শশী কাপুৰৰ ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্ম হয়। জন্মৰ সময়ত তেখেতৰ নাম আছিল বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ। শশী কাপুৰ ভাৰতৰ চলচ্চিত্ৰ সাম্ৰাজ্য বলিউদৰ বিখ্যাত কাপুৰ পৰিয়ালৰ এগৰাকী সদস্য। তেখেত এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক আৰু দাদা চাহেব বঁটা বিজেতা। তেখেতে হিন্দী ছবিৰ উপৰিও ইংৰাজী ছবিতো অভিনয় কৰিছে। তেখেতে বহুকেইখন চলচ্চিত্ৰৰ পৰিচালক আৰু সহকাৰী পৰিচালক আছিল।
২০১১ চনত কলাত্মক চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। ২০১৫ চনৰ ৯ মে'ৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে তেখেতক মুম্বাইত ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ২০১৪ চনৰ দাদা চাহেব বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা কাপুৰ পৰিয়ালৰ তেখেত তৃতীয় সদস্য। ইয়াৰ আগতে পৃথ্বীৰাজ কাপুৰ আৰু ৰাজ কাপুৰে এই বঁটা লাভ কৰিছিল। (বিতংকৈ পঢ়ক...)
|
- অমলেন্দু গুহ: ২০১৫ চনৰ ৭ মে' তাৰিখে অসমৰ বাওঁপন্থী মতাদৰ্শৰ এগৰাকী সমাজবিদ, ইতিহাসবিদ তথা কবি অমলেন্দু গুহৰ মৃত্যু হয়। মাৰ্কীয় বিশ্ববীক্ষাৰ পোহৰত মধ্যযুগৰ পৰা বৃটিছ যুগলৈ ইতিহাস চৰ্চাৰে তেখেতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বাংলা ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতে অসম সাহিত্য সভাৰপৰা সাহিত্যাচাৰ্য উপাধি আৰু অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল।
(বিতংকৈ পঢ়ক...)
- প্ৰসেন বৰা: ২০১৫ চনৰ ২১ মে' তাৰিখে অসমৰ এগৰাকী প্ৰসিদ্ধ ঢুলীয়া প্ৰসেন বৰাৰ মৃত্যু হয়। তেখেতে অসমৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইৰ আৰু বিদেশৰো বিভিন্ন অনুষ্ঠানত ঢোলবাদন কৰি খ্যাতি লাভ কৰিছিল। বহুকেইখন অসমীয়া শ্ৰব্য এলবামত তেওঁ ঢোলবাদন কৰাৰ লগতে দুখন ভিডিঅ' ছবিতো তেওঁ অভিনয় কৰিছিল। ঢোলৰ উপৰিও তেওঁ খোল, তাল, নাগাৰা আদি থলুৱা বাদ্যযন্ত্ৰ বজোৱাতো তেওঁ পাকৈত আছিল।
(বিতংকৈ পঢ়ক...)
মে' ২০১৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহৰ তালিকা
|