১২ ছেপ্টেম্বৰ
তাৰিখ
(ছেপ্টেম্বৰ ১২ৰ পৰা পুনঃনিৰ্দেশিত)
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
১২ ছেপ্টেম্বৰ (ইংৰাজী: 12 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৫তম (অধিবৰ্ষত ২৫৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১০টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৩৯৮ - তুৰ্কী অভিযানকাৰী টাইমূৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰততে লুণ্ঠন চলায়।
- ১৬২৪ - ইংলেণ্ডৰ টেমছ্ (থেমছ্) নদীত প্ৰথমবাৰৰ বাবে ক'ৰনেলিয়াছ ভন ড্ৰেবেলে (Cornelius Van Drebbel) ৰাজহুৱাকৈ ইংলেণ্ডৰ ৰজা জেমছ প্ৰথমৰ বাবে ছাবমেৰিনৰ পৰীক্ষণ কৰিছিল।
- ১৭৮৬ - লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল হয়।
- ১৯৬৬ - ভাৰতৰ মিহিৰ সেনে ৪০ মাইল দূৰত্বৰ দাৰদানেল (Dardanelles - গেলিপ'লি, ইউৰোপৰ পৰা ছেডুলবাহিৰ, এছিয়া মাইনৰ) ১৩ ঘণ্টা ৫৫ মিনিটত সাঁতুৰি পাৰ হৈ বিশ্বৰ প্ৰথম ব্যক্তি হৈ পৰে।
- ১৯৫৯ - ৰাছিয়ই লুনা-২ উৎক্ষেপণ কৰে চন্দ্ৰলৈ। প্ৰথমবাৰৰ বাবে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰা আৰু মহাকাশৰ যিকোনো বস্তুৰ সংস্পৰ্শত অহা মহাকাশযান।
- ১৯৭০ - চন্দ্ৰ অভিমুখে ৰাছিয়াৰ অনুসন্ধানী যান লুনা-১৬ৰ উৎক্ষেপণ কৰে। চন্দ্ৰত অৱতৰণ কৰি প্ৰথমবাৰৰ বাবে তাৰপৰা চন্দ্ৰশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়িয়াওৱা মহাকাশযান।
- ১৯৮৩ - ব্ৰজনাথ শৰ্মাক তেজপুৰৰ 'অনামিকা যুৱ শিল্পী সমাজ'ৰ দ্বাৰা আনুষ্ঠানিক 'অভিনয়াচাৰ্য' অভিধা প্ৰদান কৰা হয়।
- ২০০১ - ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু পেণ্টাগনত কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰে।
জন্ম
সম্পাদনা কৰক- ১৪৯৪ - ফ্ৰান্সিছ প্ৰথম, ফ্ৰান্সৰ ৰজা।
- ১৮৯৪ - বিভূতিভূষণ বন্দ্যোপাধ্যায়, প্ৰসিদ্ধ বঙালী সাহিত্যিক, তেওঁৰ প্ৰসিদ্ধ উপন্যাস হ’ল ‘পথেৰ পাঁচালি’।
- ১৮৯৭ - ইৰেন জোলিঅ কুৰী, ফৰাচী বিজ্ঞানী, ১৯৩৫ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯১২ - ফিৰোজ গান্ধী, সাংসদ তথা বিশষ্ট অৰ্থনীতিবিদ। তেওঁ ইন্দিৰা গান্ধীৰ স্বামী আৰু ৰাজীৱ গান্ধীৰ পিতৃ আছিল।
- ১৯১৩ - জেছি অ'ৱেন্স, ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ অন্যতম মহান এথ্লিট।
- ১৯১৪ - দীননাথ শৰ্মা, আৱাহন যুগৰ অসমীয়া গল্পকাৰ।
- ১৯৩৫ - হাৰ্ভি জে. অল্টাৰ, আমেৰিকান চিকিৎসা গৱেষক, ভাইৰাছবিদ আৰু চিকিৎসক।
- ১৯৪৫ - ৰিচাৰ্ড থেলাৰ, আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৫৮ - ৱিলফ্ৰেড বেনিটেজ, আমেৰিকাৰ বক্সিং খেলুৱৈ। বিশ্বৰ সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়ন খেলুৱৈ।
- ১৯৭৩ - প'ল ৱাকাৰ, হলীউডৰ অভিনেতা, ফাষ্ট এণ্ড ফিউৰিয়াছ কথাছবিৰ বাবে বিখ্য়াত।
- ১৯৮১ - জেনিফাৰ হাডছন, হলীউডৰ গায়িকা আৰু অভিনেত্ৰী।
- ১৯৮৮ - প্ৰাচী দেশাই, বলীউডৰ অভিনেত্ৰী।
- ১৯৯৪ - কিম নাম জুন (Kim Nam-joon) বা আৰ এম (RM or Rap Monster), দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় ৰেপ গায়ক।
মৃত্য়ু
সম্পাদনা কৰক- ১৮৬৯ - পিটাৰ মাৰ্ক ৰ'জেট (Peter Mark Roget), ইংৰাজ অভিধানবিদ আৰু উদ্ভাৱক।
- ১৯১৮ - মেক্সিমি বাচাৰ (Maxime Bôcher), আমেৰিকান গণিতজ্ঞ, এলজেব্ৰা, গণিতৰ সূত্ৰ আৰু শৃংখলাৰ ওপৰত ১০০ খন গৱেষণা পত্ৰ প্ৰকাশ কৰা বাবে বিখ্য়াত। (জঃ ২৮ আগষ্ট, ১৮৬৭)
- ১৯৯২ - এণ্ঠনী পাৰ্কিনছ, হলীউডৰ অভিনেতা।
- ২০০৩ - জনী কেছ, আমেৰিকান সংগীতজ্ঞ।
- ২০০৯ - নৰমান বৰলাগ (Norman Borlaug), আমেৰিকাৰ বিশ্ব বিখ্য়াত কৃষি বিজ্ঞানী, সেইজ বিপ্লৱৰ পিতৃ পুৰুষ, ন'বেল বিজয়ী।
- ২০১০ - স্বৰ্ণলতা, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ২০১৩ - ৰেই ডলবী (Ray Dolby), ডলবী শব্দ ব্য়ৱস্থাৰ উদ্ভাৱক আৰু ডলবী গৱেষণাগাৰৰ প্ৰতিষ্ঠাপক।
দিৱস
সম্পাদনা কৰক- ৰাষ্ট্ৰ সংঘৰ দক্ষিণ-দক্ষিণ সহযোগিতা দিৱস। (United Nations Day for South-South Cooperation)
- ৰাষ্ট্ৰীয় দিৱস (কেপ ভাৰ্দে)।
- প্ৰেৰণা দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১২ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |