ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০

(ৱিকিপিডিয়া:PT2ৰ পৰা পুনঃনিৰ্দেশিত)
প্ৰজেক্ট টাইগাৰ ২.০ - সম্পাদনা মেলা
বিৱৰণ নিয়মাৱলী অংশগ্ৰহণ পুৰস্কাৰ প্ৰবন্ধ তালিকা

২০১৭-২০১৮ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু গুগলে চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড চচাইটি (CIS) আৰু সদস্যৰ গোটসমূহৰ সৈতে লগ লাগি ভাৰতীয় ভাষাসমূহৰ ৱিকিপিডিয়াত স্থানীয়ভাবে প্ৰাসঙ্গিক আৰু উচ্চ মানদণ্ডৰ প্ৰবন্ধ সৃষ্টিক উদগণি যোগাবৰ বাবে এক কাৰ্যসূচী আৰম্ভ কৰে। এই কাৰ্যসূচীৰ অন্তৰ্গত সক্ৰীয় আৰু অভিজ্ঞ ভাৰতীয় ৱিকিমিডিয়ানসকলক ক্ৰ'মবুক আৰু ছমাহৰ বাবে ইণ্টাৰনেট ব্যৱহাৰৰ জলপানী দিয়াৰ ব্যৱস্থা কৰা হৈছে। ২০১৮ চনত হোৱা ইয়াৰ প্ৰথম সংস্কৰণটোত অসমীয়া ৱিকিপিডিয়া সমাজে ভাগ লোৱা নাছিল। ২০১৯ চনত অনুষ্ঠিত হৈছে ইয়াৰেই দ্বিতীয় সংস্কৰণটো, যাৰ নাম দিয়া হৈছে প্ৰজেক্ট টাইগাৰ ২.০ বা ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধি (Growing Local Language Content on Wikipedia, চমুকৈ GLOW)। ইয়াৰ লগত সংগতি ৰাখি এক এডিটাথন বা অনলাইন সম্পাদনা মেলাৰো আয়োজন কৰা হৈছে। অসমীয়া ৱিকিপিডিয়া সমাজে এইবাৰ এই সম্পাদনা মেলাত যোগদান কৰিছে। এই সম্পাদনা মেলা তিনি মাহ জুৰি চলিব। অধিক তথ্যৰ বাবে এই লিঙ্ক চাওক।

সময়সীমা: ১০ অক্টোবৰ, ২০১৯ - ১০ জানুৱাৰী, ২০২০

নিয়মাৱলী সম্পাদনা কৰক

চমুপথবোৰ:
WP:GLOW
WP:PT2
  • প্ৰবন্ধসমূহ নিৰ্ধাৰিত বিষয়বস্তুৰ তালিকাৰ ভিতৰত হ'ব লাগিব। আপুনি যদি কোনো নতুন বিষয় তালিকাভুক্ত কৰিব বিছাৰে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত বাৰ্তা দিয়ক।
  • প্ৰবন্ধসমূহ ১০ অক্টোবৰ ২০১৯ (০:০০ ভামাস) ৰ পৰা ১৫ জানুৱাৰী ২০২০ (২৩:৫৯ ভামাস) ৰ ভিতৰত সম্পাদনা (বিস্তাৰ অথবা সৃষ্টি) কৰা হ'ব লাগিব।
  • প্ৰবন্ধটোত তথ্যপেৰা বা আন সাঁচক বাদ দি কমেও ৯,০০০ বাইট আৰু কমেও ৩০০ টা শব্দ থাকিব লাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহ কেৱল যান্ত্ৰিকভাৱে অনুবাদ বা machine translation-ৰে সৃষ্টি কৰিলে নহ'ব। ইয়াক সঠিকভাবে কপিএডিট কৰিব লাগিব।
  • নতুন প্ৰবন্ধ অথবা বিস্তাৰিত প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
  • প্ৰবন্ধটো তথ্যসমৃদ্ধ হ'ব লাগিব।
  • কোনো আয়োজকৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ আন আয়োজকসলেহে চাব লাগিব।
  • কোনো প্ৰবন্ধ এই সম্পাদনা মেলাৰ গ্ৰহণযোগ্য হয় নে নহয় সেয়া বিচাৰকমণ্ডলীয়ে নিৰ্ধাৰণ কৰিব।
  • এই সম্পাদনা মেলাৰ অংশ হিচাপে সৃষ্টি কৰা প্ৰবন্ধসমূহ প্ৰজেক্ট টাইগাৰ ২.০ - সৃষ্টি কৰা প্ৰবন্ধ শ্ৰেণীত আৰু বিস্তাৰ কৰা প্ৰবন্ধসমূহ প্ৰজেক্ট টাইগাৰ ২.০ - বিস্তাৰিত প্ৰবন্ধ শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হ'ব।

অংশগ্ৰহণ সম্পাদনা কৰক

অংশগ্ৰহণ কৰক সম্পাদনা কৰক

প্ৰবন্ধ জমা কৰক সম্পাদনা কৰক

পুৰস্কাৰ সম্পাদনা কৰক

  • প্ৰতিমাহে তিনিজন অংশগ্ৰহণকাৰীক তেওঁলোকৰ বৰঙণিৰ ওপৰত ভিত্তি কৰি পুৰস্কৃত কৰা হ'ব। পুৰস্কাৰস্বৰূপে তেওঁলোকলৈ ক্ৰমে ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩,০০০ টকা, ২,০০০ টকা আৰু ১,০০০ টকা আগবঢ়োৱা হ'ব।
  • ব্যক্তিগত পুৰস্কাৰসমূহৰ লগতে তিনি মাহৰ অন্তত যি ভাষাৰ ৱিকিপিডিয়াত সৰ্বাধিক সংখ্যক প্ৰবন্ধ সৃষ্টি বা বিস্তাৰ কৰা হ'ব সেই ৱিকিপিডিয়াৰ সদস্যসকল পুৰস্কৃত কৰা হ'ব। পুৰস্কাৰস্বৰূপে তেওঁলোকৰ কৌশল বৃদ্ধিৰ বাবে এক তিনি দিনীয়া প্ৰশিক্ষণ কৰ্মশালা (capacity building training event) আয়োজন কৰা হ'ব। CIS-A2K আৰু WMF-এ আয়োজন কৰিব লগা এই কৰ্মশালাত ৪০ জন সদস্যই অংশগ্ৰহণ কৰিব পাৰিব।
  • সম্পাদনা মেলাত পৃথিৱীৰ যিকোনো দেশৰ ৱিকিমিডিয়ানেই অংশগ্ৰহণ কৰিব পাৰে, পিছে ব্যক্তিগত পুৰস্কাৰসমূহ কেবল ভাৰতত বাস কৰা ৱিকিমিডিয়ানসকলকহে প্ৰদান কৰা বাবে যোগ্য বুলি বিবেচনা কৰা হ'ব।

প্ৰস্তাবিত প্ৰবন্ধ তালিকা সম্পাদনা কৰক

গোলকীয় তালিকা সম্পাদনা কৰক

ভাৰতীয় তালিকা সম্পাদনা কৰক

গুগলৰ তালিকা সম্পাদনা কৰক

স্থানীয় তালিকা সম্পাদনা কৰক

এই প্ৰস্তাবিত তালিকাখন অসমীয়া ৱিকিপিডিয়াত নথকা কিছু গুৰুত্বপূৰ্ণ বিষয়কলৈ তৈয়াৰ কৰা হৈছে।

বিচাৰকৰ বাবে সম্পাদনা কৰক

কোনো প্ৰবন্ধ বিচাৰকমণ্ডলীয়ে এই সম্পাদনা মেলাৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচনা কৰাৰ পাছত অনুগ্ৰহ কৰি সেই প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত তলৰ প্ৰযোজ্য সাঁচটো যোগ কৰিব:

  • যদি প্ৰবন্ধটো নতুনকৈ সৃষ্টি কৰা হৈছে:
    • {{প্ৰজেক্ট টাইগাৰ ২.০}}
  • যদি পুৰণি প্ৰবন্ধ বিস্তাৰ কৰা হৈছে:
    • {{প্ৰজেক্ট টাইগাৰ ২.০|বিস্তাৰ=হয়}}

সৃষ্টি আৰু বিস্তাৰ কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক

প্ৰজেক্ট টাইগাৰ ২.০ সম্পাদনা মেলাৰ সময়ত ১৮৪ টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে আৰু টা প্ৰবন্ধ বিস্তাৰ কৰা হৈছে।

সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক

বিস্তাৰ কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক