২৬ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
২৬ ছেপ্টেম্বৰ (ইংৰাজী: 26 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৯তম (অধিবৰ্ষত ২৭০তম) দিন। বছৰ শেষ হ'বলৈ ৯৬ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৮২০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হয়।
- ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙৰ জন্ম হয়।
- ১৯৭৯ চনৰ আজিৰ দিনটোতে চৌধুৰী চৰণ সিঙক সভাপতি আৰু ৰাজ নাৰায়ণক কাৰ্যকৰী সভাপতি ৰূপে লৈ নতুন ৰাজনৈতিক দল লোকদল গঠন কৰা হয়।
- ১৯৪২ চনৰ আজিৰ দিনটোতে দেশৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন , পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ গঠন কৰা হয়।
- ১৫৮০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ নৌ অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকে পৃথিৱী পৰিক্ৰমা সম্পূৰ্ণ কৰে।
- ১৮৮৮ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে আমেৰিকান কবি , সমালোচক , নাট্যকাৰ টি এছ ইলিয়টৰ জন্ম হয়।
- ১৯৭৭ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতি সম্পন্ন নৃত্যশিল্পী উদয় শংকৰৰ মৃত্যু হয়।
- ১৯৮১ চনৰ আজিৰ দিনটোতে পেছাদাৰী মহিলা টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছৰ জন্ম হয়।
- ১৯৮৯ চনৰ আজিৰ দিনটোতে খ্যাতনামা কণ্ঠশিল্পী তথা সুৰকাৰ হেমন্ত কুমাৰ মুখাৰ্জীৰ ৬৯ বছৰ বয়সত মৃত্যু হয়।
- ১৮৯১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতি সম্পন্ন বেহেলা বাদক চাৰ্লচ মুংকৰৰ জন্ম হয়।
- ১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সাহিত্যিক আলবেয়াৰ মোৰাভিয়াৰ মৃত্যু হয়। টু-ৱমেন তেওঁৰ প্ৰসিদ্ধ ৰচনা।