ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৬


ফেব্ৰুৱাৰী, ২০১৬

ৱিকিপিডিয়ানৰ মনৰ কথা

২০১২ চনৰ কথা। তেতিয়া মই ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ । ৰসায়ন বিজ্ঞানৰ এক প্ৰকল্পৰ বাবে কিছু অতিৰিক্ত তথ্যৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ। বন্ধু এজনৰ পৰামৰ্শত পোনপ্ৰথম বাৰৰ বাবে দেউতাৰ মোবাইলত ইণ্টাৰনেটৰ সংযোগলৈ ৱিকিপিডিয়াৰ পৃথিৱীখনলৈ প্ৰৱেশ কৰিছিলোঁ। তাৰ আগতে তথ্য সংগ্ৰহ কৰিবলৈ সাধাৰণতে বিভিন্ন কিতাপৰ সহায় লৈছিলোঁ। পিছে বহু ক্ষেত্ৰত এখন কিতাপ বিচাৰি উলিয়াই তথ্য সংগ্ৰহ কৰা কামটো অলপ সময় খৰচী। ৱিকিপিডিয়াত তাতকৈ বহু সহজতে বিভিন্ন নিৰ্ভৰযোগ্য তথ্য অনায়াসে পাব পাৰি। সেয়ে ৱিকিৰ প্ৰতি সাংঘাতিক ভাবে আসক্ত হৈ পৰিলোঁ। কিন্তু তেতিয়া ঘাইকৈ ইংৰাজী ৱিকিৰ লগত জড়িত আছিলোঁ। অসমীয়া ভাষাৰো ৱিকিপিডিয়া আছে বুলি বহু পলমকৈ ২০১৩ চনৰ শেষৰ ফালে ফেচবুকৰ জনপ্ৰিয় গোট "অসমীয়াত কথা-বতৰা"ৰ পৰা গম পালোঁ। আৰু তেতিয়াৰে পৰা এজন পাঠক হিচাপে অসমীয়া ৱিকিৰ লগত জড়িত হৈ আছোঁ।

পিছে পাঠক হিচাপে অনুভৱ কৰিলোঁ যে বহুতো দৰকাৰী প্ৰবন্ধ অসমীয়া ৱিকিত নাই আৰু ইংৰাজী ৱিকিতো অসম বিষয়ক বহু প্ৰৱন্ধ নাই বা থাকিলেও অসম্পূৰ্ণ হৈ আছে। সেয়ে ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ মনত ইচ্ছা জাগি উঠিছিল। কিন্তু এই বিষয়ে একো জ্ঞান নথকাৰ বাবেই হওঁক বা আন কিবা কাৰণতে হওঁক এই বিষয়ে একো কৰিব পৰা নাছিলোঁ।

সি যি কি নহওক, ২০১৫ চনৰ ৭ নবেম্বৰত ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ একাউণ্ট এটা খুলিলোঁ। সৰু সুৰা কিছুমান সম্পাদনা কৰাৰ পিছত ১১ নবেম্বৰত প্ৰথম বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰৱন্ধটো সৃষ্টি কৰিলোঁ। তাৰ পিছৰে পৰা আজৰি সময় পালে ৱিকিত নতুন প্ৰৱন্ধ লিখা মোৰ হবি হৈ পৰিল! এটা দুটাকৈ এতিয়ালৈকে প্ৰায় ৫৮ টা প্ৰৱন্ধ সৃষ্টি কৰিলোঁ আৰু যিমান পাৰোঁ কৰি গৈ থাকিম। মাজে মাজে হোৱা সম্পাদনা মেলা বোৰত অংশগ্ৰহণো কৰিছোঁ। মুঠতে এই তিনি মাহতে ৱিকিপিডিয়াৰ বহুতো নজনা কথা শিকিলোঁ।

বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি সংকটৰ সন্মুখীন হৈছে তাৰ বাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ নিতান্তই প্ৰয়োজনীয়। সেই দৃষ্টিত অসমীয়া ৱিকিপিডিয়াও সমানে গুৰুত্বপূর্ণ। নিজৰ মাতৃভাষাত ইন্টাৰনেটত কিবা পঢ়িবলৈ পোৱা নিশ্চয় এক বুজাব নোৱাৰা অনুভূতি। তদুপৰি ৱিকিত কিবা লিখিলে আত্মসন্তুষ্টি লাভ হয়। ৱিকিপিডিয়া সম্পাদনা কৰিলে নিজৰ জ্ঞান বঢ়াৰ লগতে আন বহুজন পাঠকৰ লাভ হয়।

