান্ধিলোঁ। প্ৰশিক্ষণৰ বাবে সপ্তাহান্তিক ২২ আৰু ২৩ জুন তাৰিখ দুটা বাছি লোৱা হৈছিল। সেইমৰ্মে ২১ তাৰিখে আবেলি উৰাজাহাজত উঠি চেন্নাইত ভৰি থ'লোঁগৈ।

২২ তাৰিখে পুৱাৰ আহাৰ খোৱাৰ পাছত কাৰ্যসূচীৰ প্ৰথম বৈঠক আছিল ৱিকি প্ৰকল্পসমূহত বহুলভাৱে ব্যৱহাৰ হোৱা Template বা সাঁচৰ বিষয়ে। ওড়িয়া ৱিকিমিডিয়ান আৰু পেছাগত অভিযন্তা জ্ঞানৰঞ্জন চাহুৱে অংশগ্ৰহণকাৰীসকলক সহজ ভাষাৰে প্ৰাথমিক ৰূপৰ পৰা উচ্চ স্তৰলৈ কেনেদৰে সাঁচ সাজিব পাৰি সেয়া দেখুৱাই গ'ল। প্ৰশিক্ষণটো হাতে-কামে কৰা বিধৰ আছিল বাবে সকলোৱে লেপটপত লগে লগে অভ্যাস কৰি গ'ল আৰু নিজে নিজে সাঁচ কিছুমান সাজি উলিয়ালে। Common.js পৃষ্ঠাৰ সালসলনিৰে কেৱল নিজৰ বাবে বা সকলোৱে বাবে ৱিকি প্ৰকল্পৰ সঁজুলি, ৰূপ আদি কিদৰে সলাব পাৰি সেয়াও দেখুওৱা হ'ল। এইখিনি কাম মোৰ বাবে বিশেষ টান নাছিল। দুপৰীয়া আহাৰৰ পাছতহে টান কামটো আহিল। ৱিকিমিডিয়া ফাউণ্ডেচনৰ তথ্য বিজ্ঞানী (Data scientist) কৃষ্ণ চৈতন্য ভেলাগাই পৰিচালনা কৰা এই বৈঠক আছিল SQL আৰু Quarry সম্পৰ্কীয়। SQL বা Structured Query Language তথ্যভঁৰাল বা Database সৃষ্টি, সালসলনি বা সন্ধান কৰা এক বিশেষ কাৰিকৰী ভাষা। ৱিকিমিডিয়া প্ৰকল্পসমূহৰ প্ৰতিটো তথ্য, প্ৰতিটো শব্দৰ বাবে এক বৃহৎ তথ্যভঁৰাল আছে। সেই তথ্যভঁৰালৰ পৰা কোনো তথ্য উলিওৱা ইণ্টাৰফেইচটোৰ নাম Quarry। প্ৰশিক্ষণৰ আগতেই আমাৰ প্ৰত্যককে কোনো তথ্য উদ্ধাৰ কৰিব পৰাকৈ এটা-দুটা প্ৰশ্ন ভাবি থ'বলৈ কোৱা হৈছিল। SQL খাইনে-পিন্ধে নজনাৰ বাবে প্ৰশিক্ষণৰ দুদিনমানৰ আগতে ইণ্টাৰনেটৰ সহায়ত চুৰ্চুৰীয়াকৈ জ্ঞান ল'বলৈ চেষ্টাও কৰিছিলোঁ। পিছে লেপটপত ৱিকিমিডিয়াৰ তথ্যভঁৰাল খুলি অথাই সাগৰত পৰা যেন লাগিল। আনৰ সহায় লৈ যুঁজি যুঁজি এটা অনুসন্ধানৰ উত্তৰ উলিয়ালোঁ: ভাৰতত ক'ভিড লক্‌ডাউন ঘোষণা হোৱাৰ আগৰ মিনিটলৈকে অসমীয়া ৱিকিপিডিয়াত কিমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছিল আৰু লক্‌ডাউন ঘোষণা হোৱা মিনিটৰ পাছৰেপৰা কিমান আছিল!

