১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২৩ ছেপ্টেম্বৰ (ইংৰাজী: 23 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৬তম (অধিবৰ্ষত ২৬৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৯টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৮০৩ - ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আছায়ে যুদ্ধত (Battle of Assaye) মাৰাঠা সেনাক পৰাস্ত কৰে।
  • ১৮৪৬ - ফৰাচী বিজ্ঞানী, গণিতজ্ঞ জে গেলী আৰু এইচ. ডি. এৰেষ্টৰদ্বাৰা নেপচুন গ্ৰহ আৱিষ্কাৰ হয়।
  • ১৯৪৯ - ছোভিয়েট ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক বোমা বিস্ফোৰণ হৈছিল।
  • ১৯৬৫ - ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হৈ ভাৰত-পাকিস্তান যুদ্ধৰ অৱসান ঘটে।
  • ১৯৯৭ - ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰ পৃথ্বীৰ সফল পৰীক্ষণ হয়।
  • ২০০১ - ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ হয়।
  • ২০০৯ - ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অ'চেনচেট -২ৰ(Oceansat-2) সৈতে ৭টা উপগ্ৰহ মহাকাশত সংস্থাপিত কৰে।
  • ২০১৮ - বিশ্বৰ সৰ্ববৃহতৎ বিনামূলীয়া স্বাস্থ্য সেৱা মোডীকেয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰে।

জন্ম সম্পাদনা কৰক

  • ৬৩ খ্ৰীষ্টপূৰ্ব - আগষ্টাছ চিজাৰ, প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ প্ৰথম ৰোমান সম্ৰাট (২৭ খ্ৰীষ্টপূৰ্বৰ পৰা ১৪ খ্ৰীষ্টাব্দ)।
  • ১২১৫ - কুবলাই খাঁ, মংগোল সম্ৰাট, ছেঙ্গিজ খাঁৰ বংশধৰ।
  • ১৮৬২ - শ্ৰীনিৱাস শাস্ত্ৰী, প্ৰসিদ্ধ ৰাজনীতিবিদ।
  • ১৯০১ - ইয়াৰোশ্লাভ ছাইফাৰ্ট, চেকোশ্লোবাকিয়াৰ যশস্বী কবি। তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। উল্লেখ্য যে তেৱেই চেকোশ্লোভাকিয়াৰ প্ৰথম ব্যক্তি যিজনে ন'বেল লাভ কৰিছিল।
  • ১৯০৮ - ৰামধাৰি সিং দিনকৰ, হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি।
  • ১৯৩৫ - প্ৰেম চোপ্ৰা, হিন্দী আৰু পাঞ্জাৱী ছবিৰ জনপ্ৰিয় অভিনেতা।
  • ১৯০৩ - ইউছুফ মেহেৰ আলী - সৰ্ব প্ৰথম 'simon go back' চাইমন গো বেক আৰু 'quit India' বা ভাৰত ত্যাগ কৰক শ্লোগান দিয়া প্ৰথমজন ব্যক্তি তথা ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজতান্ত্ৰিক নেতাৰ জন্ম হৈছিল। (তেওঁ ১৯৪২ চনত বোম্বাইৰ মেয়ৰ নিৰ্বাচিত হৈছিল যেতিয়া তেওঁ য়েৰৱাদা কেন্দ্ৰীয় কাৰাগাৰত বন্দী আছিল। তেওঁ ৰাষ্ট্ৰীয় মিলিছিয়া, বোম্বাই যুৱ লীগ আৰু কংগ্ৰেছ সমাজতান্ত্ৰিক দলৰ প্ৰতিষ্ঠাপক আছিল আৰু কেইবাটাও কৃষক আৰু ট্ৰেড ইউনিয়ন আন্দোলনত ভূমিকা পালন কৰিছিল।)
  • ১৯০৮ - ৰামধাৰী সিং দিনকৰ, হিন্দী সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ।
  • ১৯১৭ - অসীমা চেটাৰ্জী, ভাৰতীয় জৈৱ ৰসায়ন বিজ্ঞানী।
  • ১৯৪৩ - তনুজা সমৰ্থ, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৬২ - মহালক্ষ্মী মেনন, তামিল আৰু মালয়ালম ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৪ - দিগন্ত হাজৰিকা, অসমৰ অভিনেতা তথা মডেল।
  • ১৯৩৮- নীলু চক্ৰৱৰ্তী, অসমৰ অভিনেতা, নাট্যকাৰ।

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক



তথ্য সূত্ৰ সম্পাদনা কৰক