যিহেতু মই অসমীয়া ৱিকিপিডিয়াত যোগদান কৰা মাত্ৰ তিনি মাহ হৈছে, সেয়ে এতিয়াও বহু কথা শিকিবলৈ আছে। এই ছেগতে বিভিন্ন ক্ষেত্ৰত সততে বহুমূলীয়া দিহা-পৰামৰ্শ দিয়া দিব্য দা আৰু গীতাৰ্থ দাক ধন্যবাদ জনালোঁ লগতে ৱিকিৰ আন অভিজ্ঞ সদস্য সকলো ধন্যবাদৰ পাত্ৰ। অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ এজন সদস্য হিচাপে গৌৰৱ অনুভৱ কৰোঁ।

শেষত অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ কামনাৰে…

"চিৰ চেনেহী মোৰ ভাষা জননী"

"জয় আই অসম" -অজয় দাস (বাৰ্তা) ৫ ফেব্ৰুৱাৰী, ২০১৬

জানুৱাৰী ২০১৬ ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. ‎আৰানমুলা কান্নাড়ি
  2. ভৱানী জামাক্কালাম
  3. অসম কাৰ্বি আংলং আদা
  4. কিন্নাল কাৰুশিল্প
  5. বিকানেৰী ভূজিয়া
  6. পায়্যন্নুৰ পৱিত্ৰ মথিৰাম
  7. তেজপুৰ লিচু
  8. নাঞ্জানাগড় কল
  9. হিমসাগৰ আম
  10. ‎ৰেচম
  11. ‎সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
  12. ‎পাট
  13. বেলটন ঘৰ
  14. ‎ফজলি আম
  15. ‎এৰী ৰেচম
  16. ভাৰতীয় মানক ব্যুৰো
  17. পুণেৰী পাগুৰী
  18. জৈৱিক ৰসায়ন
  19. ‎ইছলামী পৰিভাষা
  20. ‎জনসাধাৰণ
  21. বালুচড়ী শাড়ী
  22. জয়নগৰৰ মোৱা
  23. ‎জিহাদ
  24. মৌলবাদ
  25. ‎দেওলাংখুই
  26. দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬
  27. দক্ষিণ এছিয় ক্ৰীড়া
  28. অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়
  29. দাদাচাহেব ফাল্কে
  30. জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম
  31. ‎ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী
  32. এলুমিনিয়াম
  33. বশিষ্ঠাশ্ৰম দেৱালয়
  34. আতিফ আচলম
  35. ন’ৰা জ’নছ
  36. ‎চানডুবি বিল
  37. গুৱাহাটী যুদ্ধ সমাধিস্থান
  38. ইউনিক'ডত অসমীয়া-বাংলা লিপি
  39. আহোম ভাষা
  40. শৰৎচন্দ্ৰ চট্টোপাধ্যায়
  41. শংকৰদেৱ শিশু/বিদ্যা নিকেতন
  42. শিশু শিক্ষা সমিতি, অসম

পদক

পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিপিডিয়ান
অজয় দাস








উল্লেখনীয় কাম

ডিচেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৩৯৪০ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২১৯ টালৈ বৃদ্ধি পালে
ভাৰতৰ ভৌগোলিক স্বীকৃতি সম্পাদনা মেলা নামৰ 'ৱিকিপিডিয়া সম্পাদনা মেলা'ৰ অংশ হিচাপে ভাৰতৰ ভৌগোলিক স্বীকৃতিৰ লগত সম্পৰ্কৃত প্ৰায় ১৩ টা নতুন প্ৰবন্ধ সম্পূৰ্ণ কৰা হয়৷ অংশগ্ৰহণকাৰীসকল হৈছে: অজয় দাস আৰু দিব্য দত্ত

নিৰ্বাচিত চিত্ৰ

অন্যান্য

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ১২৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ১০৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ৫৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বিদ্যুৎ শৰ্মা ২৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ছাজিৰ আহমেদ ১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ১৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )