আগষ্ট, ২০১৭

উল্লেখনীয় কাম

জুন মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ৪৭২০টালৈ বৃদ্ধি পালে

জুন মাহৰ অন্তত ৱিকিউৎসত লেখাৰ সংখ্যা ১২৭৪টালৈ বৃদ্ধি পালে

ভাৰতৰ নতুন ৰাষ্ট্ৰপতি

ৰাম নাথ কোৱিন্দ (জন্ম: ১ অক্টোবৰ, ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ, দলিত নেতা আৰু অধিবক্তা। বৰ্তমান তেখেত ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি হিচাপেএনডিএ জোঁটৰ পৰা নিৰ্বাচিত হৈছে। কোৱিন্দ ২০১৫-২০১৭ চনত বিহাৰৰ ৰাজ্যপাল আছিল। তেখেতক ২০১৭ চনৰ ২৫ জুলাই তাৰিখে ভাৰতৰ মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰে ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰোৱায়।

ৰাম নাথ কোৱিন্দৰ ১৯৪৫ চনৰ ১ অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশকানপুৰৰ দেহাতত জন্ম হৈছিল। তেখেতে কানপুৰৰ দয়ানন্দ এংলো বৈদিক মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। কানপুৰৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেখেত অসামৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিল্লীলৈ যায়। তৃতীয় প্ৰয়াসত তেখেত এই পৰীক্ষাত কৃতকাৰ্য হয়। পিছে ভাৰতীয় প্ৰশাসনিক সেৱাত নিৰ্বাচিত নোহোৱাৰ বাবে তেওঁ ইয়াত অংশ গ্ৰহণ নকৰি আইনৰ অনুশীলন আৰম্ভ কৰে। ১৯৭১ চনত তেখেত দিল্লীৰ উকীল সন্থাত পঞ্জীভূক্ত হয়। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা ৰূপে কাৰ্য নিৰ্বাহ কৰিছিল আৰু ১৯৮০ চনৰ পৰা ১৯৯৩ চনলৈ তেখেত চৰকাৰৰ স্থায়ী পৰিষদ ৰূপে ভাৰতৰ উচ্চতম ন্যায়ালয়ত সেৱা আগবঢ়াইছিল। ১৯৭৮ চনত তেখেতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰূপে স্বীকৃতি পায়। তেখেতে ১৯৯৩ চনলৈ দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত প্ৰায় ১৬ বছৰ আইনৰ অনুশীলন কৰিছিল।

কোৱিন্দ‌ই ১৯৯১ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তেখেত ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ বিজেপিৰ দলিত মৰ্চাৰ সভাপতি আৰু সৰ্ব ভাৰতীয় কুলি সমাজৰ সভাপতি আছিল। লগতে তেখেত পাৰ্টিৰ ৰাষ্ট্ৰীয় বক্তা ৰূপেও কাম কৰিছিল। ১৯৯৪ চনৰ এপ্ৰিল মাহত তেখেত উত্তৰ প্ৰদেশৰ পৰা ৰাজ্য সভালৈ নিৰ্বাচিত হয়। তেখেতে ২০০৬ চনলৈ ১২ বছৰ কাল ৰাজ্য সভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰে। ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চায়ে (এন ডি এ) কোৱিন্দক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। ২০ জুলাইত তেখেত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হয়।

যোৱা মাহত সৃষ্ট প্ৰবন্ধ (অসমীয়া ৱিকিপিডিয়া)

  1. ‎আৰ্থাৰ গাইটন
  2. ‎‎চুম্বকীয় ক্ষেত্ৰ
  3. ‎‎ব্ৰেইল্
  4. ‎‎বিদ্যুত চুম্বকত্ব
  5. ‎‎ঊষ্ণতা
  6. ‎‎স্থিতি শক্তি
  7. ‎‎বৈদ্যুতিক ক্ষেত্ৰ
  8. ‎‎গতি শক্তি
  9. দ্ৰুতি
  10. ‎কাৰ্য্য
  11. ‎ৰবিন কুক
  12. ‎‎ভৰবেগ
  13. ‎‎কুষ্ঠ
  14. ‎‎ঘাতবল
  15. ‎ধনুষ্টংকাৰ
  16. ‎টাইফইড
  17. ‎মেৰী মেলন
  18. ‎জুল
  19. ‎সৰণ
  20. ‎ভল্ট
  21. ‎এম্পিয়াৰ
  22. ‎‎মিটাৰ
  23. ‎‎‎ছেকেণ্ড
  24. ‎‎‎ক'ল্ডপ্লে
  25. ‎‎‎মুকেশ
  26. ‎‎‎ৰঞ্জু হাজৰিকা
  27. ‎‎‎ৰাম নাথ কোৱিন্দ
  28. কথা কবিতা
  29. এডমাণ্ড হেলি
  30. ‎জীৱন নৰহ
  31. নৈৰাজ্যবাদী সাম্যবাদ
  32. লেটিন আখৰ বি
  33. প্লাৱিতা বৰঠাকুৰ
  34. মোৱামৰীয়া বিদ্ৰোহ
  35. দুলিয়াজান
  36. জ্ঞান পূজাৰী
  37. দানৱ ৰাজবংশ
  38. ভৌম ৰাজবংশ
  39. গুৰু নানক
  40. আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস
  41. অৰণ্যক
  42. মহাবীৰ
  43. জয়ন্ত নাৰ্লিকাৰ
  44. শ্বীৰ্ক
  45. ইমাম
  46. ললিত কলা একাডেমী
  47. বাণাসুৰ
  48. সংগীত নাটক একাডেমী

শেহতীয়া অন্তৰ্ভুক্তি (অসমীয়া ৱিকিউৎস)

  • শঙ্কৰদেৱ (লক্ষ্মীনাথ বেজবৰুৱা): ইউনিক'ডকৰণ
  • দন্দুৱা দ্ৰোহ (ৰজনীকান্ত বৰদলৈ): মুদ্ৰণ সংশোধন
  • অদৃষ্ট (দণ্ডিনাথ কলিতা): মুদ্ৰণ সংশোধন
  • হত্যাকাৰী কোন (দণ্ডিনাথ কলিতা): মুদ্ৰণ সংশোধন
  • ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল (শশীচন্দ্ৰ বৰবৰুৱা): মুদ্ৰণ সংশোধন

অন্যান্য

S
+ আপোনাৰ মতামত লিখকএই সম্পৰ্কে আলোচনা কৰক

পদক

ৱিকিপিডিয়াৰ লিখকসকল স্বেচ্ছাসেৱী লিখক, তেওঁলোকে কোনো নামৰ আশাত ৱিকিপিডিয়াত জ্ঞান বিতৰণ নকৰে। সেয়ে তেখেতসকলক সন্মান জনাবলৈ আমি সমান্য এটা ৱিকি পদক দিবলৈ এলাহ কৰিলে নহ'ব। সদস্যসকলে এই কথাত গুৰুত্ব দিয়ক।

  1. যিকোনো সদস্যই যিকোনো ভাল কামৰ বাবে অন্য সদস্যক পদক দিব পাৰে,
  2. ভাল অৱদানকাৰী সদস্যই একেমাহতে একাধিক পদকো পাব পাৰে
  3. সদস্য বা পঢ়ুৱৈ - সকলোৱে নিজৰ ইচ্ছামতে পদক দিব পাৰে।
  4. পঢ়ুৱৈসকলকো অন্যক পদক দিবলৈ উৎসাহিত কৰক।

এই কথাখিনিত সকলোৱে গুৰুত্ব দিলে ভাল পাম।

Psneog (talk) 05:34, 25 November 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]