ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৪

ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ | ফেব্ৰুৱাৰী | ২০২৪ | দ্বিতীয় সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ আজিৰ ডিজিটেলাইজেশ্যনৰ যুগত নিজৰ ভাষাটোৰ সমলবোৰ ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছে৷ সেয়ে, ২০১৯ চনত অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হ’লোঁ৷ আৰম্ভণিতে কামবোৰ ভালকৈ জনা নাছিলোঁ৷ সাতটামান প্ৰবন্ধ লিখাৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ৷ কিন্তু ২০২৩ বৰ্ষৰ আগষ্ট মাহৰ পৰা পুনৰ সক্ৰিয়ৰূপত অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ আছোঁ৷ অসমীয়া ৱিকিমিডিয়াৰ আটাইকেইটা প্ৰকল্পতে কাম কৰিবলৈ চেষ্টা কৰিছোঁ৷ এইক্ষেত্ৰত যোৱা ইং ২৬.১১.২০২৩ তাৰিখে মাজুলীৰ গড়মূৰৰ বেম্বো কটেজত হৈ যোৱা কৰ্মশালাখনে যথেষ্ট সহায় কৰিছে৷ অভিজ্ঞ অগ্ৰজসকলে শিকোৱা প্ৰতিটো কথাই আমাক ৱিকিমিডিয়াৰ জগতখনত আগবাঢ়ি যোৱাত সহায় কৰিছে৷ এই ছেগতে অগ্ৰজসকললৈ কৃতজ্ঞতা জনালোঁ৷ নিজৰ ভাষাটোকলৈ সপোন দেখোঁ৷ নিজৰ ভাষাটোৰ হকে কাম কৰাৰ ইচ্ছা এটা সদায়ে মনত কঢ়িয়াই লৈ ফুৰোঁ৷ সেই সপোন আৰু ইচ্ছাক সাকাৰ কৰাৰ সুবিধা অসমীয়া ৱিকিমিডিয়া সমাজে দিছে৷ অসমীয়া ৱিকিমিডিয়া সমাজে আমাক কাম কৰিবৰ বাবে সদায়ে অনুপ্ৰাণিত কৰি আহিছে৷ কপিৰাইট মুক্ত গ্ৰন্থৰ সংৰক্ষণ, অসমীয়া লোক-সাহিত্যৰ সংৰক্ষণ, মূল্যৱান প্ৰতিচ্ছবিৰ সংৰক্ষণ,অসমীয়া লোক-সংস্কৃতিৰ সংৰক্ষণ আদি গুৰুত্বপূৰ্ণ দিশত কাম কৰি আছে৷ আন ভাষাৰ ৱিকিপিডিয়াৰ সৈতে সহযোগিতামূলক সম্পাদনা মেলা অনুষ্ঠিত কৰিছে৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কনফাৰেন্সত অসমীয়া ৱিকিমিডিয়াৰ সদস্যই অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে৷ ভাষা-সাহিত্য-সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনীতি, অৰ্থনীতি, ভূগোল, বিজ্ঞান, তথ্য-প্ৰযুক্তি আদি সকলো বিষয়তে অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰিবৰ বাবে অসমীয়া ৱিকিমিডিয়া নিৰন্তৰ চেষ্টা কৰি আছে৷ আমিও অসমীয়া ৱিকিমিডিয়া সমাজৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হ’বলৈ যত্ন কৰিছোঁ৷ আহক, আমি সকলোৱে নিজৰ অসমীয়া ভাষাটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰোঁ৷

যদুমণি গগৈ (বাৰ্তা) 6:30, 26 January 2024 (ইউ.টি.চি.)
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

ইল’ইজ (ফৰাচী: Héloïse) আছিল এগৰাকী ফৰাচী সন্ন্যাসিনী, দাৰ্শনিক, লেখিকা, বিদুষী তথা মঠাধিকাৰিণী। ১১৪৭ খ্ৰীষ্টাব্দৰ আশে-পাশে ‌ইল’ইজ কেথ’লিক গীৰ্জাত এগৰাকী সন্মানীয় মঠাধিকাৰিনী হৈ পৰে আৰু প্ৰিলেট নুলিয়াছৰ পদবী পোৱাৰ পিছত তেওঁ এগৰাকী ধৰ্মযাজকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰে।

পীয়েৰ এবেলাৰ্ডৰ সৈতে ইল’ইজৰ প্ৰেম আৰু তেওঁলোকৰ মাজত হোৱা চিঠি-পত্ৰৰ আদান-প্ৰদানৰ বাবেহে ইল’ইজ ইতিহাস আৰু জনপ্ৰিয় সংস্কৃতিত বেছি বিখ্যাত। পীয়েৰ এবেলাৰ্ড আছিল মধ্যযুগৰ এগৰাকী আগশাৰীৰ যুক্তিবিদ তথা ধৰ্মতত্ত্ববিদ যি পাছলৈ ইল’ইজৰ সহকৰ্মী, সহযোগী আৰু স্বামী হৈ পৰিছিল। এবেলাৰ্ডৰ কামৰ ওপৰত সমালোচনাত্মক বৌদ্ধিক প্ৰভাৱ পেলোৱাৰ বাবে আৰু তেওঁক বহুতো প্ৰত্যাহ্বানমূলক প্ৰশ্ন উত্থাপন কৰাৰ বাবে ইল'ইজ জনাজাত আছিল।