দ্বিতীয়দিনা পুৱাৰ বিষয় আছিল বৰঙণি আৰু প্ৰচাৰৰ বাবে ব্যৱহাৰ হোৱা কেইটামান সঁজুলিৰ বিষয়ে। কেৰালাৰ অভিযন্তা জিনয়ে কোনো অনুষ্ঠান, প্ৰুফৰিড্‌থন আদি পাতিব খুজিলে মেটা ৱিকিত কিদৰে পঞ্জীয়ন সঁজুলি সক্ৰিয় কৰিব পাৰি, প্ৰচাৰৰ ডেশ্বব'ৰ্ড সাজিব পাৰি, ৱিকিৰ পৃষ্ঠাবোৰত নথকা তথ্য বিচাৰিবলৈ পেট্‌স্কেন নামৰ সঁজুলি কেনেকৈ ব্যৱহাৰ কৰে আদি বুজাই গ'ল। দুবাৰমান অনুৰোধ কৰাৰ পাছতো তেওঁৰ দ্ৰুত কথনৰ বাবে কিছুমান বস্তু বুজা-নুবুজাকৈয়ে থাকিল। আবেলি অংশগ্ৰহণকাৰীসকলক দুটা দলক ভগাই এটা দলক অ'পেন্‌ ৰিফাইন নামৰ তথ্য সজোৱা আৰু তথ্যৰ ৰূপ সলোৱা সঁজুলিৰ বিষয়ে শিকালে। মই থকা আনটো দলে নাভ্যা নামৰ আন এগৰাকী তথ্য বিজ্ঞানীৰ অধীনত ছুপাৰছে'ট নামৰ সঁজুলি এটাৰে Quarryৰ সহায়ত আমি উলিওৱা তথ্যবোৰ সাধাৰণ ব্যৱহাৰকাৰীয়ে বুজি পোৱাকৈ বাৰ ডায়েগ্ৰাম আদিৰ সহায়ত উপস্থাপন কৰিবলৈ শিকিলোঁ। ইতিমধ্যে দুপৰীয়াৰ আহাৰৰ পাছতে এগৰাকী-দুগৰাকীকৈ অংশগ্ৰহণকাৰী যাবলৈ আৰম্ভ কৰিছিল। সন্ধ্যা লগাৰ আগে আগে ময়ো চেন্নাই ভ্ৰমণৰ বাবে আয়োজক আৰু বাকী অংশগ্ৰহণকাৰীসকলৰ পৰা বিদায় ল'লোঁ।

প্ৰশিক্ষণটোত ভাগ লৈ উপলব্ধি কৰিলোঁ যে ৱিকি সমুদ্ৰত প্ৰায় ১৩ বছৰ কটোৱাৰ পাছতো মোৰ কাৰিকৰী জ্ঞান তেনেই নিশকতীয়া। অৱশ্যে আন কেইগৰাকীমানৰো একে অৱস্থা দেখি সন্তোষ নোপোৱা নহয়। এতিয়া অসমীয়া ৱিকি সমাজৰ লোকসকলক প্ৰশিক্ষণৰ পৰা গোটাই অনা আটাইখিনি কথা বিলাবলৈ গ'লে খেলিমেলি লগাৰ সম্ভাৱনা অধিক, কাৰণ মই নিজে অভিজ্ঞ হোৱা নাই। গতিকে নিজে কেইমাহমান সময় লৈ আৰু অলপ শিকাৰ বাহিৰে অন্য উপায় নাই। এই স্তৰৰ কাৰিকৰী ক্ষেত্ৰত অসমীয়া স্বেচ্ছাসেৱকৰ সংখ্যা বঢ়োৱাৰো উপায় উলিয়াব লাগিব। এতিয়া এই ক্ষেত্ৰত দক্ষিণ ভাৰতৰ দপ্‌দপনি প্ৰত্যক্ষ কৰিলোঁ। বহুকেইগৰাকী প্ৰশিক্ষক আৰু অংশগ্ৰহণকাৰী ঘৰৰ পৰা চাকৰি কৰা অভিযন্তা; তেওঁলোকে ঘনাই ঘনাই এনেবোৰ অনুষ্ঠানত ভাগ লয়! অসমীয়া ৱিকি সমাজত এনে লোক নাই বাবে অংশগ্ৰহণো কম হয়। বাৰু যি কি নহওক, আগলৈ এনে অনুষ্ঠান হ'লে আমাৰ যোগ্য স্বেচ্ছাসেৱকসকলে আবেদন কৰাত কৃপণালি নকৰিব। শিকিব, ফুৰিব, খাব, শুব- আৰু কি লাগে!

— গীতাৰ্থ বৰদলৈ (বাৰ্তা) 12:10, 31 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

যশপ্ৰীত যশবীৰসিং বুমৰাহ (জন্ম: ৬ ডিচেম্বৰ ১৯৯৩) ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি ক্ৰিকেটৰ সকলো শৈলীৰ খেলতে অংশগ্ৰহণ কৰি আহিছে। অনন্য বলিং একচনৰ সৈতে সোঁহতীয়া বেগী বলাৰ বুমৰাহক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ আৰু ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে গণ্য কৰা হয়। বুমৰাহে ঘৰুৱা ক্ৰিকেটত গুজৰাটৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে। বুমৰাহ ২০২৪ চনৰ টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলৰ সদস্য আছিল, য’ত তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত 8হৈছিল।

বুমৰাহ টেষ্ট ক্ৰিকেটত দ্ৰুতগতিত ১৫০টা উইকেট প্ৰথমজন ভাৰতীয় বলাৰ। আনহাতে এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়ত দ্ৰুতগতিত ১০০টা উইকেট দখল কৰা বুমৰাহ দ্বিতীয়জন ভাৰতীয় বলাৰ। তেওঁ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে আইচিচিৰ পুৰুষ খেলুৱৈৰ ৰেংকিঙত প্ৰথম স্থান অৰ্জন কৰা প্ৰথমজন বলাৰ। টেষ্ট ক্ৰিকেটত এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখো তেওঁৰ দখলতে আছে।ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ কোলাহল (শব্দ)ৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুলাই-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৮৮

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. নাইটো কোনন
  2. ফুকুযাৱা য়ুকিচী
  3. জুলিয়ান বাৰ্ণছ
  4. ইমানুৱেল কান্ট
  5. কাৰ্ল পপাৰ
  6. আলফ্ৰেড জুলছ আয়াৰ
  7. লামিন য়ামাল
  8. টাৰা ৱেষ্টঅ'ভাৰ
  9. এইচ এম নাকভি

অন্যান্য

  1. ৱাৰ্খা শিৰ
  2. শান্তিবাদ
  3. কপাৰনিকাচ বিপ্লৱ
  4. ফুড ষ্টীমাৰ
  5. খাদ্য বিজ্ঞান
  6. এলজিবিটি লোক আৰু সামৰিক সেৱা
  7. ছাদ (ছূৰা)
  8. ৰাছেলচ্ ভাইপাৰ
  9. জিলমিল
  10. ডাঙৰ ক'লা শংখচূড় সাপ
  11. ন্যূনতম সংকটজনক প্ৰজাতি
  12. ন্যূনতম উদ্বেগজনক প্ৰজাতি
  13. দালাল পথ
  14. সৰু ক'লা শংখচূড় সাপ
  15. ভাৰতীয় শংখচূড় সাপ
  16. বিগ ফ'ৰ (ভাৰতীয় সাপ)
  17. সৰ্প প্ৰতিবিষ
  18. পিটনি
  19. ভিজা মাটিৰ গোন্ধ (বিজ্ঞান)
  20. কৰ্পূৰ
  21. ২০২৪ চনত বাংলাদেশত কোটা সংস্কাৰ আন্দোলন
  22. আৰবী লিপিৰ সৈতে বাংলা লিপি
  23. শুক্ৰাণু
  24. কভাৰ মডেল
  25. জিমখানা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. কৰ্ছনদাস মুলজী
  2. সঞ্জনা গণেশান
  3. যশপ্ৰীত বুমৰাহ
  4. মল্লিকাৰ্জুন খড়গে
  5. অধীৰ ৰঞ্জন চৌধুৰী
  6. চাৰুচন্দ্ৰ চক্ৰৱৰ্তী
  7. শিৱৰাজ সিং চৌহান
  8. শ্ৰীকান্ত ব’ল্লা
  9. শ্ৰীকান্ত
  10. যশস্বী জয়ছোৱাল
  11. সঞ্জু চেমচন
  12. ৰিংকু সিং
  13. স্মৃতি মান্ধানা
  14. তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়
  15. জি শঙ্কৰ কুৰুপ
  16. গুঞ্জন চাক্সেনা
  17. চাইৰাছ মিষ্ট্ৰী
  18. জীত থাইল
  19. কনৰাড চাংমা
  20. ভিকি কৌশল
  21. কল্যাণী প্ৰিয়দৰ্শন
  22. কিয়াৰা আদৱানী
  23. সিদ্ধাৰ্থ মালহোত্ৰা