তেওঁৰ চিঠি-পত্ৰসমূহক ফৰাচী আৰু ইউৰোপীয় সাহিত্যৰ ভেটি তথা ভদ্ৰতা আৰু মৰ্যাদাসম্পন্ন প্ৰেমৰ অভ্যাসৰ মুখ্য প্ৰেৰণা হিচাপে গণ্য কৰা হয়। তেওঁৰ পাণ্ডিত্যপূৰ্ণ আৰু কেতিয়াবা কামোদ্দীপকভাৱে লিখা চিঠি-পত্ৰসমূহে বিলডান্‌ছৰোমান ধাৰাটোৰ লেটিন ভেটি গঠন কৰে, আনহাতে এই চিঠি-পত্ৰসমূহে এবেলাৰ্ডৰ হিষ্ট’ৰিয়া কেলামিটেটামৰ সৈতে ধ্ৰুপদী এপিষ্ট’লাৰী ধাৰাটোৰ আৰ্হি হিচাপে কাম কৰে। ইল'ইজৰ প্ৰভাৱ পিছৰ লেখক, যেনে— ক্ৰেটিয়িন ডি ট্ৰ’ৱা, জিঅ’ফ্ৰি চ’চাৰ, মেডাম ডি লা ফায়েট, থমাছ একুৱাইনাছ, চ’ডাৰলছ ডি লাক্ল’ছ, ভল্টেয়াৰ, ৰুছ’, ছিম’ন ৱেই, আৰু ড’মিনিক অ’ৰীৰ ওপৰতো বিস্তৃত। ইয়াত বিতংকৈ পঢ়ক...


যোৱামাহৰ ভাল প্ৰবন্ধ মনোজ বাজপেয়ীৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জানুৱাৰী-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১০৯

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. শ্বাহ কামাল কুহাফা
  2. দিলাৰা বেগম জলী
  3. চেলিনা হুছেইন
  4. হাজী মহম্মদ দানেশ
  5. নাছিৰুদ্দিন বুগৰা খান
  6. হুমায়ুন আজাদ
  7. আব্দুল্লা আবু ছাইদ
  8. হেনা দাস
  9. আলাওল
  10. ‎নাইলা কবীৰ
  11. ‎ৰাজিয়া খান
  12. বিষ্ণু চট্টোপাধ্যায়
  13. আতহাৰ আলি
  14. ছফিউদ্দিন আহমেদ
  15. নিতুন কুণ্ডু
  16. কবৰী
  17. শ্বেখ মুজিবুৰ ৰহমান
  18. চৈয়দ নবাব আলি চৌধুৰী
  19. জয়নুল আবেদিন
  20. ‎খান জাহান আলি
  21. আহমাদুল কবীৰ
  22. মনিৰ খান
  23. ৰিয়াজ (অভিনেতা)
  24. শ্বাহ আমানত
  25. ‎বৰুণ ৰয়
  26. মীৰ কাছিম
  27. ‎মখদুম শ্বাহদৌলা
  28. ‎ফজলে হাসান আবেদ
  29. ‎শ্বাহ চুলতান বালখী মহিছাৱাৰ
  30. আদম খাকী
  31. মুহিবুল্লাহ বাবুনগৰী
  32. নীলুফাৰ ছামান
  33. আতিয়া ইছলাম আনে
  34. মীৰ জাফৰ
  35. বুৰহানুদ্দিন
  36. মামুনুল হক
  37. ‎উছমান চিৰাজুদ্দিন
  38. তোফায়েল আহমেদ
  39. শ্বাহ মখদুম
  40. জিয়াউৰ ৰহমান
  41. আলিবৰ্দি খান
  42. এশ্ব কিং
  43. ইল’ইজ
  44. পীয়েৰ এবেলাৰ্ড
  45. কৌশানী মুখোপাধ্যায়
  46. ‎শ্বেৰবাহাদুৰ দেউবা
  47. ‎লিঅ'নাৰ্ড বাৰ্নষ্টেইন

চলচ্চিত্ৰ বিষয়ক

  1. মুখ ও মুখোশ

অন্যান্য

  1. ‎গাজী পীৰ
  2. মাৰ্টিন লাইট ৰেলৱে
  3. বগা হাতী
  4. বগা হাতী (প্ৰাণী)
  5. ‎২০২৪ ইৰাণ–পাকিস্তান সংঘৰ্ষ
  6. কনফুচিয়াছ ধৰ্ম

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. জ্যোতি বসু
  2. নেপাল নাগ
  3. ‎মূছা খাঁ
  4. ‎জুবিন নটিয়াল
  5. বিশাল মিশ্ৰা (সুৰকাৰ)
  6. ‎যোগেন্দ্ৰ সিংহ যাদৱ
  7. দৰ্শনা বনিক
  8. নিকি তাম্বোলি
  9. ৰছিদ খান (সংগীতজ্ঞ)
  10. ‎ঋত্বিকা সেন
  11. শ্ৰাবন্তী চট্টোপাধ্যায়
  12. কৰ্পূৰী ঠাকুৰ

চলচ্চিত্ৰ বিষয়ক

  1. ‎আদি শংকৰাচাৰ্য (চলচ্চিত্ৰ)
  2. ‎‎চোখ
  3. মাদাৰ ইণ্ডিয়া
  4. টুৱেলভ্থ ফেইল
  5. ‎ফাইটাৰ (২০২৪ বৰ্ষৰ চলচ্চিত্ৰ)
  6. হনু মান
  7. শুধু তোমাৰই জন্য
  8. পাৰবো না আমি ছাড়তে তোকে
  9. কেলোৰ কীৰ্তি
  10. ছবিয়াল

অন্যান্য

  1. ২০২৩-২৪ ভাৰতীয় ট্ৰাক চালকসকলৰ প্ৰতিবাদ
  2. নিত্যানন্দ প্ৰভু
  3. শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ
  4. অমৃত ভাৰত এক্সপ্ৰেছ
  5. ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা
  6. মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ
  7. ৰামনামী সমাজ

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ছৈয়দ মুজতবা আলি
  2. অৰিজিৎ সিং
  3. ভূপেন উজীৰ

গ্ৰন্থ বিষয়ক

  1. কুলাংগাৰ (গ্ৰন্থ)
  2. তাম্ৰধ্বজৰ যুদ্ধ

অন্যান্য

  1. ‎বকতা
  2. ‎কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ
  3. খইৰাবাৰী

সানমিহলি

  1. মানক বিচলন
  2. কুকুৰৰ মাংস
  3. তাক্বৱা
  4. আছ-ছাফাত
  5. সহ-সম্বন্ধ
  6. প্ৰাণ প্ৰতিষ্ঠা
  7. দেনমোহৰ
  8. ‎ফিকহ
  9. ‎তাবিউন
  10. ‎মেনিকিউৰ
  11. ‎পেডিকিউৰ
  12. ফেচিয়েল মাস্ক
  13. ফেচিয়েল
  14. থ্ৰেডিং
  15. ‎কণী ধান
  16. চিলাই বেজী
  17. ট্ৰাছিং বেজী
  18. ছুন্নী ইছলাম
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
বিহুৰ বতৰত অসমীয়া মানুহে প্ৰস্তুত কৰা পৰম্পৰাগত দৈ-জলপান, পিঠা-পনা আৰু গুৱাপাণ।
চিত্ৰ শিল্পী: আংশুমান
উল্লেখনীয় ৱিকিমিডিয়ান

চন্দন চিৰিং ফুকন: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। যোৰহাটৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ১২,২৮১ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৫৩২। লগতে তেওঁ অসমীয়া ৱিকিউদ্ধৃতিৰ এগৰাকী প্ৰশাসক। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ১৮,৩৯৬ টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “The Teamwork Barnstar”, "ইতিকথা পদক", “কৰ্মশালাৰ সোণালী পদক”, “পঞ্চ শতাধিক তাৰকা পদক”,“ৱিকিপিডিয়াৰ গৌৰৱ, ২০২৩”,“স্বাধীনতা সংগ্ৰামী এডিটাথন পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ সুস্বাস্থ্য আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক
প্ৰণামিকা অধিকাৰী
বাবুল বৈশ্য
ঈশান জ্যোতি বৰা
মৌচুমী দাস
প্ৰাণজ্যোতি নাথ
দীপাংকৰ দাস
দিব্য দত্ত
ভাস্কৰ ভূঞা







বিশেষ অভিলেখ
জানুৱাৰী-২০২৪ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,৬৩৬ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৬৪৩ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
ঈশান জ্যোতি বৰা ১০৮ - - -
কন্দৰ্পজিৎ কল্লোল ২৯৮ - - - -
কুলধৰ ৰাভা ১২ - ২৭ - -
খিলঞ্জীত ১৭৬ - - - -
জলী ৰুমী বৰা ৩৯ ১৮ ২১ - -
জোনালী বৰুৱা ৬৮ - - - -
জ্যোতি চিৰিং - ১২৯ - - -
দীপাংকৰ দাস ৪৮ - - - -
দিব্য দত্ত ৩০৮ - - -
১০ নয়ন জ্যোতি নাথ ৩৮ - - -
১১ প্ৰণামিকা অধিকাৰী ৩৪৯ ৬১ ৩৭ - -
১২ প্ৰাণজ্যোতি নাথ ৮১ - - - -
১৩ ৰাজেন দাস ১৬৬ - - - -
১৪ ৰুমী বৰা - ১৩৪ ২০ - -
১৫ সুহানী লস্কৰ ২৫ - - - -
১৬ হানিফ আলী ৬৩ - - - -
১৭ Kwamikagami ৩৪ - - - -


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।