অন্যান্য

  1. মহাৰাজ (২০২৪ চলচ্চিত্ৰ)
  2. বাঁও-সোঁ ৰাজনৈতিক বৰ্ণালী
  3. মহাৰাজা (২০২৪ চলচ্চিত্ৰ)
  4. মঞ্জুম্মেল বয়ছ
  5. ২০১৮ (চলচ্চিত্ৰ)
  6. হৃদয়ম
  7. দিল্লী হাট
  8. মেঘালয় চৰকাৰ

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. অপু ভৰদ্বাজ
  2. অনামিকা বৰা
  3. তপন ডেকা
  4. লোকেশ্বৰ ডেকা
  5. আহমদ আলী বদৰপুৰী
  6. দাৰুল উলুম বাঁশকান্দি

গ্ৰন্থ বিষয়ক

  1. ‎সাক্ষাৎকাৰ ৩০ (গ্ৰন্থ)
  2. জ্যোতি দ্বিভাষিক অভিধান
  3. সন্ধিয়াৰ সাধু
  4. অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস
  5. গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত
  6. হ'ম' ডিউছ
  7. টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী
  8. দ্য ছিক্সথ্ এক্সটিংছন : এন আননেচাৰেল হিষ্ট্ৰী (গ্ৰন্থ)
  9. হিউমেনকাইণ্ড:এ হ'পফুল হিষ্ট্ৰী (গ্ৰন্থ)
  10. গানছ্, জাৰ্মছ্ এণ্ড ষ্টিল (গ্ৰন্থ)
  11. কোৱাইট্ (গ্ৰন্থ)
  12. এডুকেটেড (গ্ৰন্থ)
  13. দ্য জিন : এন ইণ্টিমেট হিষ্ট্ৰী (গ্ৰন্থ)
  14. ক্ৰনিকেল অৱ আ কৰ্পচ্‌ বিয়েৰাৰ
  15. দ্য ফৰ্টি ৰুলছ্ অৱ লাভ

অন্যান্য

  1. তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
  2. নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ

সানমিহলি

নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
আপাটানি মহিলাসকল ভাৰতৰ অৰুণাচল প্ৰদেশৰ জিৰো উপত্যকাৰ এটি খিলঞ্জীয়া গোট আপাটানি জনগোষ্ঠীৰ অংশ।
আলোকচিত্ৰ শিল্পী: ভৃগু কুমাৰ বায়ন
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
দিব্য দত্ত
নীৰৱ-চালক পদক
চাণক্য দাস
ৱিকি-প্ৰহৰী পদক
দিব্য দত্ত
মুখ্য মেলুৱৈ পদক
জলি ৰুমী বৰা
সব্যসাচী ৱিকিমিডিয়ান পদক
প্ৰণামিকা অধিকাৰী, নয়ন জ্যোতি নাথ






উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৩,৫৩৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৬০৮ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১১৩৯ টালৈ বৃদ্ধি পালে।
  • যোৱা ৬ আৰু ৭ জুলাই তাৰিখে গুৱাহাটীত অনুষ্ঠিত "ইণ্ডিক ৱিকিমিডিয়া মিনি-হেকাথন ২০২৪"-ত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ দিব্য দত্ত , চাণক্য দাস আৰু নয়ন জ্যোতি নাথে আংশগ্ৰহণ কৰে।
  • যোৱা ২২ আৰু ২৩ জুন তাৰিখে চেন্নাইত অনুষ্ঠিত হোৱা 'Wiki Technical Training-২০২৪' ত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ গীতাৰ্থ বৰদলৈয়ে অংশগ্ৰহণ কৰে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ৬৮ - - - ১৪
অনামিকা বড়া ৩১ ৫৪ - -
আস্কৰ আলী ৭২ - ১১ -
চাণক্য দাস ২০২ - ২৪
কুলধৰ ৰাভা ১৩ ৫০ -
খিলঞ্জীত ১২৮ - - -
ঈশান জ্যোতি বৰা ২১৪ ১৩ - - ২৫ ‌
জ্যোতি চিৰিং - ৩০১ - - -
প্ৰাণজ্যোতি নাথ ৪৩ - -
১০ দিব্য দত্ত ৫২৮ ২০ - ২৭ -
১১ নয়ন জ্যোতি নাথ ১১৯ ১২ ১৩ ১২৭
১২ প্ৰণামিকা অধিকাৰী ৩০৩ ১৩ ২২ - ১২
১৩ ৰুমী বৰা - ৭৮ - - -
১৪ হিমাশ্ৰী বৰা - ৪৫১ - - -


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।